ETV Bharat / bharat

মাইক্ৰ’ছফ্টৰ চি ই অ’ বিল গেটছে সাক্ষাৎ কৰিলে নাগপুৰৰ ডলী চাইৱালাক - Viral Video

Dolly Chaiwala In Nagpur : নাগপুৰৰ বিখ্যাত ডলী চাইৱালাক সাক্ষাৎ বিল গেটছৰ ৷ তেওঁ এই সাক্ষাতৰ এটা ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৷

Dolly Chaiwala In Nagpur
ডলী চাইৱালাক সাক্ষাৎ বিল গেটছৰ
author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 7:27 PM IST

বিল গেটছে সাক্ষাৎ কৰিলে নাগপুৰৰ ডলী চাইৱালাক

নিউজ ডেস্ক, 29 ফেব্ৰুৱাৰী : বৰ্তমান ভাৰত ভ্ৰমণত আছে মাইক্ৰ’ছফ্টৰ সহ-প্ৰতিষ্ঠাপক বিল গেটছ ৷ বুধবাৰে তেওঁ নাগপুৰৰ বিখ্যাত ডলী চাইৱালাক সাক্ষাৎ কৰে ৷ কেৱল এয়াই নহয়, তেওঁ এই সাক্ষাতৰ এটা ভিডিঅ’ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে ৷ চাহ আৰু চাইৱালা এই দুয়োটা শব্দই বিগত কেইবছৰমানৰ পৰা আমাৰ দেশত মাজে মাজে শুনা যায় ৷ একেদৰে নাগপুৰৰ বিখ্যাত চাইৱালা ডলীৰ জনপ্ৰিয়তাও ছ’চিয়েল মিডিয়াত দিনক দিনে বৃদ্ধি পাইছে ৷ ডলীৰ চাহৰ সোৱাদ যিমানেই ভাল, তাতোতকৈও ভাল তেওঁৰ চাহ পৰিৱেশনৰ শৈলী ৷ ডলী বৰ্তমান নাগপুৰৰ এগৰাকী চেলিব্ৰিটি ৷ তেওঁৰ ফেন লিষ্টত শ শ নাম আছে ৷

ডলীৰ ফেন লিষ্টত শেহতীয়াকৈ আন এটা নাম সংযোগ হৈছে ৷ সেইজনেই হৈছে বিখ্যাত বিল গেটছ ৷ ডলী আৰু বিল গেটছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ বিল গেটছে এই ভিডিঅ’টো নিজৰ ইনষ্টাগ্ৰাম একাউন্টত শ্বেয়াৰ কৰিছে ৷ সেইবাবে আজি ডলী পুনৰ লাইমলাইটত আছে ৷ ডলীৰ প্ৰকৃত নাম সুনীল মাৰুতি পাটিল ৷ অৱশ্যে তেওঁৰ বিশেষ শৈলীৰ বাবে তেওঁক জনপ্ৰিয়ভাৱে ডলী নামেৰে জনা যায় ৷ অঞ্চলটোৰ পুৰণি ভি চি এ খেলপথাৰৰ ওচৰত চাহ বিক্ৰী কৰে তেওঁ ৷ ‘ডলী কি তাপৰি’ নামেৰে তেওঁৰ চাহ সমগ্ৰ দেশতে বিখ্যাত হৈ পৰিছে ৷

29 বছৰীয়া ডলীয়ে বিগত 10 বছৰ ধৰি চাহ বিক্ৰী কৰি আহিছে ৷ কেপ্তেইন জেক স্পেৰ’ৰ লুকত ডলীক সদায় দেখা যায় আৰু তেওঁৰ ষ্টাইলে সদায় গ্ৰাহকক আকৰ্ষণ কৰি আহিছে ৷ যদিও ডলী হলিউডৰ এজন অভিনেতাৰ দ্বাৰা প্ৰভাৱিত, তথাপিও তেওঁ কেতিয়াবা ৰজনীকান্তৰ শৈলীত আৰু কেতিয়াবা দক্ষিণৰ আন অভিনেতাৰ শৈলীত গ্ৰাহকক চাহ পৰিৱেশন কৰে ৷ কেতিয়াবা কেতিয়াবা গান শুনি শুনি তেওঁ গ্ৰাহকক চাহ পৰিৱেশন কৰে ৷

ডলী আৰু তেওঁৰ চাহৰ অনুৰাগী ইমানেই বিশাল যে বহু সময়ত তেওঁৰ চাহ ষ্টললৈ অহা গ্ৰাহকে চেলফি নোলোৱাকৈ ওলাই নাযায় ৷ ডলীৰ চাহ পৰিৱেশনৰ ভিন্ন ষ্টাইল এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয় ৷ ডলীয়ে দ্বাদশ মানলৈকে পঢ়িছিল ৷ তেওঁৰ পৰিয়ালত সাতজন ভাতৃ আৰু তেওঁৰ মাতৃ আছে ৷ পৰিয়ালৰ সদস্যসকলৰ বাবে ডলীয়ে এই স্বীকৃতি লাভ কৰিছিল ৷ ডলীয়ে নিজৰ ষ্টাইল আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিদিনে হাজাৰ হাজাৰ কাপ চাহ বিক্ৰী কৰে ৷

লগতে পঢ়ক : বেংগালুৰু মেট্ৰ'ত কৃষকক প্ৰৱেশত বাধা; চৰকাৰ আৰু বিএমআৰচিএললৈ জাননী মানৱ অধিকাৰ আয়োগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.