ETV Bharat / bharat

শাসক-বিৰোধী নেতাৰ চাহমেল : প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাহুল গান্ধীকে ধৰি বিভিন্ন নেতাৰ অংশগ্ৰহণ - Parliament Budget Session 2024

author img

By ANI

Published : Aug 10, 2024, 8:10 AM IST

Tea Meeting at Lok Sabha : বৈঠকত প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাহুল গান্ধী তথা অন্যান্য বিৰোধী নেতাসকলৰ সৈতে সৌহাৰ্দমূলক ভাব বিনিময় কৰে । আনহাতে, বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ইউক্ৰেইন আৰু গাজাৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন সোধে ।

Tea Meeting at Lok Sabha
লোকসভাত চাহমেলৰ সময়ত উপস্থিত নেতাসকল (ANI Photo)

নিউজ ডেস্ক, 10 আগষ্ট : শুকুৰবাৰে সদন স্থগিত ৰখাৰ পিচত অক অনন্য দৃশ্য দেখিবলৈ পোৱা যায় । লোকসভা স্থগিত ৰখাৰ পিচত সংসদ চৌহদত আয়োজিত এক অনানুষ্ঠানিক চাহমেলত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা আন আন বিৰোধী দলৰ নেতাসকলে ।

বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে ৰাহুল গান্ধী তথা অন্যান্য বিৰোধী নেতাসকলৰ সৈতে শুভেচ্ছামূলক ভাব বিনিময় কৰা দেখা যায় । আনহাতে, লোকসভাত এই অনানুষ্ঠানিক বৈঠকৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ইউক্ৰেইন আৰু গাজাৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত প্ৰশ্ন সোধে ।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে উত্তৰত কয়, "ভাৰতে সমগ্ৰ পৰিস্থিতি অতি গভীৰভাৱে নিৰীক্ষণ কৰি আছে ।" উল্লেখ্য যে, সংসদৰ চলিত অধিৱেশন 12 আগষ্টত সমাপ্ত হোৱাৰ কথা আছিল । কিন্তু শুকুৰবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই দুয়ো সদন অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ঘোষণা কৰে । পৰম্পৰাগতভাৱে দুয়োখন সদন স্থগিত হোৱাৰ পিচত লোকসভাৰ অধ্যক্ষই সংসদত থকা সকলো ৰাজনৈতিক দলৰ নেতাসকলক এক পৰম্পৰাগত চাহমেলৰ বাবে আমন্ত্ৰণ জনায় ।

শাসকীয় দলৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, কিঞ্জাৰাপু ৰামমোহন নাইডু, চিৰাগ পাছোৱান, পীয়ুষ গোৱেলৰ লগতে সাংসদ সুদীপ বেনাৰ্জী আৰু কানিমোঝিক চাহমেলত উপস্থিত থকা দেখা যায় । ইয়াৰ পূৰ্বে ওম বিৰলাই অধিবেশনৰ কাৰ্যক্ৰমৰ এক বিতং বিৱৰণ প্ৰদান কৰে । তাত উল্লেখ কৰা হৈছে সদ্যসমাপ্ত অধিৱেশনত মুঠ 115 ঘণ্টাজুৰি 15 খন বৈঠক অনুষ্ঠিত হয় ।

উল্লেখ্য যে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে 23 জুলাইত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰে । ইয়াৰ ওপৰত 27 ঘণ্টা 19 মিনিট ধৰি আলোচনা চলে । বিৰলাই লগতে উল্লেখ কৰে যে অধিবেশনৰ সময়ত 12 খন চৰকাৰী বিধেয়ক উত্থাপন কৰা হয় আৰু চাৰিখন লোকসভাত গৃহীত হয় । তেওঁ অধিৱেশনৰ গঠনমূলক ফলাফলৰ প্ৰশংসা কৰে । এইবাৰ এই ফলাফল হৈছে উল্লেখনীয়ভাৱে 136 শতাংশ ।

লগতে পঢ়ক :কাৰাগাৰৰ পৰা ওলায়েই ছিছ’দিয়া পোনে পোনে গ'ল কেজৰিৱালৰ ঘৰলৈ - Manish Sisodia
লগতে পঢ়ক :২০৪০ চনৰ ভিতৰত চন্দ্ৰত পদাৰ্পণৰ লক্ষ্য ইছৰোৰ ! - ISRO Chairman Dr S Somnath

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.