ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন : ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক - Election Commission of India

author img

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 1:15 PM IST

ECI JK Visit : বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাৰ বাবে কাশ্মীৰত উপস্থিত হৈছে নিৰ্বাচন আয়োগৰ সদস্যসকল ।

ECI JK Visit
জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠক (ETV Bharat)

নিউজ ডেস্ক, ৮ আগষ্ট : বহু বিলম্বিত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে মতামত আৰু পৰামৰ্শ গ্ৰহণৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাত মিলিত হৈছে ।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল বৃহস্পতিবাৰে পুৱা শ্ৰীনগৰত উপস্থিত হয় । ৰাজ্যখনৰ ছটাকৈ স্বীকৃত ৰাজনৈতিক দলৰ সৈতে পুৱা ১১ বজাৰ পৰা নিৰ্বাচন আয়োগৰ এই বৈঠক অনুষ্ঠিত হৈছে । দুয়োগৰাকী নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু এছ এছ সান্ধুও বৈঠকত উপস্থিত আছে ।

আলোচনাত অংশগ্ৰহণ কৰা দলবোৰৰ ভিতৰত আছে নেচনেল কনফাৰেন্স, পি ডি পি, কংগ্ৰেছ, ভাৰতীয় জনতা পাৰ্টী, চি পি আই (এম) আৰু পেন্থাৰ্ছ পাৰ্টী । এই দলকেইটাই নিৰ্বাচন আয়োগক সাক্ষাৎ কৰি বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাবলৈ তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণ কৰিছে ।

আনহাতে, নিৰ্বাচন আয়োগৰ দলটোৱে বিয়লিৰ ভাগত কেন্দ্ৰীয়শাসিত ৰাজ্যখনৰ ২০ খন জিলাৰ উপায়ুক্ত আৰু এছ এছ পিসকলক সাক্ষাৎ কৰিব । ইয়াৰ উপৰি সন্ধিয়াৰ সময়ত মুখ্য নিৰ্বাচনী বিষয়া পি কে পোলৰ লগতে অন্যান্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে আলোচনাত বহিব ।

ইফালে জম্মু-কাশ্মীৰৰ পৰা উভতি অহাৰ পূৰ্বে শুকুৰবাৰে নিৰ্বাচন আয়োগে জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল দুল্লো আৰু আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰিব । ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত কৰিলে নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত নিৰাপত্তা সংস্থাসমূহৰ সৈতেও আলোচনা কৰিব । তাৰ পিচত জম্মু-কাশ্মীৰত অনুষ্ঠিত বৈঠকৰ বিষয়ে এক সংবাদমেল অনুষ্ঠিত কৰি সদৰী কৰিব ।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয়শাসিত অঞ্চলটোত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দিয়া ৩০ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিয়াৰ এমাহ পূৰ্বে নিৰ্বাচন আয়োগে ৰাজ্যখন ভ্ৰমণ কৰিছে । জম্মু-কাশ্মীৰত ২০১৪ চনত অন্তিমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল । এই নিৰ্বাচনত পি ডি পি-বিজেপিয়ে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল । অৱশ্যে ২০১৮ চনৰ জুন মাহত চৰকাৰখন ভংগ হয় । তাৰ পিচৰে পৰা জম্মু-কাশ্মীৰ ৰাষ্ট্ৰপতি শাসনৰ অধীনত আছে ।

আনহাতে, অনুচ্ছেদ 370 বাতিলৰ পিচত জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চল লেফটেনেণ্ট গভৰ্ণৰ আৰু তেওঁৰ একমাত্ৰ উপদেষ্টাৰ দ্বাৰা পৰিচালিত হৈ আহিছে । ইফালে ৰাজনৈতিক দলসমূহে কেন্দ্ৰীয়শাসিত অঞ্চলটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা আৰু সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰ প্ৰদানৰ দাবী জনাই আহিছে ।

লগতে পঢ়ক :মণিপুৰৰ কাকচিঙত অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক সামগ্ৰী জব্দ সেনা-আৰক্ষীৰ - ARMS RECOVERD IN MANIPUR
লগতে পঢ়ক :পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ দেহাৱসান - BUDDHADEB BHATTACHARJEE PASSES AWAY

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.