ETV Bharat / bharat

তিনি নাবালকৰ ধৰ্ষণৰ বলি নাবালিকা; শাস্তিৰ ভয়ত নাবালিকাক গতিয়াই দিলে পুখুৰীলৈ - MINOR GIRL RAPED IN ANDHRA PRADESH

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 12:11 PM IST

Minor Girl Raped in Andhra Pradesh: অন্ধ্ৰপ্ৰদেশত তিনি নাবালকে ধৰ্ষণ কৰিলে এগৰাকী আঠ বছৰীয়া কন্যাক ৷ সমগ্ৰ ঘটনা গাপ দিবলৈ পুখুৰীত পেলাই দিলে নাবালিকাগৰাকীক ৷ এই ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আৰক্ষীয়ে নাবালিকাগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

MINOR GIRL RAPED IN ANDHRA PRADESH
নাবালিকা ধৰ্ষণ (Etv Bharat)

নেশ্যনেল ডেস্ক, 12 জুলাই: অন্ধ্ৰপ্ৰদেশৰ নন্ধ্যাল জিলাত সংঘটিত হৈছে দলবদ্ধ ধৰ্ষণৰ ঘটনা ৷ এগৰাকী আঠ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰে তিনিজনকৈ নাবালকে ৷ যি ঘটনা পোহৰলৈ অহাৰ পিছত সৃষ্টি হৈছে চাঞ্চল্য ৷ আৰক্ষীয়ে বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷ এই লোমহৰ্ষক কাণ্ডটো সংঘটিত হোৱাৰ পিচত ঘটনাস্থলীৰ কাষতে থকা এটা পুখুৰীত পেলাই দিয়া হৈছিল ভুক্তভোগীক ৷

ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, অন্ধ্ৰপ্ৰদেশৰ পাগিদিয়ালা মণ্ডলৰ পৰা এজনী আঠ বছৰীয়া নাবালিকা বিগত তিনিদিন পূৰ্বৰে পৰা নিৰুদ্দেশ হৈ আছিল । কন্যা সন্তানটিৰ পিতৃয়ে ওচৰৰ আৰক্ষী থানালৈ গৈ নিৰুদ্দেশ সন্দৰ্ভত দাখিল কৰিছিল এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ছোৱালীজনীৰ সন্ধান উলিয়াবলৈ অভিযান অব্যাহত ৰাখে ৷

লগতে পঢ়ক: দুধনৈত ধৰ্ষণ-হত্যাকাৰীৰ বাসগৃহত প্ৰশাসনৰ উচ্ছেদ অভিযান - Dudhnoi Rape and Murder case

পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিতে ঘটনাটোত অভিযুক্ত তিনিওজন নাবালকক আটক কৰি সোধ-পোছ কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে ৷ অভিযুক্ত কেইজনে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল যে, তেওঁলোকে ঘৰৰ সমীপৰে এখন উদ্যানত খেলি থকা নাবালিকাজনীক হান্দ্ৰিনীভা সুজলা জলসিঞ্চন আঁচনিৰ অন্তৰ্গত এটা পুখুৰীৰ পাৰলৈ অতি কৌশলেৰে মাতি নি ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰে ৷

উল্লেখ্য যে, নাবালক তিনিজনে ধৰ্ষণকাণ্ড সংঘটিত কৰাৰ পিচত এই কথা জনচক্ষুৰ সন্মুখলৈ অহাৰ ভয়তে নাবালিকাগৰাকীক পুখুৰীটোত গতা মাৰি পেলাই দিয়ে ৷ আৰক্ষীয়ে এতিয়া নাবালিকাগৰাকীৰ সন্ধানত অব্যাহত ৰাখিছে অভিযান ৷

বুধবাৰে পুৱাৰ পৰা সন্ধিয়ালৈকে স্থানীয় মাছমৰীয়াসকলে নাবালিকাজনীক বিচাৰি সন্ধানকাৰ্য অব্যাহত ৰাখিছিল ৷ সাঁতোৰবিদসকলেও এই কাৰ্যত সহায় আগবঢ়ায় ৷ প্ৰত্যক্ষদৰ্শীয়ে প্ৰকাশ কৰা ভাষ্য অনুসৰি, নাবালিকাগৰাকীক চাৰিজন নাবালকে পুখুৰীটোৰ পাৰলৈ নিছিল ৷ অৱশ্যে অভিযুক্তই আৰক্ষীৰ আগত তিনিজন নাবালকেহে ঘৃণনীয় কাণ্ডটো সংঘটিত বুলি ষ্পষ্টীকৰণ দিছে ৷ এই ভাষ্যৰ ভিত্তিতে আৰক্ষীয়ে নাবালক তিনিজনক আটক কৰিছে ৷ বৰ্তমানলৈকে নাবালিকাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই আৰক্ষীয়ে ৷

লগতে পঢ়ক: প্ৰথমে নাবালিকাক সৰবৰাহ, তাৰ পিচত ধৰ্ষণ কৰি হত্যা... - MINOR GIRL raped and murdered

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.