ETV Bharat / bharat

উত্তৰাখণ্ডৰ চম্পাৱতত দুৰ্ঘটনা; আহত প্ৰায় ১৪ গৰাকী - Uttarakhand accident

Uttarakhand accident: বিৰগুল ৰোডৰ এটা দ' খাৱৈত বাগৰি পৰে যাত্ৰীভৰ্তি বাহন । প্ৰায় ১৪ গৰাকী যাত্ৰী আহত হয় । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:38 AM IST

Uttarakhand accident
উত্তৰাখণ্ডৰ চম্পাৱতত দুৰ্ঘটনা;আহত প্ৰায় ১৪ গৰাকী (ETV Bharat)

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : পাহাৰীয়া ৰাজ্য উত্তৰাখণ্ডত এটাৰ পিচত আন এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে । চম্পাৱত জিলাত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন যাত্ৰীবাহী বাহন বিৰগুল ৰোডৰ এটা দ' খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাটোত প্ৰায় ১৪ গৰাকী লোক গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আটাইকেইগৰাকী আহতক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আটাইকেইগৰাকী আহত লোহাঘাট চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আনহাতে দুৰ্ঘটনাটোত দুগৰাকী লোক গুৰুতৰভাৱে আহত হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে আন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

দ' খাৱৈত বাগৰি পৰিল যাত্ৰীভৰ্তি বাহন

চম্পাৱত আৰক্ষী নিয়ন্ত্ৰণ কক্ষই পোৱা তথ্য অনুসৰি UK-০৩-TA-০০৪৩ নম্বৰৰ বাহনখন নিয়ন্ত্ৰণহীন হৈ বিৰগুল ৰোডৰ এটা দ' খাৱৈত বাগৰি পৰে । বাহনখনত প্ৰায় ১৫ ৰ পৰা ২০ গৰাকী লোক আছিল । স্থানীয় লোকসকলে আৰক্ষী আৰু প্ৰশাসনক দুৰ্ঘটনাটোৰ বিষয়ে খবৰ দিয়ে । তথ্য লাভ কৰাৰ পিচত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে ১৪ গৰাকী আহতক লোহাঘাট উপ-জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

দুৰ্ঘটনাৰ কাৰণ

জানিব পৰা মতে দুৰ্ঘটনাটোত আহত ১২ গৰাকী লোক উপ-জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আটাইকেইগৰাকী আহত চম্পাৱত জিলাৰ বাসিন্দা । দুৰ্ঘটনাটোৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । প্ৰত্যক্ষদৰ্শীৰ মতে বাহনখনত যাত্ৰীৰ সংখ্যা অধিক আছিল । যাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন দ' খাৱৈত বাগৰি পৰে । অৱশ্যে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :খহি পৰিল ছত্ৰপতি শিৱাজীৰ বৃহদকাৰ প্ৰতিমূৰ্তি: বিৰোধীৰ তীব্ৰ সমালোচনা - Shivaji Maharaj statue collapsed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.