ETV Bharat / bharat

১০ জুনত হ’ব মাত্ৰাধিক বতাহ-বৰষুণ : বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা - Heavy Rain and Thunderstorm

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 4:44 PM IST

Heavy Rain in Telangana : তেলেংগানাত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৷ ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে সতৰ্কতা ৷ তেলেংগানাত ১০ জুনত মাত্ৰাধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে হোৱা প্ৰচণ্ড ধুমুহা, বতাহ, বৰষুণৰ লগতে বজ্ৰ পৰি কেবাজনো লোকৰ মৃত্যু হৈছে ৷

Heavy Rain in Telangana
সাৱধান ! ১০ তাৰিখে হ’ব মাত্ৰাধিক বতাহ-বৰষুণ; বতৰ বিজ্ঞানে জাৰি কৰিছে সতৰ্কতা (Etv Bharat)

নেশ্যনেল ডেস্ক, ৭ জুন : বৃহস্পতিবাৰৰ পৰা তেলেংগানাত বলিছে দক্ষিণ-পশ্চিম মৌচুমী বতাহ ৷ বিশেষকৈ ৰাজ্যখনৰ ভদ্ৰচালাম (Bhadrachalam) আৰু মেডক(Medak)ত দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাব বেছিকৈ দেখা গৈছে । সেই প্ৰভাৱৰ বাবেই বুধবাৰে নিশাৰ পৰা তেলেংগানাৰ বহু জিলাত মাত্ৰাধিক বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ৷

বৃহস্পতিবাৰে মূলতঃ আদিলাবাদ আৰু মেডকত প্ৰচণ্ড ধুমুহা, বতাহৰ সৈতে ধাৰাসাৰ বৰষুণ হয় ৷ লগতে মেহবুবনগৰ আৰু ৱাৰংগালতো মাত্ৰাধিক বৰষুণ হোৱা দেখা যায় । জানিব পৰা মতে, এই ধুমুহা, বতাহ, বৰষুণৰ লগতে হোৱা বজ্ৰপাতৰ ফলত আদিলাবাদ আৰু মেডকত চাৰিজন, নাগৰকুৰনুল (Nagarkurnool) জিলাত এজন লোকৰ মৃত্যু হয় ৷

নিশা হোৱা প্ৰচণ্ড বতাহৰ ফলত বহু অঞ্চলত বিদ্যুতৰ খুঁটা উভালি পৰাৰ লগতে বহু লোকৰ ঘৰৰ চাল উৰুৱাই লৈ যায় ৷ বুধবাৰৰ নিশাৰ পৰাই বৃহস্পতিবাৰলৈ জোগুলাম্বা গাডৱালা (Alampur of Jogulamba Gadwala) জিলাৰ আলমপুৰত সৰ্বাধিক ১০ ছে.মি.; নলগ’ণ্ডা জিলাৰ নগাৰ্জুন সাগৰত (Nagarjunasagar) ৮ ছে.মি., দেৱৰাকোণ্ডা(Devarakonda)ত ৭ ছে.মি., নাগৰকুৰনুল জিলাৰ কলভাকুৰ্টিত (Nagarkurnool Kalvakurti) ৭ ছে.মি বৰষুণ হৈছে বুলি জানিব পৰা গৈছে ৷

গছত পৰিছে বিজুলী -

মেডক জিলাৰ হাভেলিঘানাপুৰ মণ্ডলৰ শমনাপুৰ গাঁৱৰ কৃষক সিদ্ধাইয়া (৪৮) নামৰ এজন কৃষকে বৃহস্পতিবাৰে পুৱা একেখন গাঁৱৰ পৰাই নন্দু (২৩) নামৰ এজন যুৱকৰ সৈতে গৰু-ম’হৰ বাবে গোহালি নিৰ্মাণ কৰি আছিল । তেনেতে ধাৰাসাৰ বৰষুণ অহাৰ বাবে দুয়ো এজোপা গছৰ তলত আশ্ৰয় লয় । কিন্তু সেই গছজোপাত বিজুলী পৰাৰ ফলত থিতাতে মৃত্যু হয় দুয়োজন লোকৰ ।

