ETV Bharat / bharat

বদনাম কৰিবলৈ উঠি-পৰি লাগিছে দলীয় নেতা; ফোন কল পোৱাৰ দাবী স্বাতী মালিৱালৰ - Swati Maliwal Case

Swati Maliwal Case : আপৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে বুধবাৰে অভিযোগ কৰে যে দলৰ নেতাসকলক তেওঁৰ বিৰুদ্ধে ক'বলৈ আৰু তেওঁক বদনাম কৰিবৰ বাবে যিকোনো কাম কৰিবলৈ হেঁচা দিয়া হৈছে । উল্লেখ্য যে আপৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ প্ৰাক্তন ব্যক্তিগত সচিব বৈভৱ কুমাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বাসগৃহত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল ।

Swati Maliwal Case
স্বাতী মালিৱাল (ANI Photo)
author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 2:28 PM IST

নিউজ ডেস্ক, ২২ মে' : আম আদমী পাৰ্টীৰ (আপ) সাংসদ স্বাতী মালিৱাল তেওঁৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত বুধবাৰে পুনৰ সৰৱ হয় । তেওঁ কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সহযোগী বৈভৱ কুমাৰৰ বিৰুদ্ধে তেওঁক আক্ৰমণৰ যি অভিযোগ কৰিছিল সেয়া ভিত্তিহীন বুলি খাৰিজ কৰাৰ বাবে দলৰ নেতাসকলেই এতিয়া উঠি-পৰি লাগিছে । তেওঁ নিজৰ দলৰ ওপৰত এক নতুন আক্ৰমণ চলাই দাবী কৰে যে আপে 'গুণ্ডাৰ হেঁচাত' সেও মানিছে আৰু এতিয়া তেওঁৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে ।

"কালি মই দলৰ এগৰাকী জ্যেষ্ঠ নেতাৰ পৰা ফোন পাইছিলোঁ । তেওঁ মোক কৈছিল কেনেকৈ সকলোৰে ওপৰত যথেষ্ট চাপ সৃষ্টি কৰা হৈছে । তেওঁলোকক স্বাতীৰ বিৰুদ্ধে লেতেৰা কথা ক'বলৈ, তেওঁৰ ব্যক্তিগত ফটো ফাদিল কৰি তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিবলৈ কোৱা হৈছে । এইটোও কোৱা হৈছে যে যিয়ে তেওঁক সমৰ্থন কৰে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হ'ব । ইয়াৰ বাবে কাৰোবাক সংবাদমেল সম্বোধনৰ দায়িত্ব দিয়া হৈছে আৰু আন কাৰোবাক টুইট কৰাৰ দায়িত্ব দিয়া হৈছে ।" এক্সৰ এটা পোষ্টত স্বাতী মালিৱালে কয় ।

"কাৰোবাৰ কৰ্তব্য হৈছে আমেৰিকাত বহি থকা স্বেচ্ছাসেৱকসকলক ফোন কৰা আৰু মোৰ বিৰুদ্ধে কিবা এটা উলিয়াই দিয়া । অভিযুক্তৰ নিকট সান্নিধ্যত থকা কিছু লোক আকৌ সাংবাদিকৰ কিছুমান ভুৱা ষ্টিং অপাৰেচন প্ৰস্তুত কৰাৰ কৰ্তব্যত নিয়োজিত আছে । আপোনালোকে হাজাৰ হাজাৰ সৈন্য মোৰ বিৰুদ্ধে অৱতীৰ্ণ কৰাব পাৰে, কিন্তু মই অকলে ইয়াৰ সন্মুখীন হ'ম । কিয়নো সত্যটো মোৰ সৈতে আছে । মই তেওঁলোকৰ ওপৰত খং কৰা নাই, কিয়নো অভিযুক্ত এজন অতি শক্তিশালী ব্যক্তি । আনকি ডাঙৰ নেতাসকলেও তেওঁক ভয় কৰে । তেওঁৰ বিৰুদ্ধে থিয় দিবলৈ কাৰো সাহস নাই ।"

"মই দুখিত যে দিল্লীৰ মহিলা মন্ত্ৰীগৰাকীয়ে হাঁহি হাঁহি দলটোৰ এগৰাকী পুৰণি মহিলা সহকৰ্মীৰ চৰিত্ৰক বদনাম কৰিছে । মই মোৰ আত্মসন্মানৰ বাবে যুঁজ আৰম্ভ কৰিছোঁ, মই ন্যায় নোপোৱালৈকে এই যুঁজ অব্যাহত ৰাখিম । এই যুঁজত মই সম্পূৰ্ণ অকলশৰীয়া, কিন্তু মই ইয়াক এৰি নিদিওঁ !" স্বাতীয়ে লগতে কয় ।

উল্লেখ্য যে দিল্লী আৰক্ষীয়ে বুধবাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ সহযোগী বৈভৱ কুমাৰক মুম্বাইৰ পৰা ঘূৰাই আনে । তেওঁক তেওঁৰ আইফোনৰ পৰা তথ্য আৱিষ্কাৰৰ বাবে এদিন পূৰ্বে তালৈ লৈ যোৱা হৈছিল । এগৰাকী বিষয়াই কয় ।

উল্লেখ্য, দিল্লীৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগত বৈভৱ কুমাৰ বৰ্তমান পাঁচ দিনৰ আৰক্ষী জিম্মাত আছে । মঙলবাৰে তেওঁক তেওঁৰ ফোনৰ পৰা তথ্য আৱিষ্কাৰ কৰাৰ বাবে মুম্বাইলৈ লৈ যোৱা হৈছিল । কিয়নো তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে নিজৰ ফোনটো ফৰ্মেট কৰা বুলি অভিযোগ কৰা হৈছিল ।

লগতে পঢ়ক :SIT এ উদঘাটন কৰিব স্বাতী মালিৱাল গোচৰৰ প্ৰকৃত সত্য - SWATI MALIWAL ASSAULT CASE

লগতে পঢ়ক :আৰক্ষীয়ে ৰচিছে কাহিনী; আপক কলংকিত কৰিবলৈ বিজেপিৰ কথা মতে কাম কৰিছে স্বাতী মালিৱালে: আপৰ অভিযোগ - SWATI MALIWAL ASSAULT CASE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.