ETV Bharat / bharat

উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ: যমুনোত্ৰী ধাম চৌহদকে ধৰি বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি - Uttarakhand Weather

author img

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 12:31 PM IST

Yamunotri Dham disaster: উত্তৰাখণ্ডত হোৱা ধাৰাসাৰ বৰষুণে অসুবিধাত পেলাইছে নাগৰিকক । ধাৰাসাৰ বৰষুণৰ বাবে যমুনোত্ৰী ধাম চৌহদকে ধৰি বহু অঞ্চলত যথেষ্ট ক্ষতিসাধন । ঘটনাস্থলীত উপস্থিত প্ৰশাসনৰ দল ।

uttarakhand
উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ: যমুনোত্ৰি ধাম চৌহদকে ধৰি বহু অঞ্চলত বিস্তৰ ক্ষয়-ক্ষতি (ETV Bharat)

নেশ্যনেল ডেস্ক, 26 জুলাই: উত্তৰাখণ্ডত ধাৰাসাৰ বৰষুণ ৷ জিলাখনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন । ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানৰ বাবে যমুনোত্ৰী ধামৰ মন্দিৰ চৌহদত বৃহৎ পৰিমাণৰ ক্ষতিসাধন হৈছে । মন্দিৰ কমিটীৰ কাৰ্যালয়, পাকঘৰ আদিও ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ লগতে ৰাতি জাংকিচট্টি অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জাংকিচট্টিত মটৰ চাইকেল পৰ্যন্ত উটুৱাই লৈ যায় । জাংকিচট্টি পাৰ্কিঙৰ তলত হোৱা ভূমিকম্প আৰু শুভম প্লেচ হোটেলৰ সন্মুখৰ পথত থকা দেৱাল ক্ষতিগ্ৰস্ত হয় । এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীৰ দলটোৱে সেই স্থানত উপস্থিত হৈছে ।

ধাৰাসাৰ বৰষুণৰ ফলত যমুনা নদীৰ পানী বঢ়াৰ ফলত যমুনোত্ৰী ধাম চৌহদকে ধৰি আশে-পাশে থকা অঞ্চলত যথেষ্ট ক্ষতিসাধন হৈছে । যাৰ বাবে ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল । ইয়াৰ লগতে, যমুনাত্ৰী ধামৰ অন্তিমটো ডাঙৰ ষ্টপেজ জাংকিচট্টিত যমুনা নদীৰ ওপৰত থকা খাৰশালি গাঁৱলৈ যোৱা দলং পোৱাৰ আগৰ অংশত ভূমিস্খলন ঘটে । বৰ্তমান পৰ্যন্ত কোনো লোকৰ হতাহতিৰ তথ্য পোহৰলৈ অহা নাই । পুৰোহিত মহাসভাৰ সভাপতি পুৰুষোত্তম ইউনিয়ালে কয়, "কোনো লোকৰ ক্ষতি হোৱা নাই, কিন্তু সম্পত্তিৰ ক্ষয়-ক্ষতি হৈছে ।"

যমুনা নদীৰ মুখত ধ্বংসাৱশেষ, শিল আদি জমা হোৱাৰ ফলত মন্দিৰ কমপ্লেক্সটোৰ বৃহৎ ক্ষতি হৈছে বুলি জানিব পৰা গৈছে । জাংকিচট্টিৰ ৰাম মন্দিৰৰ সমীপত থকা পঞ্জীয়ন কেন্দ্ৰটোও ক্ষতিগ্ৰস্ত হৈছে ।

মহকুমাধিপতি মুকেশ চন্দ্ৰ ৰামোলাই কয়, "কোনো লোকে প্ৰাণ হেৰুওৱা নাই । কিন্তু সা-সম্পত্তিৰ বহুত ক্ষয়-ক্ষতি হৈছে । ওজৰি ডাবৰকোট পথ মুকলি হোৱাৰ লগে লগে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰা হ’ব ।"

লগতে পঢ়ক: তীৰ্থযাত্ৰাত প্ৰত্যাহ্বান: ভূমিস্খলনৰ ফলত বন্ধ ঋষিকেশ-বদ্ৰীনাথ-কেদাৰনাথ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ - LANDSLIDE IN UTTARAKHAND

যোশীমঠত পাহাৰৰ পৰা বাগৰিল প্ৰকাণ্ড শিল : ভূমিস্খলনৰ বাবে বন্ধ কৰি দিয়া হ’ল বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Joshimath

কেদাৰনাথলৈ যোৱা পথত পাহাৰৰ শিল খহি মৃত্যু ৩ তীৰ্থযাত্ৰীৰ, আহত ৫ জন - Stone And Debris Fall On Pilgrims

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.