ETV Bharat / bharat

মেষ ৰাশিয়ে কথা কওতে হওক সাৱধান...কন্যা ৰাশিৰ ভাগ্য উদয়...চাওক আৰু কি কি আছে আজিৰ ৰাশিফলত - Daily Horoscope For 7th June

author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 12:14 AM IST

Daily Horoscope For 7th June: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope For 7th June 2024
আজিৰ দিনটোৰ ৰাশিফল (Etv Bharat)

মেষ ৰাশি: আজি আপুনি নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কাৰোবাৰ আগত কথা কোৱাৰ সময়ত সতৰ্ক থাকক, কিয়নো মনত আঘাত দিব পৰা কথা আৰু কটুবাক্যই সু-সম্পৰ্কক নষ্ট কৰি দিব পাৰে ৷ দিনটোৰ শেষভাগত আপুনি নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ সক্ষম হ’ব, যাৰ ফলত আপুনি উত্তেজিত আৰু লগতে উদ্বিগ্নও হৈ থাকিব ৷ অৱশ্যে সৰু-সুৰা কোনো সমস্যাত পৰিলে আপুনি সহকৰ্মীসকলক ভৰসা কৰিব পাৰে, তেওঁলোকে আপোনাক সাহায্য কৰিব, নিৰাশ নকৰিব তেওঁলোকে ৷ নিজৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক!

বৃষ ৰাশি: আজি আপুনি দিনটোৰ পাতনি মেলিব আনন্দপূৰ্ণ হাঁহিমুখেৰে ৷ বন্ধুসকলৰ বাহিৰেও আজি আপুনি নতুন মানুহৰ সাক্ষাৎ পাব পাৰে ৷ যাৰ ফলত আপুনি তজবজীয়া আৰু উজ্জীৱিত হৈ উঠিব ৷ তেওঁলোকৰ সৈতে চহৰৰ দাঁতিকাষৰীয়া ঠাইলৈ ফুৰ্তি কৰিবলৈ যোৱাৰ পৰিকল্পনাও হয়তো কৰিব আপুনি ৷ অৱশ্যে দিনটোৰ পিছৰ ভাগত আপোনাৰ নক্ষত্ৰবোৰ সামান্য দুৰ্বল থাকিব যেন লাগিছে ৷ কথা কোৱাৰ সময়ত সাৱধানে থাকিব, কিয়নো উত্তপ্ত বিবাদৰ যোগ আছে ৷ শত্ৰুসকলৰপৰা সাৱধান, কিয়নো তেওঁলোকে আপোনাৰ প্ৰতি পদক্ষেপত চকু ৰাখি আছে ৷ আজি ধৰ্মীয় বিষয় আৰু কাৰ্য-কলাপৰ প্ৰতি আপোনাৰ আসক্তি দেখা দিব পাৰে ৷ আপোনাৰ দিনটো আজি মনোৰম!

মিথুন ৰাশি: শুভ দিন! আজিৰ দিনটো আপুনি খেল ধেমালি বা মনোৰঞ্জনৰে আৰম্ভ কৰক ৷ জগিং বা ব্যায়াম কৰক ৷ তেতিয়া আপুনি শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ এই সময় ছুটী কটোৱাৰ বাবে উপযুক্ত ৷ বন্ধুসকলৰ সৈতে আপুনি আজি প্ৰাকৃতিক দৃশ্য চাবলৈ যাব পাৰে ৷ ইয়াৰ লগতে বাৰ্বিকিউ তথা অন্যান্য ভাল খাদ্যও উপভোগ কৰিব পাৰে ৷ আজিৰ এই অনুকূল সময়ৰ যিমান পাৰে সদ্ব্যৱহাৰ কৰক!