ইফালে পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰপাতৰ ফলত থিতাতে মৃত্যু হয় মেডক জিলাৰ কৌদিপল্লী মণ্ডলৰ পীৰলাটাণ্ডাৰ দলাৱথ গেম্যানায়ক (৫৫) আৰু কৰ্ণাটকৰ কুলী বিলিপুৰম গোপাল (৪০) নামৰ লোক দুজন ৷

বৃহস্পতিবাৰে আদিলাবাদ জিলাৰ ইন্দ্ৰৱেলী মণ্ডলৰ ডংগৰগাম গাঁৱৰ স্বামী-স্ত্ৰী অনকা সন্তোষ (২৬) আৰু অনকা স্বপ্নাই (২৩) পুৱাই এখন ফাৰ্মলৈ যায় । সন্ধিয়া উভতি অহাৰ সময়তে ধাৰাসাৰ বৰষুণ অহাৰ বাবে তেওঁলোকে কাষতে থকা এটা জুপুৰিত আশ্ৰয় লয় । কিন্তু জুপুৰিটোৰ কাষতে থকা এডাল চেগুন গছত বজ্ৰ পৰে ৷ যাৰ ফলত জুপুৰিটোত আশ্ৰয় লৈ থকা স্বামী-স্ত্ৰীহালে প্ৰাণ হেৰুৱাব লগাত পৰে ৷

ইফালে নিৰ্মল জিলাৰ দিলাৱাৰপুৰ মণ্ডলৰ কলভা গাঁৱৰ যুৱ কৃষক মুদাৰাপু প্ৰবীণে (২৬) পথাৰত হাল বাই থকোতেই বজ্ৰ পৰাৰ ফলত গুৰুতৰভাৱে আহত হয় । অৱশ্যে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে তেওঁৰ মৃত্যু হয় । তনুৰ মণ্ডলৰ এলৱাটৰ মাগিৱাদশ্ৰী (১৩) এ গাঁৱৰে এটা অঞ্চলত ছাগলী চৰাই ঘৰলৈ উভতি অহা সময়তে বজ্ৰপাতৰ ফলত থিতাতে মৃত্যু হয় ৷

আনহাতে, নাগৰকুৰনুল জিলাৰ ভেলডাণ্ডা মণ্ডলৰ পেড্ডাপুৰ গাঁৱৰ জংগিলি এডাম্মাই কন্যা জংগম্মা (৪০) আৰু জোঁৱাই কৃষ্ণাৰ সৈতে পামত খেতি কৰি আছিল । তেনেতে হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কাষতে থকা এডাল গছত তেওঁলোকে আশ্ৰয় লয় ৷ কিন্তু আশ্ৰয়স্থলেই কাল হৈ থিয় দিলে তেওঁলোকৰ বাবে ৷ তেওঁলোকে আশ্ৰয় লোৱা গছজোপাত বজ্ৰ পৰাৰ ফলত তেওঁলোকৰ মৃত্যু হয় ৷

তিনি দিন ধাৰাসাৰ বৰষুণ হ’ব পাৰে -

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে আদিলাবাদ, নিজামাবাদ, ৱাৰংগল, কৰিমনগৰ, হায়দৰাবাদ, মেডক আৰু মেহবুবনগৰৰ সংযুক্ত জিলাত মধ্যমীয়া বৰষুণ হ’ব । জানিব পৰা মতে, চলিত মাহৰ দহ তাৰিখে ধাৰাসাৰ বৰষুণ হ’ব । আগন্তুক চাৰিদিনত সমগ্ৰ ৰাজ্যতে দক্ষিণ-পশ্চিমকৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : কৃত্ৰিম বানৰ কবলত বেংগালুৰু, সাময়িকভাৱে বন্ধ মেট্ৰ’ সেৱা - Heavy Rain AND Thunderstorm

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.