ETV Bharat / bharat

ডেৰশ বছৰীয়া জন্মজয়ন্তীত বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ লগতে ভিন্নজনৰ - BIRSA MUNDA BIRTH ANNIVERSARY

প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ শুভাৰম্ভ কৰি বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তীত অংশগ্ৰহণ কৰে ।

Birsa Munda Birth Anniversary
বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ (ANI)
author img

By ANI

Published : Nov 15, 2024, 2:17 PM IST

নতুন দিল্লী: শুকুৰবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হৈছে 'জনজাতীয় গৌৰৱ দিৱস' । এই উপলক্ষে সংসদত ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ নাৰায়ণ সিঙে । আনহাতে, লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এইগৰাকী মহান জনজাতীয় নেতাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায় ।

উল্লেখ্য যে এই দিনটো দেশৰ জনজাতীয় সম্প্ৰদায়সমূহৰ অৱদান আৰু সাফল্যৰ স্বীকৃতি হিচাপে উদযাপন কৰা হয় । লগতে এগৰাকী বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা জনজাতীয় নেতা ভগৱান বীৰছা মুণ্ডাৰ কৰ্ম আৰু জীৱনৰ ওপৰত আলোকপাত কৰা হয় । ইয়াৰ পূৰ্বে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত সম্প্ৰদায়টোৰ পৰম্পৰাগত ঢোলত ছেও তুলিবলৈ চেষ্টা কৰে ।

দুয়োগৰাকী নেতাই জনজাতীয় সম্প্ৰদায়ৰ সাংস্কৃতিক ঐতিহ্যৰ অংশ মাদল বজাই এই দিৱস উদযাপনত অংশগ্ৰহণ কৰে । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে বিহাৰৰ জামুই ভ্ৰমণ কৰি জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ শুভাৰম্ভ কৰে আৰু বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্মজয়ন্তী উদযাপনত অংশগ্ৰহণ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰি পুৱা প্ৰায় ১১ বজাত ভগৱান বীৰছা মুণ্ডাৰ সন্মানত এটা স্মাৰক মুদ্ৰা আৰু ডাক টিকট উন্মোচন কৰে । আনহাতে, প্ৰধানমন্ত্ৰীয়ে ৬,৬৪০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰো উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব ।

এই প্ৰকল্পবোৰৰ লক্ষ্য হৈছে জনজাতীয় সম্প্ৰদায়বোৰক উন্নত কৰা আৰু গ্ৰাম্য আৰু দূৰৱৰ্তী অঞ্চলত আন্তঃগাঁথনি উন্নত কৰা । মোদীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযানৰ (পিএম-জনমান) অধীনত নিৰ্মাণ কৰা ১১,০০০ ঘৰৰ গৃহ প্ৰৱেশতো অংশগ্ৰহণ কৰিব ।

প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সুবিধা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী-জনমনৰ অধীনত ২৩ টা ভ্ৰাম্যমাণ চিকিৎসা গোটৰ (Mobile Medical Units, MMU) লগতে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ (Dharti Aaba Janjatiya Gram Utkarsh Abhiyan, DAJGUA) অধীনত আৰু ৩০ টা এম এম ইউ মুকলি কৰিব ।

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ ছিন্দৱাৰা আৰু জবলপুৰত দুটা জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় আৰু জম্মু-কাশ্মীৰৰ শ্ৰীনগৰ আৰু ছিকিমৰ গেংটকত দুটা জনজাতীয় গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰিব । এই সংগ্ৰহালয় আৰু প্ৰতিষ্ঠানসমূহে জনজাতীয় সম্প্ৰদায়ৰ সমৃদ্ধ ইতিহাস আৰু ঐতিহ্য সংগ্ৰহ তথা সংৰক্ষণ কৰিব ।

আনহাতে, এক্সৰ এটা পোষ্টত ৰাহুল গান্ধীয়ে লিখিছে, "জনজাতীয় মহান নায়ক ধৰতি আবা ভগৱান বীৰছা মুণ্ডাজীৰ জন্মজয়ন্তীত সন্মান জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । জনজাতীয় পৰিচয়ৰ বাবে তেওঁৰ সংগ্ৰাম আৰু পানী, অৰণ্য আৰু ভূমি সুৰক্ষাৰ বাবে তেওঁৰ ত্যাগে আমাক সদায় অনুপ্ৰাণিত কৰিব ।"

উল্লেখ্য যে ভাৰতীয় জনজাতীয় স্বাধীনতা সংগ্ৰামৰ নায়ক বীৰছা মুণ্ডাই চোটানাগপুৰ অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ক তেওঁলোকৰ স্বাধীনতাৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ ব্ৰিটিছ শাসনৰ বিৰুদ্ধে 'উলগুলান' (বিদ্ৰোহ) নামেৰে জনাজাত সশস্ত্ৰ বিপ্লৱৰ নেতৃত্ব দিছিল ।

তেওঁ ছোটানাগপুৰ মালভূমি অঞ্চলৰ মুণ্ডা জনজাতিৰ লোক আছিল । তেওঁ ব্ৰিটিছ উপনিবেশ স্থাপনৰ সময়ত ঊনবিংশ শতিকাৰ আৰম্ভণিতে বিহাৰ আৰু ঝাৰখণ্ড বেল্টত উদ্ভৱ হোৱা এক ভাৰতীয় জনজাতীয় গণ আন্দোলনৰ নেতৃত্ব দিছিল ।

লগতে পঢ়ক :ভাৰতৰ উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে: জ্যোতিৰাদিত্য সিন্ধিয়া
লগতে পঢ়ক :AQI 408; দিল্লীত বিষাক্ত বায়ুৱে জনজীৱনলৈ কঢ়িয়াইছে চৰম ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.