ETV Bharat / bharat

ৰাহুল গান্ধীক বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ আহ্বান চি ডব্লিউ চিৰ : বেণুগোপাল - Congress Working Committee

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:58 PM IST

CWC Meeting : কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে এইবাৰৰ সাধাৰণ নিৰ্বাচনত দলটোৰ প্ৰদৰ্শনৰ বাবে ৰাহুল গান্ধীৰ দুটা ভাৰত জোড়ো যাত্ৰাৰ প্ৰশংসা কৰে । লগতে সৰ্বসন্মতিক্ৰমে তেওঁক লোকসভাত বিৰোধী দলৰ নেতাৰ পদ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

CWC Meeting
ৰাহুল গান্ধী (ANI Photo)

নিউজ ডেস্ক, ৮ জুন : কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্যসকলে শনিবাৰে সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ আহ্বান জনায় । লগতে সাধাৰণ নিৰ্বাচনত দলটোৰ প্ৰদৰ্শনৰ বাবে তেওঁৰ দুটাকৈ ভাৰত জোড়ো যাত্ৰাকো কৃতিত্ব দিয়ে ।

বৰ্ধিত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ (চি ডব্লিউ চি) বৈঠকৰ পিচত এক সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে কয় যে চি ডব্লিউ চিৰ সদস্যসকলে সৰ্বসন্মতিক্ৰমে ৰাহুল গান্ধীক বিৰোধী দলৰ নেতাৰ ভূমিকা ল'বলৈ অনুৰোধ জনাইছে । "ৰাহুল গান্ধীয়ে কৈছে যে তেওঁ অতি সোনকালে এই বিষয়ত সিদ্ধান্ত ল'ব ।" বেণুগোপালে লগতে কয় ।

উল্লেখ্য যে ২০১৪ চনত ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পিচত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে লোকসভাত বিৰোধী দলৰ নেতাৰ পদ লাভ কৰিব । বিগত 10 বছৰত দলটোৱে এই সন্মান লাভ কৰাত ব্যৰ্থ হৈছিল । কিয়নো 2014 আৰু 2019 দুয়োবাৰেই দলটোৰ সদস্যৰ সংখ্যা সদনৰ মুঠ আসনৰ প্ৰয়োজনীয় 10 শতাংশতকৈ কম আছিল ।

বেণুগোপালে এইটোও কয় যে দলটোৰ নেতা আৰু কৰ্মীসকলক উৎসাহিত হৈছে । লগতে চি ডব্লিউ চিৰ এইটোও অনুভৱ হৈছে যে কংগ্ৰেছৰ পুনৰুজ্জীৱিতকৰণ আৰম্ভ হৈছে । সভাত চি ডব্লিউ চিয়ে দুটা প্ৰস্তাৱো গ্ৰহণ কৰে । এটা প্ৰস্তাৱত লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনৰ বাবে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ ভূমিকাক প্ৰশংসা কৰা হয় ।

বৈঠকত ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাক উন্নত প্ৰদৰ্শনৰ বাবে কৃতিত্ব দিয়ে । চি ডব্লিউ চিৰ প্ৰস্তাৱত লগতে কোৱা হৈছে যে জনসাধাৰণৰ ৰায় বিজেপিৰ বাবে কেৱল ৰাজনৈতিক ক্ষতিয়েই নহয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে ব্যক্তিগত আৰু নৈতিক পৰাজয়ো । কিয়নো তেওঁ নিজৰ নামত জনাদেশ বিচাৰিছিল ।

উল্লেখ্য, এইবাৰ কংগ্ৰেছ লোকসভাৰ দ্বিতীয় সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে । ইয়াৰ ফলত 2019 চনৰ নিৰ্বাচনত 52 খন আসনৰ সংখ্যাৰ পৰা বৰ্তমান 99 খনলৈ উন্নীত হৈছে ।

লগতে পঢ়ক :৯ জুনত তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত ল'ব নৰেন্দ্ৰ মোদীয়ে - Narendra Modi to take oath as PM for 3rd time

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.