ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ মহাযুটি চৰকাৰে কেতিয়া কৰিব শপতগ্ৰহণ ? এতিয়া অব্যাহত জল্পনা কল্পনা - MAHARASHTRA MAHAYUTI GOVERNMENT

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ বিতৰ্ক অব্যাহত আছে । বিৰোধীয়েও চৰকাৰ গঠনত পলম হোৱাৰ বাবে মহাযুটিক সমালোচনা কৰিছে ।

Mahayuti Government
মহাৰাষ্ট্ৰৰ মহাযুটি চৰকাৰে কেতিয়া কৰিব শপতগ্ৰহণ (ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2024, 4:57 PM IST

মুম্বাই : মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব ? এই প্ৰশ্নটোৱে এতিয়া সমগ্ৰ মহাৰাষ্ট্ৰতে চৰ্চিত হৈ আছে । মহাযুটিৰ অংশীদাৰ শিৱসেনাৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী একনাথ সিন্দেকে পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব নেকি ? নে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বৃহৎ বিজয়ৰ নেতৃত্ব দিয়া বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাভিছ হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী ? এতিয়াও মহাযুটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ।

৫ ডিচেম্বৰত মহাৰাষ্ট্ৰ চৰকাৰৰ শপতগ্ৰহণ

মুখ্যমন্ত্ৰীৰ পদক লৈ অচলাৱস্থাৰ মাজতে জানিব পৰা গৈছে মহাযুটি চৰকাৰে ডিচেম্বৰৰ প্ৰথম সপ্তাহতে শপতগ্ৰহণ কৰিব । সূত্ৰৰ মতে মহাযুটি চৰকাৰে ৫ ডিচেম্বৰত মুম্বাইত এক বিশাল অনুষ্ঠানত শপতগ্ৰহণ কৰিব । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব ।

বিজেপি, মহাৰাষ্ট্ৰৰ অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনা আৰু অজিত পাৱাৰৰ নেতৃত্বত এনচিপিক লৈ গঠিত মহাযুটিয়ে শেহতীয়াকৈ সমাপ্ত বিধানসভা নিৰ্বাচনত ক্ষমতা বজাই ৰাখিবলৈ সক্ষম হয় । অকল বিজেপিয়ে ১৩২ খন আসন লাভ কৰিছিল, আনহাতে শিৱসেনা আৰু এনচিপিয়ে ক্ৰমান্বয়ে ৫৭ আৰু ৪১ খন আসনত জয়ী হৈছিল ।

সূত্ৰৰ মতে মুখ্যমন্ত্ৰী বাছনিৰ বাবে বিজেপিৰ বিধায়িনী দলৰ বৈঠক ২ ডিচেম্বৰ বা ৩ ডিচেম্বৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । শিৱসেনাৰ বিধায়কসকলে ইতিমধ্যে একনাথ সিন্দেক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰিছে । এনচিপিৰ বিধায়কসকলেও অজিত পাৱাৰক তেওঁলোকৰ নেতা হিচাপে বাছনি কৰিছে ।

ইয়াৰ মাজতে দেৱেন্দ্ৰ ফাড়নাভিছ, একনাথ সিন্দে, অজিত পাৱাৰ, সুনীল তাটকাৰে আৰু প্ৰফুল পেটেলকে ধৰি মহাযুটিৰ নেতাসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে । শ্বাহেও তেওঁলোকক বৃহৎ জয়ৰ বাবে অভিনন্দন জনাইছে ।

মহাযুটিত বিতৰ্ক নাই

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ কৌতূহলৰ মাজতে অন্তৱৰ্তীকালীন মুখ্যমন্ত্ৰী একনাথ সিন্দে চাটাৰা জিলাৰ তেওঁৰ জন্ম গাঁৱত সময় অতিবাহিত কৰিছে । দেৱেন্দ্ৰ ফাড়নাভিছে দাবী কৰি আছে যে মুখ্যমন্ত্ৰীৰ পদক লৈ কোনো বিতৰ্ক হোৱা নাই আৰু তিনিওটা দল এই ক্ষেত্ৰত একমত হৈ আছে ।

ইয়াৰ মাজতে কংগ্ৰেছ, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টী (শৰদ পাৱাৰ) আৰু শিৱসেনা (ইউবিটি)ক লৈ গঠিত বিৰোধী এমভিএ-য়ে চৰকাৰ গঠনত পলম হোৱাৰ বাবে মহাযুটিত তীব্ৰ সমালোচনা কৰি আছে ।

লগতে পঢ়ক :ভাগ-বাটোৱাৰাৰ অংকত অমিল: গৃহ দাবী সিন্দেৰ...পাৱাৰক লাগে বিত্ত !

সিন্দে নে ফাড়নাভিছ; কোন বহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ আসনত ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.