ETV Bharat / bharat

ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰাই প্ৰৱেশ কৰিলে গোড্ডাত

author img

By ETV Bharat Assamese Team

Published : Feb 3, 2024, 1:23 PM IST

Rahul Gandhi addressed people in Godda: ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশ হিচাপে গোড্ডাত ৰাইজক সম্বোধন কৰে । শনিবাৰে পুৱা পাকুৰৰ লিট্টিপাৰাৰ পৰা সুন্দৰমোদ হৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয় গোড্ডা সীমান্তত প্ৰৱেশ কৰে ।

Rahul Gandhi addressed people in Godda
গোড্ডাত ৰাহুল গান্ধী

গোড্ডাত ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, 3 ফেব্ৰুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেশজুৰি আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হৈছে ঝাৰখণ্ডৰ গোড্ডাত । শনিবাৰে পুৱা পাকুৰৰ লিট্টিপাৰাৰ পৰা সুন্দৰমোদ হৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কনভয় গোড্ডা সীমান্তত প্ৰৱেশ কৰে ।

কংগ্ৰেছ নেতা তথা প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী যেতিয়া গোড্ডাত উপস্থিত হয়, তেতিয়া কংগ্ৰেছ নেতাগৰাকীক সৰকান্দ চ’কত দলৰ নেতাসকলে উষ্ম আদৰণি জনায় । কংগ্ৰেছৰ বিধায়ক প্ৰদীপ যাদৱ আৰু কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক যুৱ মৰ্চা বিকাশ সিঙৰ নেতৃত্বত শতাধিক কৰ্মীয়ে তেওঁলোকৰ প্ৰিয় নেতা ৰাহুল গান্ধীক আদৰণি জনায় । পথৰ দুয়োকাষে শ্ৰমিক ৰাইজৰো ভিৰ দেখা পৰিলক্ষিত হয় ৷ লগতে কংগ্ৰেছ নেতাজনৰ সৈতে হাত মিলাই তেওঁক সম্ভাষণ জনায় শ্ৰমজীৱি লোকে ।

উল্লেখ্য যে, আগৰ কাৰ্যসূচী অনুসৰি ৰাহুল গান্ধী গোড্ডা শ্বহীদ স্তম্ভলৈ যাব লাগিছিল যদিও শেষ মুহূৰ্তত কাৰ্যসূচী সলনি হ'ল । এতিয়া ৰাহুল গান্ধীয়ে সৰকাণ্ডা চ’কৰ পৰা গোড়া মহাবিদ্যালয়লৈ খোজকাঢ়ি যাব বুলি জানিব পৰা গৈছে । ইয়াত পথৰ দাঁতিত বৃহৎ সংখ্যক লোক উপস্থিত হোৱাৰ লগতে সাধাৰণ ৰাইজে ফুলৰ ছটিয়াই কংগ্ৰেছ নেতাজনলৈ ।

উল্লেখ কৰা প্ৰয়োজন যে, সমগ্ৰ দেশজুৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাই প্ৰৱেশ কৰিছিল অসমতো ৷ এই সময়চোৱাত নানান অপ্ৰীতিকৰ ঘটনা-পৰিস্থিতিৰ মুখামুখি হোৱাৰ লগতে অসম কংগ্ৰেছৰ কেবাজনো নেতাক শাৰীৰিকভাৱে অপদস্থ কৰা পৰিলক্ষিত হৈছিল দুৰ্বৃত্তই ৷ সদৃশ অপ্পীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল চুবুৰীয়া পশ্চিমবংগত প্ৰৱেশ কৰাৰ পাচতো ৷ প্ৰত্যাহ্বান নেওচি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অব্যাহত ৰখা পৰিলক্ষিত হৈছে এই যাত্ৰা ৷

লগতে পঢ়ক: ন্য়ায় যাত্ৰাৰ মাজতে পশ্চিম বংগৰ মালদাত ৰাহুল গান্ধীৰ বাহনলৈ শিলগুটি নিক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.