ETV Bharat / bharat

সিদ্ধেশ্বৰ নাথ মন্দিৰত পদপিষ্টৰ ঘটনা: থিতাতে মৃত্যু 7 গৰাকীকৈ ভক্তৰ, আহত 9 - Stampede tragedy in Bihar

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 9:47 AM IST

Stampede In Bihar: মন্দিৰ প্ৰাংগণত পদপিষ্ট হৈ থিতাতে প্ৰাণ গ’ল 7 গৰাকীকৈ ভক্তৰ ৷ শাওণ মাহৰ চতুৰ্থটো সোমবাৰে সংঘটিত হৈছে এই কৰুণ ঘটনাটো ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 9 ভক্ত ৷

several-devotees-died and injured In Stampede At Bihar Temple Allegedly After Volunteers Lathi-Charged
মন্দিৰত পদপিষ্ট হৈ থিতাতে মৃত্যু 7 গৰাকীকৈ ভক্তৰ (ETV Bharat)

নেশ্যনেল ডেস্ক, 12 আগষ্ট: বিহাৰৰ জেহানাবাদ জিলাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ জিলাখনত অৱস্থিত এটা মন্দিৰত দেওবাৰৰ নিশা অভূতপূৰ্ব ভিৰ হৈছিল ভক্তৰ ৷ স্বেচ্ছাসেৱকে বলপূৰ্বকভাৱে ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ লওতেই সংঘটিত হয় পদপিষ্টৰ ঘটনা ৷ ঘটনাস্থলীতে ততালিকে 7 গৰাকীকৈ ভক্তই মৃত্যুক সাৱটি লয় ৷ ইয়াৰে ভিতৰত আছে পাঁচগৰাকী মহিলা ৷

বৰাৱৰ পাহাৰত অৱস্থিত সিদ্ধেশ্বৰ নাথ মন্দিৰত সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনা । ভক্তসকলে শাওণৰ চতুৰ্থটো সোমবাৰ উপলক্ষে শিৱৰ মূৰত পানী ঢালিবৰ বাবে গোট খাইছিল উক্ত স্থানত । নিশা 12 বজাৰ পিছত সংঘটিত হয় এই ঘটনা ।

মন্দিৰৰ হুলস্থুলীয়া পৰিৱেশৰ ফলত মৃত্যু ভক্তৰ

শাওণ মাহৰ চতুৰ্থটো সোমবাৰ উপলক্ষে মখদুমপুৰ ব্লকৰ বৰাৱৰ পাহাৰত অৱস্থিত বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত দেওবাৰে নিশা ভিৰ বৃদ্ধি পাইছিল শিৱভক্তৰ । হঠাতে মাজনিশা উক্ত স্থানত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ । এই ঘটনাত 7 জন লোকৰ মৃত্যু ঘটে । মৃত্যু হোৱাসকলৰ ভিতৰত 5 গৰাকী মহিলা আৰু 2 জন পুৰুষ বুলি জানিব পৰা গৈছে । মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা অধিক ।

প্ৰত্যক্ষদৰ্শীৰ ভাষ্য

স্থানীয় লোকে কয়, "সোমবাৰ প্ৰাকক্ষণত ভক্তৰ বিশাল ভিৰ গোট খাইছিল উক্ত স্থানত । বাবা সিদ্ধেশ্বৰ নাথৰ দৰ্শনৰ বাবে বহুসংখ্যক ভক্ত পাহাৰখনত উপস্থিত হয় । যাৰ বাবে মন্দিৰৰ সমীপত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল । হঠাতে সৃষ্টি হোৱা হুলস্থূল পৰিস্থিতিৰ বাবে মানুহবোৰ ইফালে-সিফালে দৌৰিবলৈ আৰম্ভ কৰে । যাৰ বাবে বহু মহিলা পৰি যায় আৰু থিতাতে মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।"

নিহতসকলৰ পৰিচয়

নিহতসকলৰ ভিতৰত চিনাক্ত কৰা হৈছে 4 জনক ৷ মৃত লোককেইজন হ’ল- জিলাখনৰ মোৰ টেক্ৰিৰ নিবাসী পুনম দেৱী, মখদুমপুৰ থানা এলেকাৰ লাদোয়া গাঁৱৰ নিশা কুমাৰী, জাল বিঘাৰ নাদোলৰ সুশিলা দেৱী, নগৰৰ এৰকি গাঁৱৰ নিশা দেৱী । বাকীসকলৰ চিনাক্তকৰণত ব্যস্ত আৰক্ষী ।

লগতে পঢ়ক: মদিনাত পুনৰ অসমৰ হজযাত্ৰীৰ মৃত্যু - Assam Pilgrims Died In Medina

সৎসংগ অনুষ্ঠানত অংশ ল’বলৈ গৈ প্ৰাণ হেৰুৱালে কমেও 116 গৰাকী ভক্তই : মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা - stampede during satsang

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.