ETV Bharat / bharat

পুৰীত আতচবাজী বিস্ফোৰণত নিহত 3 গৰাকী, আহতৰ সংখ্যা 30 - Firecracker Explosion

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:47 AM IST

CRACKER EXPLOSION IN CHANDAN YATRA : জগন্নাথ মহাপ্ৰভুৰ চন্দন যাত্ৰাৰ সময়ত সংঘটিত আতচবাজী বিস্ফোৰণৰ ঘটনাত নিহত 3 গৰাকী লোক ৷ আহতৰ সংখ্যা 30 গৰাকী ৷

FIRECRACKER EXPLOSION
পুৰীত আতচবাজী বিস্ফোৰণ (Source : Etv Bharat)

নেশ্যনেল ডেস্ক, 30 মে’: বুধবাৰে পুৰীত অনুষ্ঠিত হৈছিল জগন্নাথ মহাপ্ৰভুৰ চন্দন যাত্ৰা ৷ এই যাত্ৰাৰ সময়ত সংঘটিত হৈছিল আতচবাজীৰ বিস্ফোৰণ ৷ এই ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছে প্ৰায় 30 গৰাকীকৈ ভক্ত ৷ আৰক্ষী সূত্ৰই বৃহস্পতিবাৰে সদৰী কৰিছে এই কথা ৷

তথ্য অনুসৰি, ওড়িশাৰ মন্দিৰ চহৰখনত অনুষ্ঠিত চন্দন যাত্ৰাৰ অংশ হিচাপে নৰেন্দ্ৰ পুখুৰীত জগন্নাথ, বলভদ্ৰ আৰু সুভদ্ৰাৰ 'চাপা খেলা' ৰ সময়তে ফটকা বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ ফটকাৰ পৰা বাহিৰ হোৱা জুই উপস্থিত ভক্তসকলৰ ওপৰত ছিটিকি পৰাত সকলোৱে কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷

লগতে পঢ়ক: গুজৰাটৰ গেমজ’নত ভয়াবহ অগ্নিকাণ্ড : শিশু-কিশোৰসহ নিহত ২৫ - Gujrat Fire Incident

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মন্দিৰৰ সমীপৰ পুখুৰীৰ দেৱীঘাটৰ কাষত ফটকা ফুটোৱাৰ ব্যৱস্থা কৰা হৈছিল ৷ পুখুৰীটোত অনুষ্ঠিত ক্ৰীড়া উপভোগ কৰিবলৈ অহা ৰাইজৰ ওপৰত বিস্ফোৰিত ফটকা পৰাত তেওঁলোক আঘাতপ্ৰাপ্ত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে ব্যক্ত কৰে ৷

অৱশ্যে ততালিকে আঘাতপ্ৰাপ্ত ভক্তসকলক ভৰ্তি কৰোৱা হয় স্থানীয় চিকিৎসালয়ত ৷ প্ৰথমে আঘাতপ্ৰাপ্ত লোকসকলক নিয়া হৈছিল চিকিৎসালয়ৰ বহিৰ্বিভাগলৈ ৷ পিছে অৱস্থা গুৰুতৰ দেখি তেওঁলোকক অস্ত্ৰোপচাৰ কক্ষলৈ স্থানান্তৰ কৰা হয় ৷ অৱশ্যে জুয়ে পোৰা ৰোগীৰ ক্ষেত্ৰত চিকিৎসালয়খনত পৰ্যাপ্ত সুবিধা নথকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: ৰাজকোটৰ TRP গেমজ’নত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি; ৬ জনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন - Rajkot Game Zone Fire Incident

আন এজন স্থানীয় লোকে ঘটনাস্থলীত কোনো অগ্নি সুৰক্ষা ব্যৱস্থা নথকাৰ কথা ব্যক্ত কৰে । স্থানীয় লোকসকলে অভিযোগ কৰে যে, চিকিৎসকৰ অভাৱৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত একাংশ লোকক কটক আৰু ভূৱনেশ্বৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

সম্প্ৰতি 18 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰোগীক কটকৰ এছ চি বি চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে ৷ পুৰীৰ জিলা আৰক্ষী অধীক্ষকে চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ অৱস্থাৰ বুজ লয় ৷

লগতে পঢ়ক: প্ৰকৃততে কি হৈছিল ৰাজকোটৰ TRP গেমজ’নত ? পোহৰলৈ আহিল চিচিটিভি ফুটেজ - Fire Incident

ইফালে মুখ্যমন্ত্ৰী নবীন পাটনায়কে ঘটনাটোত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শোক প্ৰকাশ কৰিছে । তেওঁ সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই ঘটনাৰ শোকপ্ৰকাশ কৰি ৰাজ্যখনৰ মুখ্য সচিব আৰু জিলা প্ৰশাসনক আহতসকলৰ চিকিৎসাৰ ক্ষেত্ৰত সাম্ভাব্য সকলো প্ৰকাৰৰ ব্যয় বহন কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

উল্লেখ্য যে, আহতসকলৰ সকলো চিকিৎসা ব্যয় মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বহন কৰা হ'ব । লগতে উক্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে ওড়িশাৰ মুখ্যমন্ত্ৰী পাটনায়কে ৷

লগতে পঢ়ক: ৰাসায়নিক কাৰখানাত বিস্ফোৰণ : বৰ্তমানলৈ মৃত্যু 9 জনৰ; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা - Dombivli Chemical Factory Blast

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.