ETV Bharat / bharat

৮ মন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত ল’ব ওমৰ আব্দুল্লাই

Omar Abdullah To Take Oath: নেশ্যনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাই জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত ল'ব ।

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2024, 12:37 PM IST

Omar Abdullah To Take Oath
৮ মন্ত্ৰীৰ সৈতে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে কৰিব শপতগ্ৰহণ (ANI)

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ: জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ বাবে ঐতিহাসিক দিন হ'ব ১৬ অক্টোবৰ । কিয়নো এই দিনটোত অৰ্থাৎ বুধবাৰে নেশ্যনেল কনফাৰেন্সৰ (এনচি) উপ-সভাপতি ওমৰ আব্দুল্লাই জম্মু-কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব । ৫ বছৰীয়া ৰাষ্ট্ৰপতি শাসনৰ অন্তত আব্দুল্লা হ'ব অঞ্চলটোৰ প্ৰথম মুখ্যমন্ত্ৰী । ডাল হ্ৰদৰ পাৰত থকা শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই এখন পত্ৰৰ জৰিয়তে ওমৰ আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰী পৰিষদক আমন্ত্ৰণ জনাইছে ।

ওমৰ আব্দুল্লা আৰু মন্ত্ৰী পৰিষদে ল'ব শপত

সিনহাই পত্ৰখনত লিখিছে,"জম্মু-কাশ্মীৰ চৰকাৰ গঠনৰ লগতে নেতৃত্ব দিবলৈ আপোনাক আমন্ত্ৰণ জনাই মই আনন্দিত । মই আপোনাক আৰু আপুনি পৰামৰ্শ দিয়া মন্ত্ৰী পৰিষদৰ সদস্যসকলক ১৬ অক্টোবৰৰ পুৱা ১১:৩০ বজাত এছকেআইচিচি শ্ৰীনগৰত শপতগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ।"

জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন অনুসৰি, মন্ত্ৰী পৰিষদ মুঠ ৯০ জন সদস্যৰ ১০ শতাংশ অতিক্ৰম কৰিব নোৱাৰিব । অৰ্থাৎ তেওঁ ৮ গৰাকী মন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব । অনুষ্ঠানটোৰ লগে লগে মন্ত্ৰীসকলৰ দপ্তৰ ভাগ-বাটোৱাৰা কৰা হ'ব ।

ৰাজধানী শ্ৰীনগৰৰ অসামৰিক সচিবালয়ৰ সৰ্বোচ্চ আসনসমূহত অনাগত দিনত মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে দখল কৰিব । এগৰাকী বিষয়াই জনোৱা মতে কেইবাগৰাকীও শীৰ্ষ আমোলাক নতুন কোঠালৈ স্থানান্তৰ কৰাৰ পিচত মন্ত্ৰীসকলৰ কাৰ্যালয়সমূহ সাজু কৰা হৈছে ।

২০১৮ চনত পিডিপি-বিজেপি মিত্ৰজোঁট চৰকাৰৰ পতনৰ লগে লগে জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনলৈ গৈছিল । য'ত আমোলাতন্ত্ৰই প্ৰশাসন চলোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল ।

উল্লেখ্য যে শেহতীয়া নিৰ্বাচনত নেশ্যনেল কনফাৰেন্সে ৪২ খন আসনৰ সৈতে এক বিশাল বিজয় সাব্যস্ত কৰে । মিত্ৰজোঁটৰ অংশীদাৰ কংগ্ৰেছ, কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (এম) আৰু ৫ গৰাকী নিৰ্দলীয় বিজয়ীৰ সৈতে অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰত চৰকাৰ গঠনৰ বাবে সাজু হৈছিল নেশ্যনেল কনফাৰেন্স । ইফালে এন চি বিধায়ক আৰু মিত্ৰশক্তিয়ে সৰ্বসন্মতিক্ৰমে ওমৰক জম্মু আৰু কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰে । ওমৰে ১১ অক্টোবৰত ৰাজ ভৱনলৈ সমৰ্থন পত্ৰ দাখিল কৰে ।

ইফালে, শপতগ্ৰহণ অনুষ্ঠানত এনডিএৰ অংশীদাৰ তথা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ উপস্থিত থকাৰ সম্ভাৱনা আছে । মল্লিকাৰ্জুন খাৰ্গেকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ উপৰিও বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী অনুষ্ঠানটোত উপস্থিত থাকিব বুলি আশা কৰা হৈছে । অৰবিন্দ কেজৰিৱাল, শাৰদ পাৱাৰ, অখিলেশ যাদৱ, উদ্ধৱ ঠাকৰে, ডি ৰাজা আৰু লালু প্ৰসাদ যাদৱকো অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক :ৰাষ্ট্রপতি শাসনৰ অৱসান ! জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী হ’ব ওমৰ আব্দুল্লা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.