কৰ্কট ৰাশি: দিনৰ প্ৰথমাৰ্ধ আপোনাৰ বাবে সামান্য জটিল হ’ব যেন লাগিছে ৷ অৱশ্যে প্ৰতিকূলতাৰ মাজতো আপুনি নিজৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰয়াসৰ দ্বাৰা সুফল লাভ কৰিব ৷ আজি আপোনাৰ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ বিশেষ পেটৰ গণ্ডগোলে আপোনাক আমনি দিব পাৰে ৷ অৱশ্যে দ্বিতীয়াৰ্ধত আপোনাৰ স্বাস্থ্যৰ লাহে লাহে উন্নতি হৈ আছে ৷ কৰ্মক্ষেত্ৰত আজি আপুনি আগৰ ৰৈ যোৱা কামবোৰ শেষ কৰি পেলাব ৷

সিংহ ৰাশি: আজি সাৱধানতা অৱলম্বন কৰক ৷ আজি আপুনি বহুত চাপ আৰু দুশ্চিন্তাত থাকিব, যাৰ ফলত গোটেই দিনটো আপুনি অস্থিৰ হৈ থাকিব ৷ আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ লগতে নিজৰ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰপৰা বিৰত থাকক ৷ আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে ৷ অতিৰিক্ত ধন উপাৰ্জনৰ উপায় উলিওৱাৰ বাবে সময়টো ভাল ৷ সন্তানসকলক লৈ চিন্তা থাকিব মনত ৷ ধ্যান কৰক ৷ তেতিয়া আপোনাৰ অস্থিৰ মন কিছু সকাহ পাব ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ এয়া হ’ল আনন্দ-ফুৰ্তি কৰাৰ সময় ৷ আপোনাৰ পৰিয়াল আৰু বন্ধুসকলে আপোনাক সহায়-সহযোগিতা আগবঢ়াব ৷ এয়া তেওঁলোকক আপোনাৰ প্ৰতি অধিক ঘনিষ্ঠ কৰি তুলিব ৷ অৱশ্যে মধ্যাহ্নৰ পিচত কিছু চিন্তা আহিব পাৰে ৷ এই চিন্তাৰ অন্যতম এটা কাৰণ হ’ব আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব, কিয়নো এইবোৰ আপোনাৰ কাৰণে বিপদ মাতিব পাৰে ৷

তুলা ৰাশি: ইতিবাচক হৈ থাকক আৰু নেতিবাচক মনোভাৱ এৰাই চলক ৷ এই সময়ছোৱাত পৰিপক্বতা দেখুৱালে আপুনি উপকৃত হ’ব পাৰে ৷ ঘৰত কোনো ধৰণৰ কাজিয়া বিবাদ সৃষ্টি হ’বলৈ নিদিব ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ এনেকুৱা পৰিস্থিতিক বৈ যাবলৈ দিলে দিনটোৰ দ্বিতীয়াৰ্ধ সামান্য উন্নত হ’ব পাৰে ৷ আপুনি তেতিয়া আৰু গোমা হৈ নাথাকিব ৷ আপোনাৰ চাৰিওফালে সুখে বিৰাজ কৰিব ৷ নতুন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰতি আপোনাৰ আগ্ৰহ জন্মিব পাৰে, যি আপোনাৰ প্ৰতিযোগীসকলৰ বিৰুদ্ধে কাম কৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ আজি আপুনি সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ আপোনাৰ আজিৰ দিনটো পৰিয়ালৰ সৈতে থাকি আৰম্ভ হ’ব আৰু তেনেকৈয়ে শেষ হ’ব ৷ সু-সংবাদ পোৱাৰ বাবে সাজু থাকক, সেই সংবাদ পালে আপোনাৰ আজিৰ দিনটো ভালে যাব ৷ অৱশ্যে সাৱধানে থাকিব, কিয়নো দিনটোৰ শেষৰ ফালে পৰিয়ালৰ লোকৰ সৈতে সুস্থ আলোচনা তিক্ততাৰ ফালে ঢাল খাব পাৰে ৷ অনাৱশ্যক ব্যয় এৰাই চলক ৷

