ETV Bharat / bharat

অৰুণাচল প্ৰদেশৰ চৰকাৰ গঠনত বিলম্ব হোৱাৰ আঁৰত আছে নেকি ৰহস্য ? - Arunachal CM Pema Khandu

author img

By ETV Bharat Assamese Team

Published : Jun 11, 2024, 8:34 PM IST

Arunachal CM Pema Khandu: অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি জয়লাভ কৰে ৷ মিত্ৰদলৰ পৰাও দলটোৰ লগত আছে আৰু ৭ খন আসন । তৎসত্বেও দলটোৱে ফলাফল ঘোষণাৰ ৯ দিনৰ পাচতো চৰকাৰ গঠন নকৰাত সৃষ্টি হৈছে ৰহস্যৰ ৷ এই সন্দৰ্ভত ই টিভি ভাৰতৰ এক প্ৰতিবেদন ৷

Arunachal CM Pema Khandu
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু (ETV BHARAT ASSAM)

তেজপুৰ, ১১ জুন: অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপি দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি তৃতীয়বাৰলৈ জয়ী হয় ৷ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৬০ জনীয়া বিধানসভাত বিজেপি দলে ৪৬খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে । ইয়াৰে ১০খন আসনত দলটোৱে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰে । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাচতো দলটোৱে ফলাফল ঘোষণাৰ ৯ দিনৰ পাচতো চৰকাৰ গঠন নকৰাত ৰহস্যৰ সৃষ্টি হৈছে ৷

Arunachal CM Pema Khandu
ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ (ETV BHARAT ASSAM)

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন:

উত্তৰ-পূবৰ ৰাজ্যখনত ১৯ এপ্ৰিলত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ ২ এপ্ৰিলত ঘোষণা কৰা হৈছিল ফলাফল ৷ ১০খন আসনত দলটোৱে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰাৰ বিপৰীতে বাকী ৫০খন আসনৰ বাবে হোৱা নিৰ্বাচনত বিজেপিয়ে ৩৬খন আসনত লাভ কৰে । কিন্তু একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাচতো অৰুণাচল প্ৰদেশৰ নতুন চৰকাৰ গঠনৰ বাবে বিজেপি দলে আজি পৰ্যন্ত ৰাজ্যপালক সাক্ষাৎ অথবা কোনো আবেদন নকৰাৰ কথা জানিব পৰা গৈছে । ১ জুনত সামৰণি পৰা দেশৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা কৰা হয় ৷ ৯ জুনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত পুনৰ নতুন চৰকাৰ গঠন হয় ।

লগতে পঢ়ক: ৪৬ খন আসন লাভেৰে অৰুণাচলত পুনৰ মচনদ দখল বিজেপিৰ; কংগ্ৰেছে পালে মাত্ৰ ১ খন আসন - Arunachal Assembly Election results

কি কয় ৰাজভৱনৰ সূত্ৰই:

এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত ৰাজভৱনৰ সৈতে যোগাযোগ কৰাত বিজেপিৰ নেতৃত্বৰ কোনো নেতাই বৰ্তমান সময়লৈকে নতুন চৰকাৰ গঠনৰ বাবে আবেদন দিয়া নাই বুলি এটা সূত্ৰই জানিবলৈ দিয়ে । ইয়াৰ পাচতেই সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ ৷ কিহৰ বাবে ৰাজ্যখনৰ বিজেপি দলে চৰকাৰ গঠনৰ বাবে পলম কৰিছে ? মন্ত্ৰিত্ব প্ৰদানক লৈ সমস্যাত পৰিছে নেকি ৰাজ্যিক বিজেপি ? এনে প্ৰশ্নই এতিয়া জুমুৰি মাৰি ধৰিছে সকলোকে ৷

পেমা খণ্ডুক চৰকাৰ চলাই যোৱাৰ নিৰ্দেশনা ৰাজ্যপালৰ:

২ জুনত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰিবলৈ ৰাজভৱনত উপস্থিত হয় ৷ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে পদত্যাগ পত্ৰ গ্ৰহণ কৰি নতুন চৰকাৰ গঠন নকৰা পৰ্যন্ত তেওঁকেই কাৰ্যালয় চলাই যাবলৈ নিৰ্দেশ দিয়ে । এই বিষয়ে মুখ্যমন্ত্ৰী খাণ্ডুৱে তেওঁৰ "X" ৰ জৰিয়তে জনায় ৷

