ৰুদ্ৰপ্ৰয়াগ (উত্তৰাখণ্ড) : আজি ভাই দুজ ৷ পবিত্ৰ ভাই দুজৰ দিনাই পুৱা 8.30 বজাত বিশ্ববিখ্যাত কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ কৰি দিয়া হয় ৷ শীতকাল অহাৰ বাবে আগন্তুক ছমাহলৈ বন্ধ কৰি দিয়া হয় বাবা কেদাৰনাথ ধামৰ মূল দুৱাৰ ৷
আজি পুৱা 6 বজাত গৰ্ভগৃহৰ দুৱাৰ বন্ধ কৰাৰ পিছত পঞ্চমুখী দৌলীক (পঞ্চমুখী দল) মন্দিৰ চৌহদলৈ অনা হয় । দুৱাৰ বন্ধ হোৱাৰ বাবে সেনাবাহিনীৰ দলৰ বাজনাৰ তালত ভক্তসকলে নৃত্য কৰে ।
যোৱা শনিবাৰে বাবা কেদাৰৰ ৰূপালী পঞ্চমুখী মূৰ্তিটো ভাণ্ডাৰৰ পৰা উলিয়াই আনে আৰু পঞ্চমুখী উৎসৱৰ মূৰ্তিটো পুৰোহিতে গা ধোৱাই । মন্দিৰ প্ৰদক্ষিণ কৰাৰ পাছত মন্দিৰৰ গৰ্ভগৃহত ভগৱান কেদাৰনাথৰ পঞ্চমুখী উৎসৱৰ মূৰ্তি দৌলী স্থাপন কৰা হয় । এই দৌলীতে বাবা কেদাৰৰ ভোগ মূৰ্তি শীতকালীন বিশ্ৰাম স্থান ওখীমঠৰ ওমকাৰেশ্বৰ মন্দিৰত উপস্থিত হ’ব ।
আজি পবিত্ৰ ভাই দুজ উৎসৱৰ দিনাই পৌৰাণিক পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি শীতকালৰ বাবে বাবা কেদাৰৰ দুৱাৰ ছমাহলৈ বন্ধ কৰি দিয়া হয় । বাবাৰ দুৱাৰ ঠিক 8.30 বজাত বন্ধ কৰি দিয়া হয় । অৰ্থাৎ আজিৰে পৰা আগন্তুক ছয় মাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হৈ যাব বাবা কেদাৰনাথ ৷
দেওবাৰে কেদাৰনাথৰ দুৱাৰ বন্ধ উপলক্ষে হাজাৰ হাজাৰ ভক্তই কেদাৰনাথ ধামত উপস্থিত হয় । শনিবাৰে প্ৰায় ২২ হাজাৰ লোকে বাবা কেদাৰৰ দৰ্শন কৰিছিল ৷ বাতৰি যুগুত কৰা পৰলৈকে প্ৰায় ১৬ লাখ ৩২ হাজাৰ ভক্তই বাবা কেদাৰৰ দৰ্শন লাভ কৰিছে ।
লগতে পঢ়ক : জৈৱ বৈচিত্ৰ্যৰ ভাৰসাম্য ৰক্ষাৰ বাবে বিশেষ গুৰুত্ব ভাৰতৰ