ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে মুকলি কৰিলে চেলা সুৰংগ - Sela Tunnel inauguration

Sela Tunnel inauguration: অৱশেষত মুকলি হ'ল বহু প্ৰতীক্ষিত চেলা সুৰংগ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অতি উচ্চতাৰ চেলা পাছৰ সুৰংগ ইটানগৰৰ পৰা ভাৰ্ছুৱেলী মুকলি কৰে । অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু উপস্থিত থাকে ।

Sela Tunnel inauguration
প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে মুকলি কৰিলে চেলা সুৰংগ
author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 4:46 PM IST

প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে মুকলি কৰিলে চেলা সুৰংগ

তেজপুৰ, ৯ মাৰ্চ : সাগৰপৃষ্ঠৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা হৈছে চেলা সুৰংগ । তেজপুৰৰ পৰা টাৱাং সংযোগী পথ আৰু চেলা পাছক ১৩,৭০০ ফুট উচ্চতাত বাইপাছেৰে সংযোগ কৰিব । বালিপৰা-চাৰিদুৱাৰ-টাৱাং ৰোডৰ ওপৰত এই সুৰংগ নিৰ্মাণ কৰা হৈছে । অতি উচ্চতাৰ দ্বি-লেনযুক্ত এই সুৰংগ মুকলিৰ লগে লগে ই গীনিজ ৱৰ্ল্ড ৰেকৰ্ডতো অন্তৰ্ভুক্ত হৈছে । কিয়নো এই উচ্চতাত বৰ্তমানলৈকে কোনো সুৰংগ নিৰ্মাণ হোৱা নাই ।

সুৰংগৰ বৈশিষ্ট্য : ২০১৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে চেলা সুৰংগৰ আধাৰশিলা স্থাপন কৰিছিল । তাৰ পিচত ১ এপ্ৰিলৰ পৰা সুৰংগৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল । ইয়াক মাত্ৰ ৫ বছৰতে সম্পূৰ্ণ কৰা হৈছে । কঠিন ভূখণ্ড, প্ৰতিকূল বতৰকে ধৰি বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে সীমান্ত পথ সংস্থাই সুৰংগটো নিৰ্মাণ কৰিছে । সুৰংগৰ দুয়োদিশৰ প্ৰৱেশদ্বাৰত ৰখা হৈছে ভগৱান বৌদ্ধৰ প্ৰতিমূৰ্তি ।

লগতে সুৰংগৰ ভিতৰৰ বেৰবোৰতো অৰুণাচল প্ৰদেশৰ বিভিন্ন জনজাতীয় আৰু পৰম্পৰাগত লোক-সংস্কৃতি অংকন কৰা হৈছে । চেলা সুৰংগ ব্যৱস্থাটো ১০০৩ মিটাৰ দৈৰ্ঘৰ দুটা সুৰংগৰে গঠিত আৰু ৮২৫ কোটি টকা ব্যয় সাপেক্ষে ক্ৰমে ১৫৯৫ মিটাৰ আৰু ৮.৬ কিলোমিটাৰ এপ্ৰ'চ আৰু লিংক ৰোড নিৰ্মাণ কৰা হৈছে । দ্বিতীয় সুৰংগটোৰ কাষতে এটা এস্কেপ টিউব আছে । নিৰ্মাণ কৰা এস্কেপ টিউব মূল সুৰংগৰ সমান্তৰালভাৱে প্ৰতিটোৰ পিচত ক্ৰছ পেচেজৰ সৈতে সংযুক্ত কৰা হয় ৫০০মিটাৰ । জৰুৰীকালীন অৱস্থাত এই এস্কেপ টিউবটো স্থানান্তৰ কৰি ব্যৱহাৰ কৰিব পৰা যাব ।

সুৰংগটোৰ উপকাৰিতা : প্ৰতিদিনে ৩,০০০ বাহন আৰু ২০০০ খন ট্ৰাকৰ যাতায়তৰ বাবে ডিজাইন কৰা হৈছে সুৰংগটো । ইয়াত বাহনৰ সৰ্বোচ্চ গতি প্ৰতি ঘণ্টাত ৮০ কিলোমিটাৰ । চেলা সুৰংগই কেৱল সাধাৰণ নাগৰিকৰ যাতায়তে নহয় সেনা তথা প্ৰতিৰক্ষা বাহিনীৰ যোগান ব্যৱস্থাও মসৃণ কৰি তুলিব ।

টাৱাং অঞ্চলৰ বাবে অৰ্থনৈতিক সমৃদ্ধি, বাণিজ্য, পৰ্যটন, নিয়োগ আৰু সামগ্ৰিক উন্নয়নত চেলা সুৰংগই এক নতুন যুগৰ সূচনা কৰিব । ইয়াৰ পূৰ্বে চেলা পাছলৈ যোৱা পথটো একক লেনযুক্ত আছিল যাৰ বাবে গধুৰ বাহন, কণ্টেইনাৰ ট্ৰাক আৰু ট্ৰেইলাৰ আদি টাৱাঙলৈ যোৱাত অসুবিধাৰ সৃষ্টি হৈছিল । তদুপৰি প্ৰতিকূল বতৰৰ বাবে বিশেষকৈ শীতকালত পথটোত যাতায়াত যথেষ্ট কষ্টকৰ আছিল ।

চেলা সুৰংগৰ কৌশলগত গুৰুত্ব : ১৩,৫০০ ফুটতকৈও অধিক উচ্চতাৰ চেলা সুৰংগ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সুৰংগ । চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত সেনা আৰু গধুৰ অস্ত্ৰ নিয়োগ কৰাটো সামৰিক বাহিনীৰ বাবে এক জটিল প্ৰত্যাহ্বান আছিল । ৫০০ মিটাৰ দৈৰ্ঘ্যৰ নেচিফু সুৰংগৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথত চেলা সুৰংগই নিৰাপদ কৌশলগত সংযোগ প্ৰদান কৰে ।

ইয়াৰ অবিহনে ১৪ হাজাৰ ফুট উচ্চতাৰ চেলা পাছৰ ওপৰেৰে টাৱাঙৰ সৈতে সংযোগ স্থাপন কৰাটো শীতকালত কমেও তিনিৰ পৰা চাৰি মাহৰ বাবে সেনাবাহিনীৰ বাবে এক বৃহৎ লজিষ্টিক প্ৰত্যাহ্বানৰ সৃষ্টি কৰে । ইয়াৰ ফলত ভাৰতীয় সেনাৰ চতুৰ্থ কৰ্পছৰ মুখ্য কাৰ্যালয় তেজপুৰৰ পৰা টাৱাঙলৈ যাত্ৰাৰ সময় কমেও ১০ কিলোমিটাৰ আৰু এঘণ্টা হ্ৰাস পায় । ইয়াৰ উপৰিও ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথক যিকোনো বতৰতে ব্যৱহাৰ কৰিব পৰা যাব ।

লগতে পঢ়ক :অৰুণাচলৰ ছেলা সুৰংগ মুকলি; প্ৰায় ৫৫ কোটি টকাৰ ব্যয়সাপেক্ষে মুকলি বিভিন্ন আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.