ETV Bharat / bharat

বিনেশ ফোগাটৰ নতুন ইনিংছ; জুলানা সমষ্টিৰ পৰা জয়লাভ

Vinesh Phogat Wins : কংগ্ৰেছৰ টিকটত হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মল্লযোদ্ধা বিনেশ ফোগাটে জুলানা সমষ্টিৰ পৰা জয়লাভ কৰে ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Vinesh Phogat Wins
বিনেশ ফোগাটৰ নতুন ইনিংছ (ANI Photo)

নিউজ ডেস্ক, ৮ অক্টোবৰ : অলিম্পিকৰ 'দংগল'ত সফল নহ'লেও এইবাৰ ৰাজনীতিৰ 'দংগল'ত সফলতা লাভ কৰিলে বিনেশ ফোগাটে । মল্লযোদ্ধাৰ পৰা ৰাজনীতিবিদ হোৱা কংগ্ৰেছ প্ৰাৰ্থী বিনেশ ফোগাটে নিজৰ ৰাজনৈতিক যাত্ৰাৰ প্ৰথম খোজতে সফলতা অৰ্জন কৰে । হাৰিয়ানা বিধানসভা নিৰ্বাচনত জুলানা সমষ্টিৰ পৰা তেওঁ জয়লাভ কৰে ।

কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰা বিনেশে বিজেপিৰ যোগেশ কুমাৰ, আপৰ কবিতা ৰাণী আৰু বৰ্তমানৰ বিধায়ক অমৰজিৎ ধাণ্ডাৰ পৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল । আনহাতে, ইণ্ডিয়ান নেচনেল লোক দলৰ (আই এন এল ডি) সুৰেন্দ্ৰ লাথাৰো নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে, জুলিয়ানা আসনৰ বাবে ৫ অক্টোবৰত অনুষ্ঠিত ভোটদানত ৭৪.৬৬ শতাংশ ভোট পৰিছিল ।

জে জে পিৰ দখলত থকা আসনখন কাঢ়ি আনিবলৈ কংগ্ৰেছে বিনেশৰ জনপ্ৰিয়তা আৰু প্ৰতিষ্ঠান-বিৰোধী ঢৌৰ ওপৰত নিৰ্ভৰ কৰিছিল । আনহাতে, হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিজয় সন্দৰ্ভত আস্থা প্ৰকাশ কৰি দলৰ সাংসদ দীপেন্দৰ হুডাই সোমবাৰে কয় যে এই ফলাফলে সমগ্ৰ দেশৰ জনসাধাৰণলৈ এক বাৰ্তা প্ৰেৰণ কৰিব ।

উল্লেখ্য যে ত্ৰীড়া তাৰকা বিনেশ ফোগাট যৌন উৎপীড়ন-বিৰোধী প্ৰতিবাদৰ প্ৰধান মুখ হৈ পৰিছিল । আনহাতে, পেৰিছ অলিম্পিকত তেওঁৰ পদক অভিযান এক অনাকাংক্ষিত পৰিস্থিতিত সমাপ্তিৰ পিচত মল্লযুদ্ধৰ পৰা অৱসৰ লৈছিল । ফোগাটে নিৰ্বাচনী প্ৰচাৰৰ প্ৰাক-মুহূৰ্তত বজৰং পুনিয়াৰ সৈতে কংগ্ৰেছত যোগদান কৰিছিল । ইয়াৰ উপৰি যোৱা বছৰ তদানীন্তন ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী তথা বিজেপিৰ প্ৰাক্তন সাংসদ ব্ৰীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে মল্লযোদ্ধাসকলৰ প্ৰতিবাদৰ তেওঁ নেতৃত্বত আছিল ।

"হাৰিয়ানাত কংগ্ৰেছ নিশ্চিতভাৱে জিকিব আৰু ইয়াৰ দ্বাৰা সমগ্ৰ দেশৰ ৰাজনীতি প্ৰভাৱিত হ'ব । এই জয়েৰে সমগ্ৰ দেশলৈ এটা বাৰ্তা প্ৰেৰণ কৰা হ'ব ।" দীপিন্দৰ হুডাই কয় ।

তেওঁ লগতে কয়, "(ভূপিন্দৰ) হুডাই যথেষ্ট কঠোৰ পৰিশ্ৰম কৰিছে, তেওঁ কংগ্ৰেছক শক্তি প্ৰদান কৰিবলৈ যথেষ্ট অৱদান আগবঢ়াইছে । মই ৰাহুল গান্ধীক ভাৰত জোড়ো যাত্ৰা উলিওৱাৰ বাবে ধন্যবাদ জনাইছোঁ । এই যাত্ৰাই কংগ্ৰেছক সমৰ্থন কৰিবলৈ ৰাইজক উৎসাহিত কৰিছিল । কংগ্ৰেছৰ সকলো কৰ্মী আৰু অন্যান্যসকলে ইয়াৰ বাবে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে । এইবাৰ বিজেপিৰ পৰাজয় হ'ব ।"

লগতে পঢ়ক :জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ
লগতে পঢ়ক :চৰকাৰী ভৱনৰ বাবে 'কালাৰ কোড'ৰ নিৰ্দেশনা ওড়িশা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.