ETV Bharat / bharat

ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড; ৭ গৰাকী লোকৰ মৃত্যু - MASSIVE FIRE AT PRIVATE HOSPITAL

এখন ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ডত শিশুসহ প্ৰায় ৭ গৰাকী লোকৰ মৃত্যু । আহতসকলক ওচৰৰে হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

Tamil Nadu Hospital Fire
ব্যক্তিগত চিকিৎসালয়ত অগ্নিকাণ্ড;৭ গৰাকী লোকৰ মৃত্যু (ANI)
author img

By ANI

Published : Dec 13, 2024, 12:05 PM IST

ডিণ্ডিগুল(তামিলনাডু): তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ড প্ৰায় ৭ গৰাকী লোকৰ মৃত্যু হয় । ২০ জনৰো অধিক লোক আহত হোৱা বুলি জানিব পৰা গৈছে । তামিলনাডুৰ ডিণ্ডিগুলৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হয় এই অগ্নিকাণ্ড । ডিণ্ডিগুল জিলাৰ আৰক্ষী অধীক্ষকে জনোৱা মতে এই অগ্নিকাণ্ড বৃহস্পতিবাৰে নিশা সংঘটিত হয় ।

এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে ডিণ্ডিগুল-ত্ৰিচি ঘাইপথৰ ওচৰৰ গান্ধী নগৰ অঞ্চলত থকা চিকিৎসালয়খনত নিশা জুইৰ সূত্ৰপাত হয় । ফলস্বৰূপে শিশুসহ ৭ গৰাকী লোকৰ মৃত্যু হয় । ২০ জনৰো অধিক লোক আহত হয় । ইফালে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । জানিব পৰা মতে অগ্নিকাণ্ডৰ ফলত সাধাৰণ ৰোগীকে ধৰি বহু লোক চিকিৎসালয়ৰ ভিতৰত আৱদ্ধ হৈ পৰে । এনে পৰিস্থিতিত ৩ খনতকৈও অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক উদ্ধাৰৰ বাবে ১০ খনতকৈও অধিক এম্বুলেন্স ঘটনাস্থলীত উপস্থিত হয় ।

ডিণ্ডিগুল জিলা উপায়ুক্ত এম এন পুংগোডিৰ মতে ৰোগীসকলক উদ্ধাৰ কৰি আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । সমগ্ৰ ঘটনাটোক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কিন্তু কি কাৰণত জুই লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অগ্নিকাণ্ডৰ পিছতে হাস্পতালখনত আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীয়ে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । নিশাই স্থানীয় বিধায়কো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

মৃতকৰ ভিতৰত ৩ গৰাকী মহিলা

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি অগ্নিকাণ্ডত এটি শিশু, ৩ জন পুৰুষ আৰু ৩ গৰাকী মহিলাসহ মুঠ ৭ গৰাকী লোকৰ মৃত্যু হয় । আন বহুতো লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত ভৰ্তি হৈ আছে ।

লগতে পঢ়ক :ভণ্ড তান্ত্ৰিকৰ কথা শুনি চুবুৰীয়াৰ সন্তানক হত্যা-Shravasti Child Murder - SHRAVASTI CHILD MURDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.