ETV Bharat / bharat

পৰিবহণ নিগমৰ বাছ বাগৰি অতি কমেও 11 গৰাকী যাত্ৰীৰ মৃত্যু; আহত প্ৰায় 26 জন - MAHARASHTRA SRTC BUS OVERTURNS

ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন যাত্ৰী ভৰ্তি বাছ বাগৰি পৰাৰ ফলত দহ জনতকৈও অধিক লোকে শোকাৱহভাৱে মৃত্যুক সাৱটি লয় ৷ মৃতকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা ৷

Maharashtra SRTC Bus Overturns
দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ ওচৰত ৰাইজৰ ভিৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 8:17 PM IST

গণ্ডিয়া : মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । শুকুৰবাৰে দিনৰ প্ৰায় ১২.৩০ বজাৰ ভিতৰত গণ্ডিয়া জিলাৰ অৰ্জুনী তালুকৰ খাজৰী গাঁৱৰ ওচৰত নাগপুৰৰ পৰা গণ্ডিয়া অভিমুখী মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ 'শিৱশাহী' নামৰ বাছখন বাগৰি যোৱাত কমেও ১১ গৰাকী লোক নিহত হোৱাৰ উপৰিও আন ২৬ গৰাকী আহত হয় । আৰক্ষী সূত্ৰত এই কথা প্ৰকাশ ।

আৰক্ষীয়ে ততালিকে উদ্ধাৰ কাৰ্য আৰম্ভ কৰি আহত যাত্ৰীসকলক গণ্ডিয়া জিলা চিকিৎসালয়ত ভৰ্তি কৰায় । আৰক্ষীয়ে জনোৱা মতে আঘাতপ্ৰাপ্তসকলৰ মাজত কেইবাজনৰো আঘাত গুৰুতৰ হোৱা বাবে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে । আৰক্ষীয়ে লগতে কয় যে শোকাৱহ দুৰ্ঘটনাত পতিত গণ্ডিয়া অভিমুখী বাছখনত ৩৫ গৰাকীৰো অধিক যাত্ৰী আছিল ।

আনহাতে, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মতে, মহাৰাষ্ট্ৰৰ তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী একনাথ সিন্দেই পৰিবহণ বিভাগক পীড়িতসকলক তাৎক্ষণিকভাৱে ১০ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে ।

"এখন ৰাজ্যিক পৰিবহণৰ শিৱশাহী বাছ এক ভয়ংকৰ দুৰ্ঘটনাত লুটিখাই পৰে । পৰিস্থিতি সন্দৰ্ভত তথ্য স্থানীয় প্ৰশাসনৰ পৰা তথ্য লোৱা হৈছে । আহতসকলৰ তাৎক্ষণিক আৰু সঠিক চিকিৎসাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ।" মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিত কয় ।

চৰকাৰীভাৱে জনোৱা অনুসৰি, নিহত নজনৰ পৰিচয় নিশ্চিত কৰা হৈছে । তেওঁলোকক স্মিতা সূৰ্যবংশী (৩২), মগলা লাঞ্জেৱাৰ (৬০), ৰাজেশ লাঞ্জেৱাৰ, কল্পনা ৱাংখেড়ে (৬৫), ৰামচন্দ্ৰ কানোজে (৬৫), আৰিফ চয়ীদ (৪২), অজহাৰ আলী চয়ীদ (৫৫) আৰু নয়না বিশাল মিটকাটি (৩৫) বুলি চিনাক্ত কৰা হৈছে ।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিচত বাছ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । তেওঁৰ সন্ধান কৰি থকা হৈছে ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই শোকাৱহ দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰে । X-ৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰধানমন্ত্ৰীৰ উদ্ধৃতি দি কয়, "মহাৰাষ্ট্ৰৰ গণ্ডিয়াত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে দুঃখিত । যিসকলে তেওঁলোকৰ প্ৰিয়জনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা । আঘাতপ্ৰাপ্তসকল সোনকালে আৰোগ্য হওক । স্থানীয় প্ৰশাসনে প্ৰভাৱিত লোকসকলক সহায় কৰি আছে । প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক পি এম এন আৰ এফৰ পৰা 2 লাখ টকাৰ অনুদান প্ৰদান কৰা হ'ব । আহতসকলক 50,000 টকাকৈ দিয়া হ'ব ।"

মহাৰাষ্ট্ৰৰ জ্যেষ্ঠ বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছেও শোকসন্তপ্ত পৰিয়ালবৰ্গৰ প্ৰতি শোক প্ৰকাশ কৰে । X-ৰ এটা পোষ্টত তেওঁ কয়, "গণ্ডিয়া জিলাৰ সদক অৰ্জুনীৰ ওচৰত শিৱশাহী বাছ দুৰ্ঘটনাৰ দুৰ্ভাগ্যজনক ঘটনাত কিছু যাত্ৰীৰ মৃত্যু হোৱাটো অতি দুৰ্ভাগ্যজনক । মই মৃতকসকলৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ । আমি তেওঁলোকৰ পৰিয়ালৰ দুখৰ সমভাগী ।"

"এই ঘটনাত আহত লোকসকলক তাৎক্ষণিকভাৱে চিকিৎসা প্ৰদান কৰিবলৈ ব্যক্তিগত চিকিৎসালয়সমূহক নিৰ্দেশনা দিয়া হৈছে । মই গণ্ডিয়াৰ জিলা আয়ুক্তকো কৈছোঁ যে প্ৰয়োজন হ'লে তেওঁলোকক নাগপুৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰক । প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে আৰু সাহায্যৰ কামৰ সমন্বয় কৰি আছে । মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে এই ঘটনাত আহতসকলে যেন শীঘ্ৰেই সকাহ পাব পাৰে ।" ফাড়নাভিছে লগতে কয় ।

লগতে পঢ়ক :দিল্লীত পি ভি আৰৰ ওচৰত বিস্ফোৰণ
লগতে পঢ়ক :ভাগ-বাটোৱাৰাৰ অংকত অমিল: গৃহ দাবী সিন্দেৰ...পাৱাৰক লাগে বিত্ত !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.