ETV Bharat / bharat

ৰাহুল গান্ধীৰ তীব্ৰ আক্ৰমণৰ এদিন পিচত আজি লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণ - 18th Lok Sabha 1st Session

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 12:59 PM IST

PM Modi To Address Lok Sabha : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত সংসদৰ প্ৰথম অধিবেশনত শাসকীয় দলৰ সাংসদসকলৰ হৈ তেওঁৰ এয়া প্ৰথম ভাষণ হ'ব ।

PM Modi To Address Lok Sabha
লোকসভাত প্ৰধানমন্ত্ৰী মোদী (ETV Bharat)

নিউজ ডেস্ক, ২ জুলাই : লোকসভাত বিৰোধী দলপতি হিচাপে ৰাহুল গান্ধীৰ প্ৰথম ভাষণৰ এদিন পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সংসদৰ নিম্ন সদনত ভাষণ প্ৰদান কৰিব । মোদীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদ সূচক প্ৰস্তাৱৰ উত্তৰ দিব ।

আনহাতে, সংসদত ভাষণ দিয়াৰ পূৰ্বে মোদীয়ে এনডিএ সংসদীয় দলৰ বৈঠকত বক্তব্য ৰাখিব । তৃতীয়বাৰৰ বাবে কাৰ্যকালত অধিষ্ঠিত হোৱাৰ পিচত শাসকীয় ব্লকৰ সাংসদসকলৰ প্ৰতি এইটো তেওঁৰ প্ৰথম ভাষণ হ'ব ।

লক্ষণীয়ভাৱে, প্ৰধানমন্ত্ৰী মোদীয়ে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিচত সংসদৰ প্ৰথম অধিবেশনত শাসকীয় দলৰ সাংসদসকলৰ হৈ তেওঁৰ এয়া প্ৰথম ভাষণ হ'ব । আনহাতে, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় সম্পৰ্কীয় অনুদানৰ দাবীৰ ওপৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ স্থায়ী সমিতিৰ 143 আৰু 154 সংখ্যক প্ৰতিবেদনত সন্নিবিষ্ট পৰামৰ্শ বা পৰ্যবেক্ষণৰ কাৰ্যকৰীকৰণৰ স্থিতি সম্পৰ্কে এক বিবৃতি প্ৰদান কৰিব ।

তেওঁ আয়ুষ মন্ত্ৰালয়ৰ সৈতে সম্পৰ্কিত অনুদানৰ দাবীৰ ওপৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ স্থায়ী সমিতিৰ ১৪৫ সংখ্যক আৰু ১৫৩ সংখ্যক প্ৰতিবেদনত সন্নিবিষ্ট পৰামৰ্শসমূহৰ ৰূপায়ণৰ স্থিতিও অৱগত কৰিব । জে পি নাড্ডা, ৰাজ্যিক মন্ত্ৰী যাদৱ প্ৰতাপৰাও গণপতৰাও, জিতেন প্ৰসাদ, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে, ৰামনাথ ঠাকুৰ, নিত্যানন্দ ৰায়, সত্যপাল সিং বাঘেল, শোভা কাৰান্দলাজে, বি এল বাৰ্মা, এল মুৰুগান, অজয় তামতা, কমলেশ পাছোৱান, ৰৱনীত সিঙে মঙলবাৰে লোকসভাত নিজ নিজ বিভাগৰ কাগজ-পত্ৰ জমা দিব ।

উল্লেখ্য যে সোমবাৰে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতি হিচাপে প্ৰথম ভাষণতে ৰাজনৈতিক উত্তাপ সৃষ্টি কৰে । আনহাতে, বিজেপি নেতাসকলে তেওঁক 'মিছা কথা কোৱা, সদনক বিপথে পৰিচালিত কৰা আৰু সমগ্ৰ হিন্দু সম্প্ৰদায়ক হিংসাত্মক বুলি অভিহিত কৰা'ৰ অভিযোগ উত্থাপন কৰে । ইফালে কংগ্ৰেছে মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰতি-অভিযোগ উত্থাপন কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনৰ প্ৰচাৰত 'বিভাজনমূলক' ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰাৰ লগে লগে বিজেপি সদস্যসকলে বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যৰ ওপৰত বাৰে বাৰে আপত্তি জনোৱাৰ লগতে ৰাজ্যসভাতো অচল পৰিৱেশৰ সৃষ্টি হয় । দুয়োখন সদনে ৰাষ্ট্ৰপতিৰ ভাষণত ধন্যবাদ সূচক প্ৰস্তাৱৰ ওপৰত বিতৰ্ক গ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীক তেওঁৰ ভাষণৰ সময়ত সমালোচনা কৰে ।

লগতে পঢ়ক :NEET এটা বাণিজ্যিক পৰীক্ষা, কেৱল ধনী ছাত্ৰ-ছাত্ৰীৰ বাবে পতা হৈছে : সদনত ৰাহুল গান্ধীৰ উদাত্ত ভাষণ - 18th lok sabha 1st session
লগতে পঢ়ক :অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশনৰ সপ্তম দিন : সাংসদসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে দিব প্ৰথমটো ভাষণ - 18th Lok Sabha 1st Session

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.