ETV Bharat / bharat

দেশবাসীক মিলাদ-উন-নৱীৰ শুভেচ্ছা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ - Eid Milad 2024

author img

By ANI

Published : Sep 16, 2024, 12:49 PM IST

Milad Un Nabi 2024: দেশজুৰি ইছলাম ধৰ্মৰ লোকসকলে উদযাপন কৰিছে মিলাদ-উন-নৱী । ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ কেন্দ্ৰীয় নেতাসকলে বিশেষ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছে ।

Milad Un Nabi 2024
দেশবাসীক মিলাদ-উন-নৱীৰ শুভেচ্ছা ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ (ANI)

নেশ্যনেল ডেস্ক, ১৬ ছেপ্টেম্বৰ : আজি ইছলাম ধৰ্মীলোকসকলে উদযাপন কৰিছে ঈদ মিলাদ-উন-নৱী । এই বিশেষ ক্ষণত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লগতে বিভিন্নজনে দেশবাসীক শুভকামনা জনাইছে ।

  • প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে, "ঈদ মুবাৰক ! মিলাদ-উন-নৱী উপলক্ষে শুভেচ্ছা । সম্প্ৰীতি আৰু একতা সদায়ে বিৰাজ কৰক । চাৰিওফালে আনন্দ আৰু সমৃদ্ধি বিৰাজ কৰক ।"

  • ৰাষ্ট্ৰপতিৰ শুভেচ্ছা বাৰ্তা

দেশবাসীলৈ প্ৰেৰণ কৰা এক বাৰ্তাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে পয়গম্বৰ মহম্মদে সমতাৰ ওপৰত আধাৰিত এখন মানৱ সমাজৰ উদাহৰণ স্থাপন কৰিছিল । সামাজিক মাধ্যমৰ পোষ্টত তেওঁ লিখিছে, "পয়গম্বৰ মহম্মদৰ জন্মদিন পৱিত্ৰ মিলাদ-উল-নৱী উপলক্ষে মই সকলো দেশবাসীক, বিশেষকৈ মুছলমান ভাই-ভনীসকলক অভিনন্দন জনাইছো । পয়গম্বৰ মহম্মদে সমতাৰ ওপৰত আধাৰিত এখন মানৱ সমাজৰ এক আশ্চৰ্যকৰ উদাহৰণ স্থাপন কৰিছিল । তেওঁ ধৈৰ্য্যৰে সত্যৰ পথ অনুসৰণ কৰিবলৈও শিকাইছে । এই উপলক্ষে আমি সকলোৱে ব্যৱহাৰিক জীৱনত তেওঁৰ শিক্ষাসমূহ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিওঁ আৰু দেশৰ উন্নয়নৰ বাবে সক্ৰিয় হৈ থাকো ।"

  • কিৰেন ৰিজুজুৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজুজুৱেও মিলাদ-উন-নৱীৰ শুভেচ্ছা জনাই কয়, "মিলাদ-উন-নৱীৰ সকলোকে শুভেচ্ছা জনাইছো ! এই দিনটো আনন্দ, প্ৰেম আৰু এক নতুন উৎসাহেৰে ভৰি থাকক ।"

  • মল্লিকাৰ্জুন খাৰ্গেৰ শুভেচ্ছা

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয়, "সকলোকে ঈদ মিলাদ-উন-নৱী মুবাৰক । এই অনুষ্ঠানটোৱে আমাৰ জীৱনত শান্তি, সহানুভূতি আৰু সমৃদ্ধি কঢ়িয়াই আনিব আৰু সকলোৰে মাজত একতা, বন্ধুত্ব, দয়া আৰু সম্প্ৰীতি বৃদ্ধি কৰক ।" সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱেও ঈদ মিলাদ-উন-নৱী উপলক্ষে সকলোকে অভিনন্দন জনায় ।

লগতে পঢ়ক :পৰম্পৰা ভংগ কৰি কেজৰিৱালে পত্নীৰ পৰিৱৰ্তে আনক দিব নেকি মুখ্যমন্ত্ৰীৰ দায়িত্ব ? - Kejriwal to resign

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.