ETV Bharat / bharat

প্ৰেমিকৰ সৈতে মাতৃক অসংযত অৱস্থাত দেখিলে কন্যাই; এটা হত্যাকাণ্ড এনেকৈয়ে হ’ল - murder for love affair

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 8:58 PM IST

Murder in love: চুবুৰীয়াৰে থকা মাতৃৰ অবৈধ সম্পৰ্কৰ কথা দেউতাকক কৈছিল ছোৱালীজনীয়ে ৷ দেউতাকে মাকক প্ৰথমবাৰলৈ মাফ কৰি, প্ৰেমিকৰ সৈতে সম্পৰ্ক নাৰাখিবলৈ সকীয়াই দিছিল ৷ কিন্তু মাতৃয়ে মনা নাছিল সেই কথা ৷ স্বামী ঘৰত নাথাকিলে প্ৰেমিকৰ সৈতে কোঠাত সোমাই আছিল তেওঁ ৷ ছোৱালীজনীয়ে মাকক প্ৰেমিকৰ সৈতে বহুবাৰ ধৰা পেলাইছিল অসংযত অৱস্থাত ৷ এনেকৈ আৰু কিমান দিন চলিব ? অৱশেষত এই প্ৰেমৰ চৰম পৰিণতি হ’লগৈ এটা হত্যাকাণ্ড ৷ কোনে কাক হত্যা কৰিলে ? পঢ়ক সবিশেষ...

Murder in love
MURDER FOR LOVE AFFAIR (ETV Bharat)

নিউজ ডেস্ক, 28 জুন: বিবাহ বৰ্হিভূত প্ৰেম এক প্ৰকাৰ ব্যাধিলৈ পৰিণত হৈছে ৷ যিয়ে এখন ঘৰ, এখন সংসাৰ থানবান কৰাই নহয়, বহুতৰে জীৱনো ধ্বংস কৰিছে ৷ বিবাহ বৰ্হিভূত সম্পৰ্কৰ বাবে কি কি নহয় ? হত্য়া, আত্মহত্যা, অপহৰণ, নিৰ্যাতন, কৈ থাকিলে শেষ নহ’ব ৷ বিবাহ বৰ্হিভূত প্ৰেমৰ এনেবোৰ কুপ্ৰভাৱৰ পিচতো কিন্তু বৰ্তমান সময়ত এই ঘটনা মাত্ৰাধিক হোৱা দেখা গৈছে ৷ এনে এক বিবাহ বৰ্হিভূত প্ৰেমৰ ঘটনাই কলংকিত কৰিলে মাতৃ-কন্যাৰ সম্পৰ্কক ৷

ৰহস্যজনক মৃত্যু: 27 জুনত ডেৰাডুনত সংঘটিত হোৱা এটা চঞ্চল্যকৰ মৃত্য়ুৰ ঘটনাৰ ৰহস্য় ফাদিল কৰিলে আৰক্ষীয়ে ৷ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্য়ুৰ অনুসন্ধান কৰি আৰক্ষীয়ে ধৰা পেলালে হত্যাকাৰীক ৷ আপুনি জানি আচৰিত হ’ব, হত্য়াকাৰী আন কোনো নহয় ৷ খোদ যুৱতীগৰাকীৰ মাতৃয়েই হত্য়া কৰিছিল তেওঁক ৷ প্ৰেমিকৰ সৈতে মিলি নিজ কন্যাক হত্যা কৰাৰ পিচত সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰে মহিলাগৰাকীয়ে ৷

লগতে পঢ়ক: ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড - CRPF jawan murder

আত্মহত্যাৰ নাটক: 27 জুনৰ পুৱা পেটেল নগৰ থানাৰ অধীনৰ চৌকী বজাৰা এলেকাত এগৰাকী 20 বছৰীয়া যুৱতীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহে ৷ যুৱতীগৰাকীৰ মাতৃয়ে আৰক্ষীক কয় যে তেওঁৰ কন্য়াই চিপজৰী লৈ আত্মহত্য়া কৰিছে ৷ তেৱেঁই যুৱতীগৰাকীৰ শৰীৰ তললৈ নমাই আৰু স্বামীৰ লগতে পৰিয়ালৰ আন লোকসকলক খবৰ দিয়ে ৷ যুৱতীগৰাকীৰ পিতৃ পুৱা প্ৰায় 4 বজাত গাখীৰ বিক্ৰী কৰিবলৈ গৈছিল ৷ তেতিয়াই এই ঘটনা সংঘটিত হয় ৷

মাতৃৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ: আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷ যুৱতীগৰাকীৰ মাতৃৰ আচৰণৰ ওপৰত সন্দেহ ওপজে আৰক্ষীৰ ৷ কিয়নো তেওঁ কৈছিল যে অকলে যুৱতীগৰাকীৰ দেহটো তললৈ নমাইছিল আৰু তাৰ পিচত পৰিয়ালৰ লোকক তথা নিজৰ স্বামীক খবৰ দিছিল ৷ এছ এছ পি অজয় সিঙে পেটেল নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এই ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ নিৰ্দেশ দিয়ে ৷

