ETV Bharat / bharat

প্ৰেম কৰাটোৱেই অপৰাধ: সহোদৰ ভগ্নীক হত্যা কৰি মুখত এচিড ঢালি চিনিব নোৱৰা কৰিলে তিনি ভাতৃয়ে - Honor killing

Brothers killed sister: আন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ভগ্নীৰ । ফোনত কথা পাতি থকাটো সহ্য কৰিব পৰা নাছিল ৩ ভাতৃয়ে । অৱশেষত ভগ্নীক হত্যা কৰি মুখত এচিড নিক্ষেপ কৰিলে ভাতৃকেইজনে । দুই ভাতৃক গ্ৰেপ্তাৰ, এজন এতিয়াও পলাতক ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 11:40 AM IST

Honor killing
brothers killed sister (ETV Bharat)

নেশ্যনেল ডেস্ক, ৭ জুলাই : উত্তৰ প্ৰদেশৰ বলিয়া জিলাত নৃশংস হত্যাকাণ্ড । আন যুৱকৰ সৈতে ফোনত কথা পতাৰ বাবেই ৩ ভাতৃয়ে মিলি হত্যা কৰিলে ভগ্নীক । হত্যাৰ পিচত পৰিচয় লুকুৱাবলৈ মৃতদেহত নিক্ষেপ কৰিলে এচিড । সমগ্ৰ ঘটনাটোক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ইতিমধ্যে আৰক্ষীয়ে ২ ভাতৃক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।

তথ্য অনুসৰি যোৱা সপ্তাহত বংশডীহ ৰোড আৰক্ষীয়ে বালখাণ্ডিনাথ মন্দিৰৰ সমীপত দলঙৰ তলত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰিছিল । আৰক্ষীয়ে লগে লগে তদন্ত আৰম্ভ কৰিছিল । প্ৰথম অৱস্থাত আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিল যদিও পিচত আৰক্ষীয়ে চিনাক্ত কৰে । লগতে আৰক্ষীয়ে পৰিয়ালটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰে । তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰিছিল যে যুৱতীগৰাকীয়ে ফোনত গোপনে কোনোবা যুৱকৰ সৈতে কথা পাতিছিল । যুৱতীগৰাকীৰ ভাতৃ বিকাউ ৰাজভৰ, যোগিন্দৰ ৰাজভৰ, ৰবীন্দ্ৰ ৰাজভৰে এই বিষয়ে গম পাইছিল ।

তিনিও ভাতৃয়ে যুৱতীগৰাকীক এই ক্ষেত্ৰত বাধা আৰোপ কৰিছিল । কিন্তু তাৰ পিচতো যুৱতীগৰাকীয়ে কথা পাতিয়েই আছিল । অভিযোগ অনুসৰি যুৱতীগৰাকীৰ এনে কাৰ্যত তিনিও ভাতৃ ক্ষোভিত হৈছিল আৰু অৱশেষত যুৱতীগৰাকীক তেওঁলোকে হত্যা কৰে । কিন্তু পৰিচয় লুকুৱাবলৈ যুৱতীগৰাকীৰ মুখত এচিড নিক্ষেপ কৰে । তাৰ পিচত অভিযুক্ত ভাতৃকেইজনে মৃতদেহটো শাৰী এখনত বান্ধি টেম্পোত লৈ যায় আৰু বালখাণ্ডি বাবা মন্দিৰ পুলিয়াৰ ওচৰত পেলাই দিয়ে ।

বংশডীহ আৰক্ষী থানাৰ বিষয়া প্ৰভৱ কুমাৰে জনোৱা মতে মৃতদেহটো চিনাক্ত কৰাৰ পিচত স্থানীয় লোকসকলক তেওঁলোকে সোধা-পোছা কৰিছিল । স্থানীয় লোকৰ ভাষ্যৰ পিচতেই আৰক্ষীয়ে দুই ভাতৃক জিম্মাত লৈছিল আৰু সোধা-পোছা কৰিছিল । জেৰাৰ সময়তে দুই ভাতৃয়ে ভগ্নীক হত্যা কৰাৰ কথা স্বীকাৰ কৰে । অভিযুক্ত ভাতৃকেইজনে স্বীকাৰ কৰা মতে তেওঁলোকে শাৰীৰে ডিঙি চেপি ভগ্নীক হত্যা কৰিছিল । লগতে পৰিচয় লুকুৱাবলৈ মুখত এচিড নিক্ষেপ কৰিছিল । দুই ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে যদিও আন এজন এতিয়াও পলাতক হৈ আছে । আৰক্ষীয়ে হত্যাকাৰী ভাতৃক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে ।

লগতে পঢ়ক :দুটাকৈ ভূতৰ বিৰুদ্ধে এজাহাৰ দাখিল : আৰক্ষীয়ে প্ৰদান কৰিলে আশ্বাস - COMPLAINT AGAINST GHOST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.