ETV Bharat / bharat

সংসদৰ কাৰ্যবিৱৰণীৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল বিৰোধী নেতা ৰাহুল গান্ধীৰ ভাষণৰ কিয়দংশ - 18th Lok Sabha session

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 12:35 PM IST

Updated : Jul 2, 2024, 1:17 PM IST

Rahul Gandhi’s Speech expunged : লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সোমবাৰে আগবঢ়োৱা প্ৰথমটো ভাষণে উত্তাল কৰি তুলিছিল সদনৰ মজিয়া ৷ বিজেপি আৰু আৰএছএছক সংখ্যালঘুৰ প্ৰতি হিংসা আৰু অন্যায় ব্যৱহাৰ কৰা বুলি ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰিছিল আৰু ইয়াৰ পাচতে সদনৰ মজিয়াত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ । প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক লক্ষ্য কৰি ৰাহুলে এই মন্তব্য আগবঢ়াইছিল সদনৰ মজিয়াত । ইয়াৰ পাচতে স্থগিত হৈছিল সদনৰ কাম-কাজ ৷ অধ্যক্ষৰ নিৰ্দেশত সংসদৰ কাৰ্যবিৱৰণীৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ৰাহুল গান্ধীৰ ভাষণৰ কিয়দংশ ৷

Rahul Gandhi’s Speech expunged
বিৰোধী নেতা ৰাহুল গান্ধী (ANI photo)

নেশ্যনেল ডেস্ক, 2 জুলাই : সোমবাৰে লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি আগবঢ়োৱা ভাষণৰ কিছু অংশ অধ্যক্ষৰ নিৰ্দেশত সংসদৰ কাৰ্যবিৱৰণীৰ পৰা প্ৰত্যাহাৰ কৰা হয় । লোকসভাত বিৰোধী দলপতিগৰাকীয়ে সংখ্যালঘু, NEET বিতৰ্ক আৰু অগ্নিপথ আঁচনিকে ধৰি বিভিন্ন বিষয়ত কেন্দ্ৰীয় চৰকাৰক লক্ষ্য কৰি প্ৰদান কৰা প্ৰথম ভাষণৰ কেইবাটাও অংশ অধ্যক্ষৰ নিৰ্দেশত সংসদৰ কাৰ্যবিৱৰণীৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে ।

গুচাই পেলোৱা অংশসমূহৰ ভিতৰত আছে হিন্দু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী-বিজেপি-আৰএছএছ আদি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য । সোমবাৰে বিজেপিৰ ‘জয় শ্ৰীৰাম’ ধ্বনিৰ মাজতে ৰাহুল গান্ধীয়ে লোকসভাত ‘জয় সংবিধান’ শ্ল’গানেৰে ভাষণ আৰম্ভ কৰে ।

হিন্দু ধৰ্ম মানে ভয়, ঘৃণা, মিছা কথা বিয়পোৱা নহয় বুলি দৃঢ়তাৰে দাবী কৰি গান্ধীয়ে বিজেপিয়ে আগবঢ়োৱা হিন্দু মূল্যবোধৰ ব্যাখ্যাৰ বাবে দলটোক সমালোচনা কৰে । হিন্দু, ইছলাম, শিখ, খ্ৰীষ্টান, বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰসংগ উত্থাপন কৰি গান্ধীয়ে ভগৱান শিৱ, গুৰু নানক আৰু যীচু খ্ৰীষ্টৰ ছবি তুলি লৈ নিৰ্ভীকতাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে ।

শাসকীয় পক্ষৰ সাংসদসকলে বিৰোধী দলপতিগৰাকীৰ এই বক্তব্যৰ প্ৰতিবাদ কৰাৰ সময়ত ৰাহুলে বিজেপিক সমালোচনা কৰি কয়, "আপুনি হিন্দু নহয় । হিন্দু ধৰ্মত স্পষ্টকৈ লিখা আছে যে সত্যৰ সৈতে থিয় দিব লাগে আৰু সত্যৰ পৰা পিছুৱাই যাব নালাগে বা ভয় খাব নালাগে ।" এই সন্দৰ্ভত যেতিয়া প্ৰধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰে তেতিয়া ৰাহুল গান্ধীয়ে কয়, "বিজেপি, আৰএছএছ বা মোদী হিন্দু ধৰ্মৰ ৰক্ষক নহয় ।’’

এই প্ৰসংগৰ পিছতে গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে মহাত্মা গান্ধীৰ জীৱন সম্বন্ধিত চিনেমাখন সন্দৰ্ভত আগবঢ়োৱা মন্তব্যৰ প্ৰতিক্ৰিয়া আগবঢ়াই কয়, "এয়া প্ৰধানমন্ত্ৰী মোদীৰ অজ্ঞানতা ৷ জাতিৰ পিতা অমৰ ।"

সামৰণি ভাষণত ৰাহুলে শাসকীয় দলটোক ভয় বা ঘৃণাসূচক বক্তব্য পৰিহাৰ কৰিবলৈ আহ্বান জনাই কয়, "বিৰোধীক আপোনাৰ শত্ৰু বুলি নাভাবিব । আপোনালোকে বিচৰা যিকোনো কথা আলোচনা কৰিবলৈ আমি সাজু । আহক আমি একেলগে কাম কৰি দেশখনক আগুৱাই লৈ যাওঁ ।"

লগতে পঢ়ক: লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত বিতৰ্ক; ৰাহুলে দিব বিৰোধীক নেতৃত্ব - 18th Lok Sabha session

NEET এটা বাণিজ্যিক পৰীক্ষা, কেৱল ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে পতা হৈছে : সদনত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ - 18th lok sabha 1st session

১ জুলাইৰ পুৱা ১১ বজালৈ স্থগিত লোকসভা কাৰ্যক্ৰমণিকা - 18th Lok Sabha 1st Session Day

NEET UG বিতৰ্ক : তদন্তৰ ভাৰ অৰ্পণ চি বি আইক - NEET UG 2024

NEET বিতৰ্ক: ইছৰোৰ প্ৰাক্তন অধ্যক্ষৰ নেতৃত্বত গঠন উচ্চ পৰ্যায়ৰ সমিতি - NEET ROW

Last Updated : Jul 2, 2024, 1:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.