ETV Bharat / bharat

ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বাতিল বিমান সেৱা - Cyclonic Storm Remal - CYCLONIC STORM REMAL

Cyclone Remal scare : পশ্চিমবংগত তীব্ৰ বেগত গতি কৰিছে ঘূৰ্ণীবতাহ ৰেমলে । ফলত বিমান উৰণতো আহি পৰিছে বাধা ৷ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিমান যাত্ৰীসকল ।

Cyclone Remal scare
ঘূৰ্ণীবতাহ ৰেমলৰ বাবে বাতিল বিমান সেৱা (Etv Bharat)
author img

By ANI

Published : May 26, 2024, 3:06 PM IST

নেশ্যনেল ডেস্ক, ২৬ মে’ : উথলি উঠিছে সাগৰ, ফুলি উঠিছে নদী বক্ষ । সাগৰীয় ধুমুহাৰ এক ভয়ংকৰ ছবি । দীঘা, তাজপুৰ, সাগৰ, কাকদ্বীপ, ডাইমণ্ড হাৰ্বাৰ, গোছাবা, কুলতলিৰ পৰা মৌচুমী দ্বীপসমূহত কাৰ্যতঃ এক আতংক বিয়পাইছে অতি প্ৰবল ঘূৰ্ণীবতাহ ‘ৰেমলে’ । কলকাতাৰ কেনিঙৰ পৰা বৰ্তমান ১৫০ কিলোমিটাৰ দূৰত্বত প্ৰতি ঘণ্টাত ৯০-১০০ কিলোমিটাৰ গতিবেগত বলিছে ৰেমল ৷

ৰেমল ঘূৰ্ণীবতাহৰ বাবে বিমান উৰণতো আহি পৰিছে বাধা ৷ ৰেমল ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত কলকাতা বিমানবন্দৰত ২১ ঘণ্টাৰ বাবে বিমান সেৱা বন্ধ হৈ পৰিছে ৷ যাৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিমান যাত্ৰীসকল ।

যাত্ৰীসকলে অভিযোগ কৰা মতে, বিমান সংস্থাসমূহে তেওঁলোকৰ বিমান সেৱা বাতিলৰ বিষয়ে ই-মেইল বা পঞ্জীয়নভুক্ত ফোন নম্বৰৰ জৰিয়তে অৱগত কৰা নাই ৷ ফলত বিপাঙত পৰিছে বিমান যাত্ৰীসকল । সেয়ে কিছু বিমান যাত্ৰীয়ে বিমান সংস্থাৰ পৰা হোটেলৰ খৰচ আৰু খাদ্য ভাট্টা দিবলৈ দাবী কৰিছে ।

এগৰাকী বৃদ্ধ বিমান যাত্ৰীৰ পৰিয়ালৰ লোকে কয় যে প্ৰথমতে বয়সীয়াল বৃদ্ধ মহিলাগৰাকীক বিমানৰ বাবে অপেক্ষা কৰিবলৈ কোৱা হৈছিল আৰু তাৰে কিছু সময়ৰ পিছত তেওঁক কাউণ্টাৰলৈ মাতি নিয়ে৷ কাউণ্টাৰত তেওঁক কয় যে ফ্লাইট অভাৰবুক হৈ আছে ৷ সেয়ে তেওঁ চিট নাপাব । কাইলৈ পুনৰ বৃদ্ধ মহিলাগৰাকীক আহিবলৈ কোৱা হয় ৷

বিমান কৰ্তৃপক্ষই এই কথা কোৱাৰ লগে লগে ক্ষুব্ধ হৈ পৰে বৃদ্ধ মহিলাগৰাকীৰ আত্মীয় ৷ এতিয়া তেওঁ কয় যে এতিয়া বৃদ্ধ মহিলাগৰাকী উভতি যাব লাগিব আৰু কাইলৈ আকৌ আহিব লাগিব ৷ ইতিমধ্যে পুৱা ৫ বজাত হোটেলৰ পৰা ওলাই বিমানবন্দৰলৈ আহিছে ৷ তেতিয়াহে তেওঁলোকে গম পালে যে বিমানখন বাতিল কৰা হৈছে । ফলত তেওঁলোক অসুবিধাত পৰিছে ৷ সেয়ে তেওঁলোকৰ বিমান সংস্থাৰ পৰা হোটেল খৰচ আৰু খাদ্য ভাট্টা দিবলৈ দাবী কৰে ৷

আন এজন বিমান যাত্ৰীয়ে সংবাদ সংস্থা ANI ৰ আগত কয়, ‘‘আমি চিকিৎসাজনিত কাৰণত গুৱাহাটীৰ পৰা ইয়ালৈ আহিছিলো ৷ কিন্তু ঘূৰ্ণীবতাহৰ বাবে আমাক বিমান বাতিল কৰা হ'ল । আমাৰ বিমানখন আছিল ৮.৩০ বজাত আৰু আমি ইয়ালৈ আহিছিলো ৬ বজাত । আমাৰ পঞ্জীয়নভুক্ত নম্বৰত কোনো মেইল বা কোনো মেছেজ পোৱা নাছিলো বিমান কৰ্তৃপক্ষৰ তৰফৰ পৰা ৷’’

‘‘ইণ্ডিগ’ৰ পৰা এইটো আশা কৰা হোৱা নাছিল । আমি ইণ্ডিগোৰে কেবাবাৰো ভ্ৰমণ কৰিছো আৰু সদায় এটা ভাল অভিজ্ঞতা হৈ আহিছে । আমাৰ ইয়াত কোনো থকাৰ ব্যৱস্থা নাই । বিমান কৰ্তৃপক্ষই নিজেই পুনৰ নিৰ্ধাৰণ কৰিছে ২৮ মে'ত পুনৰ বিমান চলাৰ কথা । বিপদত পৰিছো আমি ৷ আইনগতভাৱে ইয়াৰ ব্যৱস্থা ল’ম ৷’’ বিমান যাত্ৰীগৰাকীয়ে কয় ৷

ইফালে কলকাতা বিমানবন্দৰ কৰ্তৃপক্ষৰ মতে, ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান দেওবাৰৰ দুপৰীয়াৰ পৰা সোমবাৰে পুৱা ৯ বজালৈ স্থগিত ৰখা হৈছে । ইয়াৰ ভিতৰত ১৭০ টা ঘৰুৱা আংশিক প্ৰস্থান আৰু ২৬ টা আন্তঃৰাষ্ট্ৰীয় আংশিক আগমন অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ৰেমালক লৈ কলকাতাত সতৰ্কবাণী, উত্তৰ-পূৱৰ ৰাজ্যতো পৰিব প্ৰভাৱ - Cyclone Remal

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.