ETV Bharat / bharat

১০ বছৰৰ ভিতৰত এইবাৰ অভিলেখ: অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ফোন আহিল ৩২০টা - DELHI FIRE NEWS

বিগত ১০ বছৰৰ ভিতৰত দীপাৱলীৰ সময়ত সৰ্বাধিক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে ৷ অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ৩২০টা ফোন আহিল ৷

Highest number of accidents in Delhi, fire brigade received 320 calls in 12 hours
অগ্নিনিৰ্বাপক বাহিনীলৈ ২৪ ঘন্টাত ফোন আহিল ৩২০টা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 5:41 PM IST

নতুন দিল্লী/নয়দা: দীপাৱলীৰ আনন্দ, ৰং-ৰহইচ কৰি আপোনজনৰ সৈতে ফটকা ফুটোৱাত ব্যস্ত সকলো ৷ কিন্তু এই আনন্দৰ মাজতে দীপাৱলীৰ নিশা অগ্নিনিৰ্বাপক বাহিনীৰ কণ্ট্ৰ'ল ৰূমৰ কৰ্মচাৰীৰ মাজত দেখা গ’ল ব্যস্ততাপূৰ্ণ পৰিৱেশ ৷ এটা ফোনকল থয়হে, আনটো আকৌ বাজি উঠে- অমুকত জুই লাগিছে ৷

অগ্নিনিৰ্বাপক বাহিনীৰ লোকলৈ অহৰহ কণ্ট্ৰ'ল ৰূমলৈ আহিয়েই থাকিল ফোনকল ৷ বৃহস্পতিবাৰে দিল্লীৰ ৩০০ৰো অধিক স্থানৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ লোকলৈ আহিছিল ফোন । এই ঘটনাত ৩ জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে প্ৰায় ১২ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

২০২৪ চনৰ দীপাৱলীত দিল্লীত অগ্নিনিৰ্বাপক বাহিনীলৈ অভিলেখ ভংগকাৰী ফোন আহিছিল, যিটো যোৱা ১০ বছৰৰ তুলনাত অধিক আছিল । ১ নৱেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰায় ৩২০টা ফোন আহিছিল । এই সংখ্যা যোৱা বছৰৰ তুলনাত ১০০ বেছি, যাৰ পৰা স্পষ্টকৈ বুজা যায় যে এই বছৰ ফটকা ফুটুৱাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাৰ সংখ্যা অধিক হৈছে ।

অগ্নিনিৰ্বাপক বাহিনীৰ সঞ্চালক অতুল গাৰ্গে কয় যে ৰাজধানীৰ তিনিটা ডাঙৰ স্থানত গুৰুতৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে অন্যান্য অঞ্চলত পৰিস্থিতি স্বাভাৱিক হৈ আছে । কিন্তু এই ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱাইছে । ফটকা ফুটুৱাৰ বাবেই বহুঠাইত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা বুলিও অতুল গাৰ্গে কয় ।

বৃহস্পতিবাৰে নিশা গ্ৰেটাৰ নয়ডা ৱেষ্টৰ ইক' ভিলেজ ফাৰ্ষ্টৰ ১৭ নং মহলাত হঠাতে অগ্নিকাণ্ড সংঘটিত হয় । ফলত ১৮ আৰু ১৯ মহলাৰ কিছু ফ্লেটত জুই লাগে ৷ এই ঘটনাৰ পাছতে লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকক খবৰ দিয়া হয় ৷ খবৰ পোৱা মাত্ৰকে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

অৱশ্যে এই ঘটনাত এটা পোহনীয়া কুকুৰৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, যেতিয়া অগ্নিকাণ্ড সংঘটিত হৈছিল, তেতিয়া ফ্লেটটোৰ বাসিন্দাসকলে ৰাজহুৱা মন্দিৰত পূজা-অৰ্চনা কৰি আছিল ।

ইয়াৰ উপৰিও গ্ৰেটাৰ নয়ডা পশ্চিমৰ মহাগুন মেউডছ ছ’চাইটিৰ এটা টাৱাৰৰ ২৩ নং মহলাতো অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে । সদৰপুৰ ছেক্টৰ ৪৫ত সংঘটিত হোৱা অগ্নিকাণ্ড সন্দৰ্ভতো এক সতৰ্কবাণী জাৰি কৰা হয় । কিন্তু পুনৰ অগ্নিনিৰ্বাপক বাহিনীৰ তৎকালীন ব্যৱস্থাৰ বাবে এই জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷ এই ঘটনাৰ ফলত কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্ৰশাসনৰ তৰফৰ পৰা সদৰী কৰে ৷

লগতে পঢ়ক : দীপাৱলীৰ দিনাই ৰাজ্যৰ বিভিন্ন স্থানত ভয়ংকৰ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.