চুবুৰীয়াৰে প্ৰেমৰ সম্পৰ্ক: আৰক্ষীয়ে ওচৰ-চুবুৰীয়া লোকক সোধা-পোচা কৰাত জানিব পাৰে যে মৃত যুৱতীগৰাকীৰ মাতৃৰ তেওঁলোকৰ চুবুৰীয়া এজন যুৱকৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক ৷ এই সম্পৰ্কে জানিব পাৰিছিল যুৱতীগৰাকীয়ে ৷ আনকি এই বিষয়ে যুৱতীগৰাকীয়ে পিতৃকো অৱগত কৰিছিল ৷ আৰক্ষীয়ে এই বিষয়ে সোধাত যুৱতীগৰাকীৰ পিতৃয়ে সকলো কথা স্বীকাৰ কৰে ৷

লগতে পঢ়ক: পৰকীয়া প্ৰেমৰ কৰুণ পৰিণতি ! বজালীত জ্যেষ্ঠ ভাতৃয়ে গুপ্তাংগ কাটি হত্যা কৰিলে নিজ ভাতৃক

সন্দেহ সঁচা হ’ল আৰক্ষীৰ: মৃত যুৱতীৰ মাতৃ আৰু চুবুৰীয়া যুৱকজনৰ বিবাহ বৰ্হিভূত প্ৰেমৰ সম্পৰ্কৰ কথা জানিব পাৰি আৰক্ষীয়ে দুয়োকে থানালৈ লৈ আহে ৷ তাৰ পিচতেই আৰক্ষীৰ জেৰাত সকলো স্বীকাৰ কৰিবলৈ বাধ্য হয় দুয়োৱে ৷ যুৱতীগৰাকীৰ মাতৃয়ে স্বীকাৰ কৰে যে তেওঁলোকৰ ঘৰৰ ওচৰতে বাস কৰা যুৱকজনৰ সৈতে তেওঁৰ অবৈধ সম্পৰ্ক আছিল ৷ যিটো কথা তেওঁৰ কন্য়াই জানিব পাৰি পিতৃকো অৱগত কৰিছিল ৷

এবাৰ স্বামীয়ে মাফ কৰিছিল পত্নীক: আৰক্ষীয়ে কয় যে যেতিয়া যুৱতীগৰাকীয়ে নিজৰ দেউতাকক মাকৰ অবৈধ সম্পৰ্কৰ কথা কৈছিল, তেতিয়া পতি-পত্নীৰ মাজত কাজিয়া হৈছিল ৷ অৱশ্যে স্বামীয়ে এই ভুলৰ বাবে প্ৰথমবাৰ পত্নীক মাফ কৰি দিয়ে আৰু সেই যুৱকজনৰ সৈতে পুনৰ কোনো যোগাযোগ নাৰাখিবলৈ কয় ৷

লগতে পঢ়ক: স্বামীৰ অনুপস্থিতিত সদায়ে যায় ঘৰলৈ, এতিয়া হেলমেটৰ আঁৰত মুখ ঢাকি গৈছে থানালৈ - Extra Marital Affair

সকীয়নিৰ পিচতো প্ৰেম: অবৈধ সম্পৰ্কৰ কথা পোহৰলৈ অহাৰ পিচতো কিন্তু মহিলাগৰাকীয়ে তেওঁৰ প্ৰেমিকৰ সৈতে যোগাযোগ এৰি দিয়া নাছিল ৷ যুৱকজনে পুনৰ সুবিধা বুজি মহিলাগৰাকীৰ ঘৰলৈ আহিছিল ৷ বহুবাৰ দুয়োকে আপত্তিজনক অৱস্থাত পাইছিল মহিলাগৰাকীৰ 20 বছৰীয়া কন্যাই ৷ মহিলাগৰাকীয়ে নিজ কন্যাক কথা দিছিল যে এইবাৰ স্বামীৰ লগতে পৰিয়ালৰ আন সকলোৰে আগত তেওঁ দোষ স্বীকাৰ কৰিব ৷ তাৰ পিচতেই প্ৰেমিকৰ সৈতে মিলি ৰচিছিল প্ৰেমৰ বাটত কাঁইট হৈ পৰা নিজ কন্যাক একেবাৰে আঁতৰোৱাৰ পৰিকল্পনা ৷

লগতে পঢ়ক: Nalbari murder case: আত্মীয়ক হত্যা কৰা আহমদ আলীৰ আত্মসমৰ্পণ

স্বামী ঘৰৰ পৰা ওলাই যোৱাৰ পিচতেই ঘটিল অঘটন: আৰক্ষীয়ে জনাই যে যুৱতীগৰাকীৰ পিতৃয়ে গাখীৰ যোগান ধৰাৰ কাম কৰে আৰু তেওঁ দোকমোকালিতে গাখীৰ বিক্ৰীৰ বাবে ওলাই যায় ৷ 27 জুনত তেওঁ নিজৰ কামলৈ ওলাই যোৱাৰ পিচতেই পত্নীয়ে নিজৰ প্ৰেমিকক ঘৰলৈ মাতে ৷ তাৰ পিচত দুয়ো যুৱতীগৰাকীৰ কোঠালৈ যায় ৷ এখন চুৰ্ণীৰে ডিঙি চেপি দুয়ো হত্যা কৰে যুৱতীগৰাকীক ৷ তাৰ পিচত এই ঘটনাক আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে ওলোমাই থয় চিলিং ফেনত ৷ সেই সময়ত ঘৰটোৰ আন এটা কোঠাত শুই আছিল যুৱতীগৰাকী ভাতৃ আৰু ভগ্নী ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মহিলাগৰাকীৰ লগতে তেওঁৰ প্ৰেমিককো গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: Extramarital Affairs news : এজন অট’ৱালা, এটা চৰকাৰী চাকৰি আৰু এটা অবৈধ সম্পৰ্কৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.