লগতে পঢ়ক: পুনৰ বিজেপিৰ দখলত অৰুণাচলৰ ৰাজপাট, ছিকিমত চলিব ক্ৰান্তিকাৰি মৰ্চাৰ শাসন - Assembly Election Results 2024

চৰকাৰ গঠনক লৈ হৈছে বিলম্ব:

সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত প্ৰাপ্ত জনাদেশ অনুসৰি যিকোনো সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ নেতৃত্বত পুনৰ এখন প্ৰায় বিৰোধীশূন্য চৰকাৰে শপতগ্ৰহণ কৰিব পাৰে । আশা কৰা মতে বিজেপি বিধায়িনী দলৰ নেতা হিচাবে পেমা খাণ্ডু পুনৰ নিৰ্বাচিত হোৱাৰ লগে লগে দলটোৱে ৰাজ্যপালক সাক্ষাৎ কৰি দলৰ সংখ্যাগৰিষ্ঠতাৰ হিচাব দাখিল কৰাৰ পিচতে ৰাজ্যপালে দলটোক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনাব । কিন্তু এই মুহূৰ্তলৈকে বিজেপি দলৰ ফালৰ পৰা প্ৰচেষ্টাৰ কোনো ইংগিত পৰিলক্ষিত হোৱা নাই ৰাজধানী চহৰ ইটানগৰত । অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত তৃতীয়বাৰৰ বাবে পুনৰ চৰকাৰ গঠনৰ শপতগ্ৰহণ কাৰ্যসূচীত মুখ্যমন্ত্ৰী খাণ্ডুসহ গৰিষ্ঠ সংখ্যক বিধায়ক নতুন দিল্লীত উপস্থিত আছিল । দিল্লীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ গঠনৰ বাবেই অৰুণাচল প্ৰদেশৰ চৰকাৰ গঠনত বিলম্ব হোৱা বুলিও দলীয় আন এক সূত্ৰই জানিবলৈ দিছে ।

লগতে পঢ়ক: পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচলত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ! - ARUNACHAL ASSEMBLY POLL 2024

অৰুণাচলত কোনে দলে লাভ কৰিলে কিমান আসন:

বিজেপিয়ে ৬০ টা বিধানসভা সমষ্টিৰ ৪৬ টা সমষ্টিত নিজৰ আধিপত্য ৰাখিবলৈ সক্ষম হৈছে । ইয়াৰ বিপৰীতে নেচনেল পিপলছ পাৰ্টি, এন পি পিয়ে ৫ খন আসনত জয়লাভ কৰে ৷ এন চি পি আৰু নিৰ্দলীয়ই ৩ খনত নিজৰ ধৰা অক্ষুণ্ণ ৰাখে ৷ আনহাতে পিপলছ পাৰ্টী অৱ অৰুণাচল চমুকৈ পি পি এই ২ খন আসনত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে মাত্ৰ এখন আসনতে সন্তুষ্ট থাকিবলগীয়া হয় ।

৬০ জনীয়া বিধানসভা আসনৰ ভিতৰত যি কোনো ৰাজনৈতিক দলক চৰকাৰ গঠন কৰিবলৈ লাগে ৩১ আসন ৷ কিন্তু বিজেপিয়ে ৪৬ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠ লাভ কৰে । এন পি এ আৰু পি পি এ দুয়োটা দলৰ বিজেপিৰ লগত মিত্ৰতা আছে । এন পি পিৰ বিজেপিৰ লগত পোনপটীয়াকৈ মিত্ৰতা থকাৰ বিপৰীতে পি পি এৰ নেডাৰ লগত মিত্ৰতা আছে । এই দিশৰ পৰা বিজেপিৰ লগত মিত্ৰদলৰ পৰা আৰু ৭ খন আসন থাকিব । নিৰ্দলীয়, এন চি পি আৰু কংগ্রেছ দল মিলি বিৰোধী শিবিৰত ৭ খন আসন থাকিব ।

লগতে পঢ়ক: 12 ঘণ্টাৰ দুৰ্গম পথ নেওচি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা উভতিল নিৰ্বাচনী বিষয়াৰ দল - Remote polling stations

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.