ETV Bharat / bharat

ছলমান খান-বাবা ছিদ্দিকীৰ পুত্ৰক হত্যাৰ ভাবুকি: নয়ডাৰ পৰা গ্ৰেপ্তাৰ ২০ বছৰীয়া অভিযুক্ত - THREATENING TO KILL SALMAN KHAN

সন্দেহজনক মহম্মদ তৈয়ব বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । তেওঁক মুম্বাইলৈ ট্ৰেনজিট ৰিমাণ্ডত আনিবৰ বাবে ব্যৱস্থা কৰা হৈছে ।

Threatening To Kill Salman Khan
ছলমান খান আৰু মহম্মদ তৈয়ব (IANS/ANI)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 3:03 PM IST

নয়ডা : ১২ অক্টোবৰত গুলীয়াই হত্যা কৰা এন চি পিৰ নেতা বাবা ছিদ্দিকীৰ বিধায়ক-পুত্ৰ জীশান ছিদ্দিকীক মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগত নয়ডাত এজন ২০ বছৰীয়া 'প্ৰেংক কলাৰ'ক গ্ৰেপ্তাৰ কৰা হৈছে ।

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, বান্দ্ৰা আৰক্ষীৰ দলে আটক কৰা মহম্মদ তৈয়বে ৰগৰ কৰিবৰ বাবে কল কৰিছিল । আনহাতে, ট্ৰেনজিট ৰিমাণ্ডত তেওঁক মুম্বাইলৈ অনাৰ ব্যৱস্থা কৰা হৈছে । এই ফোনটো বান্দ্ৰা ইষ্টত অৱস্থিত ছিদ্দিকীৰ জনসম্পৰ্ক কাৰ্যালয়লৈ আহিছিল আৰু তাত ছলমান খান আৰু জীশান ছিদ্দিকীক মৃত্যুৰ ভাবুকি দিয়াৰ লগতে ধনদাবীও কৰিছিল ।

"ভাবুকিপূৰ্ণ ফোনটো শুকুৰবাৰে সন্ধিয়া আহিছিল । ফোনৰ সিমূৰৰ ব্যক্তিজনে জীশান চিদ্দিকী আৰু অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি দিছিল আৰু ধনদাবী কৰিছিল ।" আৰক্ষীয়ে কয় ।

এই কলটো লাভ কৰাৰ পিছত জীশানৰ কাৰ্যালয়ৰ এজন কৰ্মচাৰীয়ে এটা অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত নিৰ্মল নগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হয় । অনুসন্ধানৰ পিছত আৰক্ষীয়ে সন্দেহজনক ব্যক্তিজনক চিনাক্ত কৰে আৰু পৰৱৰ্তী সময়ত তেওঁক নয়ডা ছেক্টৰ 39-ৰ পৰা গ্ৰেপ্তাৰ কৰে ।

মুম্বাই আৰক্ষীয়ে প্ৰাৰম্ভিক সোধা-পোছাৰ সময়ত মহম্মদ তৈয়বৰ সৈতে এতিয়ালৈকে কোনো দলৰ সম্পৰ্ক বা মাফিয়াৰ সম্পৰ্ক লাভ কৰা নাই । এই ভাবুকিৰ আঁৰৰ উদ্দেশ্য আৰু যিকোনো সম্ভাৱ্য সহযোগী সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ।

ইয়াৰ পূৰ্বে মুম্বাই ট্ৰেফিক আৰক্ষীৰ ৱাটছএপ হেল্পলাইনত লাভ কৰা ভাবুকিবাৰ্তাৰ বাবে মুম্বাই আৰক্ষীয়ে জামছেদপুৰৰ পৰা ২৪ বছৰীয়া শ্বেখ হুছেইন শ্বেখ মৌচিনকো আটক কৰিছিল । তেওঁ মুক্তিপণ হিচাপে ৫ কোটি টকা দাবী কৰিছিল ।

উল্লেখ্য যে জীশানৰ পিতৃ তথা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতা বাবা জিয়াউদ্দিন ছিদ্দিকীক ১২ অক্টোবৰত বান্দ্ৰা পূবৰ নিৰ্মল নগৰৰ ওচৰত গুলীয়াই হত্যা কৰা হৈছিল । কেইবা দশক ধৰি কংগ্ৰেছৰ এগৰাকী প্ৰবীণ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুনীল দত্ত আৰু তেওঁৰ কন্যা প্ৰিয়া দত্তৰ ঘনিষ্ঠ সহযোগী বাবা ছিদ্দিকীয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত অজিত পাৱাৰৰ এন চি পিত যোগান কৰিছিল ।

ইফালে জীশানে এন চি পিৰ টিকটত মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে । তেওঁ ২৫ অক্টোবৰত দলৰ সভাপতি অজিত পাৱাৰ আৰু ৰাজ্যিক গোটৰ মুৰব্বী সুনীল তাতকাৰেৰ উপস্থিতিত এন চি পিত যোগদান কৰে আৰু তাৰ পিছতে তেওঁৰ মনোনয়ন ঘোষণা কৰা হয় । তেওঁ বান্দ্ৰা ইষ্টত শিৱসেনা-ইউ বি টি মনোনীত বৰুণ সৰদেশাইৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । মহাৰাষ্ট্ৰত ২০ নৱেম্বৰত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

ছলমান খানৰ নিৰাপত্তাৰ চিন্তা

ইফালে বাবা ছিদ্দিকীক হত্যাৰ পিছত অভিনেতা ছলমান খানৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । কিয়নো তেওঁ ছলমান খানৰ ঘনিষ্ঠ বন্ধু আছিল । কাৰাগাৰত থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ নেতৃত্বত দলটোৱে হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছিল । একেটা দলেই দীৰ্ঘদিন ধৰি ছলমান খানক ভাবুকি দি আহিছে । অভিনেতাগৰাকীৰ সৈতে জড়িত ১৯৯৮ চনৰ কুখ্যাত কৃষ্ণসাৰ হৰিণৰ চোৰাং চিকাৰ গোচৰৰ পৰা উদ্ভৱ হোৱা শত্ৰুতাৰ বাবেই এই পৰিস্থিতিৰ উদ্ভৱ হৈছে । এইবিধ হৰিণক বিষ্ণৈ সম্প্ৰদায়ে অতি শ্ৰদ্ধা কৰে ।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে বাবা ছিদ্দিকী গোচৰ সন্দৰ্ভত ইতিমধ্যে ১৫ জনক গ্ৰেপ্তাৰ কৰিছে । ২৬ অক্টোবৰত হত্যাৰ গোচৰৰ নজন অভিযুক্তক আৰক্ষীৰ জিম্মা সমাপ্ত হোৱাৰ পিছত মুম্বাইৰ এস্প্লেনেড আদালতত হাজিৰ কৰোৱা হয় ।

লগতে পঢ়ক :কাশ্মীৰত সেনাৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ; দুটাকৈ সন্ত্ৰাসবাদীক নিধন
লগতে পঢ়ক :এইবাৰ লৰেন্স গেঙৰ টাৰ্গেট আন এগৰাকী সাংসদ ! ফোনযোগে হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.