ETV Bharat / bharat

কাৰাগাৰৰ পৰা ওলায়েই ছিছ’দিয়া পোনে পোনে গ'ল কেজৰিৱালৰ ঘৰলৈ - Manish Sisodia

author img

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 10:15 PM IST

Manish Sisodia released: ১৭ মাহৰ পাছত শুকুৰবাৰে সন্ধিয়া ৬.৫০ বজাত তিহাৰ জেলৰ পৰা ওলাই আহিল দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া । সন্ধিয়া ৫.৩০ বজাৰ পৰা কাৰাগাৰৰ বাহিৰত অপেক্ষা কৰি থকা দেখা গ’ল আপ কৰ্মীক ।

MANISH SISODIA GETS BAIL
মনীষ ছিছ’দিয়াৰ জামিন লাভ (ANI)

নিউজ ডেস্ক, 9 আগষ্ট: দিল্লী সুৰা কেলেংকাৰীৰ সৈতে জড়িত ধন সৰবৰাহৰ (ই ডি) আৰু দুৰ্নীতিৰ (চি বি আই) গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰি শুকুৰবাৰে সন্ধিয়া ৬.৫০ বজাত জেলৰ পৰা ওলাই আহে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া । ১৭ মাহ অৰ্থাৎ প্ৰায় ৫৩০ দিনৰ পিচত শুকুৰবাৰে সন্ধিয়া তিহাৰ জেলৰ পৰা মুকলি কৰি দিয়া হয় আপৰ নেতাগৰাকীক ।

তিহাৰ জেলৰ পৰা ওলাই আহিল প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া (ETV Bharat)

মুক্তিৰ পূৰ্বে জেলৰ বাহিৰত নিৰাপত্তা বৃদ্ধি কৰা হয় । পুৱা জামিন লাভ কৰাৰ পিছতে উচচতম ন্যায়ালয়ৰ নিৰ্দেশৰ প্ৰতিলিপি বিচাৰ আদালতৰ সন্মুখত দাখিল কৰে অধিবক্তাসকলে । তাতেই জামিন বণ্ড পূৰণ কৰি বিয়লি বিচাৰ আদালতে মুক্তিৰ আদেশ জাৰি কৰে ৷

জানিব পৰা মতে, জেলৰ পৰা মুক্তি পোৱাৰ পিছত ছিছ’দিয়া প্ৰথমে চিভিল লাইনত অৱস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ যায় । তাতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পৰিয়ালক লগ পোৱাৰ পিছত তেওঁ যায় ১৭ নং মথুৰা ৰোডত অৱস্থিত মন্ত্ৰী আতিশীৰ বাসগৃহলৈ ।

নীলা আৰু হালধীয়া বেলুনেৰে সজাই তোলা হৈছে বাসগৃহটো । কাইলৈ ​​অৰ্থাৎ শনিবাৰে তেওঁ দলৰ নেতাৰ সৈতে ৰাজঘাটলৈ যাব, তাৰ পিছত মন্দিৰলৈ গৈ পূজা কৰিব । ইয়াৰ পিছত সাক্ষাৎ কৰিব আপৰ নেতাসকলক ।

"জামিন মঞ্জুৰ কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছিল যে আপুনি জনসাধাৰণৰ সৈতে সাপ আৰু জখলা খেলিব নোৱাৰে । একনায়কত্ববাদৰ ম্যাদ উকলি যোৱাৰ সময় আছে । উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্ত একনায়কত্ববাদৰ বাবে মোক্ষম আঘাত । মনীষ ছিছ'দিয়া জামিনৰ পিচত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ যাব ৷ কাইলৈ ​​ৰাজঘাটলৈ যাব আৰু তাৰ পিছত দলৰ নেতা-কৰ্মীক সাক্ষাৎ কৰিব ।" -সন্দীপ পাঠক, সাংসদ আৰু সাধাৰণ সম্পাদক, আপ ৷

আতিশীৰ চৰকাৰী বাসগৃহত থাকিব ছিছ’দিয়া: মথুৰা ৰোডৰ এবি ১৭ নম্বৰৰ প্লটত অৱস্থিত চৰকাৰী বাসগৃহটো উপ-মুখ্যমন্ত্ৰী হোৱাৰ পিছত মনীষ ছিছ’দিয়াক আবণ্টন দিয়া হৈছিল যদিও তেওঁ জেললৈ গৈ মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত এই বাসগৃহটো মন্ত্ৰী আতিশীৰ নামত আবণ্টন দিয়া হৈছিল । অৱশ্যে এই বাসগৃহত এতিয়াও ছিছ’ডিয়াৰ পৰিয়ালে বসবাস কৰে । তাতে আতিশীয়ে নিজৰ কেম্প অফিচ বনাইছে ।

কোৱা হৈছে যে এতিয়া ছিছ’দিয়া এই বাসগৃহত থাকিব, কিন্তু বাসগৃহৰ বাহিৰৰ নাম প্লেটখন হ’ব মন্ত্ৰী আতিশীৰ । ছিছ’দিয়াই মন্ত্ৰী হিচাপে শপত গ্ৰহণ নকৰালৈকে তেওঁৰ নামত ঘৰটো আনুষ্ঠানিকভাৱে আবণ্টন দিব নোৱাৰিব । দিল্লীত আন কোনো বাসগৃহ নাই মনীষ ছিছ’দিয়াৰ ।

উচ্চতম ন্যায়ালয়ে এই চৰ্তসমূহ আৰোপ কৰিছে

  1. ১০ লাখ টকাৰ জামিন বণ্ড দিব লাগিব ছিছ’দিয়াই ।
  2. তেওঁলোকে নিজৰ পাছপ’ৰ্ট জমা দিব লাগে আৰু সাক্ষীক প্ৰভাৱিত কৰিব নালাগে ।

লগতে পঢ়ক: আঁতৰিল বিপদ : 17 মাহৰ পিছত মনীষ চিছোদিয়াক জামিন প্ৰদান উচ্চতম ন্যায়ালয়ৰ - SC GRANTS TO BAIL TO MANISH SISODIA

তাৰিখ পে তাৰিখ...আকৌ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ ম্যাদ 20 আগষ্টলৈ বৃদ্ধি - Delhi liquor scam

প্ৰথমবাৰৰ বাবে কাৰাগাৰৰ কুঠৰীত জন্মদিন উদযাপন কৰিব কেজৰিৱালে - Delhi liquor scam case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.