ধনু ৰাশি: আজি আপুনি দুৰ্ঘটনাত পৰিব পাৰে ৷ সাৱধানে থাকক ৷ আজি আপোনাৰ চিকিৎসা বা চাৰ্জাৰী কৰাবলগীয়া থাকিলে সেয়া পিচুৱাই দিয়ক, কিয়নো আপোনাৰ গ্ৰহ আজি অনুকূলত নাই ৷ আপোনাৰ আত্মীয়-স্বজনেও প্ৰতিকূল পৰিস্থিতিত পৰিব পাৰে ৷ আপুনি আজি মনোৰঞ্জন লাভৰ বাবে ব্যয় কৰিব পাৰে ৷ সন্ধিয়া পৰিয়াল আৰু বন্ধুৰ সৈতে হাঁহি-ফুৰ্তি কৰি কটালে দিনটো মনত থাকি যাব ৷

মকৰ ৰাশি: ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে দিনটো ভালদৰে পাৰ হ’ব ৷ আপোনাৰ পত্নী আৰু সন্তানৰ সৈতে সুখী পৰিয়ালৰ জীৱন উপভোগ কৰিব পাৰে ৷ অৱশ্যে সন্ধিয়াৰ ফালে আপোনাৰ বিৰক্তি আৰু চাপ বাঢ়িব পাৰে ৷ বিতৰ্কৰ সৃষ্টি হ’ব পৰা বা বিবাদত লিপ্ত হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ বিলাসী নৈশভোজ বা বোলছবি উপভোগ কৰাৰ নামত আপোনাৰ বহুত টকা খৰচ হ’ব পাৰে ৷ ভাবি চিন্তি খৰচ কৰক ৷

কুম্ভ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে ৷ ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ কাৰণে দিনটো লাভদায়ক কিয়নো আৰ্থিক লাভ হোৱাৰ উপৰিও পদোন্নতিৰো যোগ আছে ৷ এয়া সম্ভৱ হ’ব কাৰণ আপুনি আপোনাৰ কাম ভালদৰে সমাপন কৰি গৈ আছে ৷ ব্যৱসায়ীকলৰ হাতত ধন আহিব, কিয়নো আজি তেওঁলোকে বাকী থকা ধন আদায় কৰিব পাৰে ৷ বহুদিনৰ পিচত বন্ধুসকলক লগ ধৰি আপুনি সুখী অনুভৱ কৰিব ৷ বন্ধুসকলৰ সৈতে ৰোমান্সকৰ ভ্ৰমণত যাওঁক আৰু ভালকৈ সময় পাৰ কৰক ৷ ঘৰত আজি শান্তি বৰ্তি থাকিব ৷ সন্তানৰ উন্নতিয়ে আপোনাক গোটেই দিনটো আনন্দত ৰাখিব ৷

মীন ৰাশি: আজি আপুনি হয়তো ভাগৰুৱা অনুভৱ কৰিব পাৰে ৷ কিন্তু আপোনাৰ ঘৰত আজি বহুদিন পিচত যেতিয়া আপোনাৰ পৰিয়ালৰ লোক আৰু সম্বন্ধীয় ভাই-ভনীসকলে আহিব, তেতিয়া তেওঁলোকক লগ পাই আপুনি নথৈ আনন্দিত হ’ব ৷ সাহিত্য আৰু লেখামেলাৰ এটা নতুন চখ আপোনাৰ মাজত উপজিব, সেইবোৰ লৈয়ে হয়তো ব্যস্ত থাকিব ৷ আপুনি নতুন কোনো পৰিকল্পনা বাস্তৱায়িত কৰাৰ কামত হাত দিব পাৰে আৰু কোনো বাধা বিঘিনি নোহোৱাকৈয়ে সেয়া সম্পূৰ্ণ হোৱা দেখিবলৈ পাব ৷ আপোনাৰ কাৰণে আৰ্থিক লাভে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক: এই সপ্তাহত মেষ ৰাশিৰ ব্যৱসায়ত অগ্ৰগতি লাভ; বৃশ্চিক ৰাশিৰ পদোন্নতি, চাওক আৰু কি কি আছে সপ্তাহটোৰ ৰাশিফলত - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.