ETV Bharat / bharat

কেদাৰনাথত বিলাসী থাৰ : বৃদ্ধ-ৰুগীয়া-বিকলাঙ্গসকলক কৰিব যাত্ৰাত সহায় - Thar Car Reached Kedarnath - THAR CAR REACHED KEDARNATH

Thar Car Reached Kedarnath : কেদাৰনাথ ধাম ভ্ৰমণ কৰিবলৈ যোৱা বৃদ্ধ, বিকলাঙ্গ আৰু ৰুগীয়া তীৰ্থযাত্ৰীসকলৰ বাবে এটা ভাল খবৰ। পৰ্যটন বিভাগে মহিন্দ্ৰা থাৰ এছ ইউ ভিৰে এনে তীৰ্থযাত্ৰীসকলক যাত্ৰা কৰাব । শুকুৰবাৰে চিনুক হেলিকপ্টাৰেৰে এখন মহিন্দ্ৰা এছইউভি থাৰ গাড়ী কেদাৰনাথ ধামলৈ লৈ যোৱা হয় । মন্দিৰ সমিতিৰ পুৰোহিত আৰু বেদপতিয়ে মহিন্দ্ৰা থাৰখনৰ পূজা-অৰ্চনা কৰে । শনিবাৰে আৰু এখন থাৰ গৈ কেদাৰনাথত উপস্থিত হ'ব ।

Thar Car Reached Kedarnath
কেদাৰনাথত বিলাসী থাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 6:27 PM IST

নিউজ ডেস্ক, ৩১ মে' : কেদাৰনাথ ধামলৈ যাত্ৰা কৰিব খোজাসকলৰ বাবে সুখবৰ । বিশেষকৈ বৃদ্ধ, বিকলাংগ আৰু ৰুগীয়া লোকসকলৰ বাবে উত্তৰাখণ্ড পৰ্যটন বিভাগে গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা । এতিয়াৰে পৰা আৰু তেওঁলোকৰ যাত্ৰা কষ্টকৰ নহয় । এক বিলাসী গাড়ীয়ে তেওঁলোকক যাত্ৰাত সহায় কৰিব । যাৰ বাবে এই বিলাসী গাড়ী এখন ইতিমধ্যে কেদাৰনাথ ধামত উপস্থিত হৈছে ।

মহিন্দ্ৰাৰ থাৰ এছইউভি গাড়ী এখন বিশ্ববিখ্যাত কেদাৰনাথ ধামত উপস্থিত হৈছে । এই থাৰ গাড়ীখনে হেলিপেড, বেছ কেম্প আদিৰ পৰা অসুস্থ, বিকলাঙ্গ আৰু বৃদ্ধ লোকসকলক মন্দিৰ চৌহদলৈ লৈ যাব । ইয়াৰ বাবে থাৰখন কেদাৰনাথত উপস্থিত হৈছে । আন এখন থাৰ গাড়ী শনিবাৰে কেদাৰনাথত উপস্থিত হ'ব । ইয়াৰ উপৰি তিনিখন গ'ল্ফ কাৰ্টো শীঘ্ৰেই কেদাৰনাথ ধামত উপস্থিত হ'ব ।

প্ৰথমবাৰৰ বাবে মহিন্দ্ৰাৰ থাৰ এছইউভি গাড়ীখন বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে কেদাৰনাথ ধামলৈ নিয়া হৈছে । ইয়াৰ পূৰ্বে দুৰ্যোগৰ পিচত ডাম্পাৰ, জেচিবি আৰু প'কলেণ্ড মেচিন তালৈ নিয়া হয় । এই যন্ত্ৰবোৰ এতিয়াও তাত পুনৰ নিৰ্মাণৰ কামত ব্যৱহাৰ হৈ আছে । আনহাতে, এইবাৰ ৰুদ্ৰপ্ৰয়াগ জিলা প্ৰশাসনে চাৰধামত এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে । অসুস্থ, বৃদ্ধ আৰু বিকলাঙ্গ যাত্ৰীসকলক সহায় কৰিবলৈ মহিন্দ্ৰা থাৰ এছইউভি গাড়ী তালৈ প্ৰেৰণ কৰা হৈছে । বায়ুসেনাৰ চিনুক হেলিকপ্টাৰেৰে এখন থাৰ গাড়ী শুকুৰবাৰে গৌচৰ বিমানবন্দৰৰ পৰা কেদাৰনাথ ধামলৈ প্ৰেৰণ কৰা হৈছিল ।

ইয়াৰ উপৰি দ্বিতীয়খন থাৰ এছইউভি গাড়ী শনিবাৰে চাৰধামলৈ প্ৰেৰণ কৰা হ'ব । কেদাৰনাথ ধামস্থিত বেছ কেম্প, এম আই 26 হেলিপেড, ভিআইপি হেলিপেড, আস্থা পথ আদিত মহিন্দ্ৰা থাৰ বাহনখন চলাচল কৰিব । এই বাহনে ৰোগী, বৃদ্ধ, বিকলাঙ্গ আদি যাত্ৰীসকলক সহায় কৰিব । এই বাহন বৰ্তমান কেদাৰনাথ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত আছে ।

জিলা পৰ্যটন বিষয়া ৰাহুল চৌবেয়ে কয়, "ধামত তীৰ্থযাত্ৰীৰ সুবিধা বৃদ্ধি কৰিবলৈ দুখন মহিন্দ্ৰা থাৰ বাহন কেদাৰনাথলৈ লৈ যোৱা হৈছে । এখন বাহন আজি আহি পালে । কাইলৈ এখন বাহন আহি পাব । এই বাহনসমূহে ৰোগী, বৃদ্ধ, বিকলাঙ্গ আদি তীৰ্থযাত্ৰীসকলক সহায় কৰিব । তেওঁলোকক হেলিপেড, বেছ কেম্প আদিৰ পৰা মন্দিৰলৈ অনা-নিয়া কৰা হ'ব ।"

লগতে পঢ়ক :বৈদিক ৰীতি-নীতিৰে মুকলি হ’ল কেদাৰনাথ ধামৰ দুৱাৰ - Chardham Yatra 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.