ETV Bharat / bharat

প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে, ৰাজনীতিৰ পৰা অৱসৰৰ তাৰিখ ঘোষণা কৰক ! ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীক আহ্বান অসমৰ মুখ্যমন্ত্ৰীৰ - Assam CM Himanta Biswa Sarma

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2024, 7:30 AM IST

Updated : Aug 26, 2024, 8:20 AM IST

Assam CM Himanta Biswa targeted Jharkhand CM Hemant Soren: ঝাৰখণ্ডৰ জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণত মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন ব্যৰ্থ হোৱাৰ অভিযোগ কৰি তেওঁক ৰাজনীতিৰ পৰা অৱসৰৰ তাৰিখ ঘোষণা কৰাৰ আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যখনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীক এই আহ্বান জনাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

Assam CM Himanta Biswa Sarma
ঝাৰখণ্ডত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল (ETV Bharat)

নিউজ ডেস্ক, ২৬ আগষ্ট: ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিয়ে হেমন্ত চৰকাৰক লক্ষ্য কৰি লৈছে । অসমৰ মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি আৰু ঘোষণাৰ কথা সোঁৱৰাই দি কয় যে এতিয়া আপোনালোকে ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰিব লাগে । কাৰণ আপুনি নিজেই বীৰ শ্বহীদ নিৰ্মল মহতোৰ সমাধিস্থলত কৈছিল যে যদি প্ৰতি বছৰে ৫ লাখ যুৱকক চাকৰি দিয়া নহয় তেন্তে মই ৰাজনীতিৰ পৰা অৱসৰ লম ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat)

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "ছেপ্টেম্বৰলৈকে আপোনাৰ হাতত সময় আছে কাৰণ নৱেম্বৰ মাহত হ’বলগীয়া প্ৰস্তাৱিত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অক্টোবৰৰ পৰা আচৰণ বিধি বলবৎ হ’ব । গতিকে ২ অক্টোবৰত গান্ধী জয়ন্তীত ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰাটো সঠিক হ’ব ।" মুখ্যমন্ত্ৰী হিমন্তই কয় যে যদি শিবু ছোৰেনৰ পুত্ৰই জনসাধাৰণৰ আগত দিয়া প্ৰতিশ্ৰুতি পালন নকৰে তেন্তে কোনে কৰিব ?

লগতে পঢ়ক: ৰাঁচীত বিজেপি বিধায়কৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam CM Jharkhand Visit

ঝাৰখণ্ডৰ চৰকাৰৰ প্ৰতিশ্ৰুতি সোঁৱৰাই দি ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত জে এম এমত কি প্ৰতিশ্ৰুতি দিছিল সেয়া ভিডিঅ’ ক্লিপিঙৰ জৰিয়তে সংবাদমেলত দেখুওৱা হৈছিল । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে তেওঁ খিজৰি বিধানসভা সমষ্টিৰ হুয়াংঘাটু গাঁৱলৈ যোৱাৰ সুযোগ পাইছিল । তাত মহিলাসকলক হেমন্ত চৰকাৰে দুখীয়াক বিনামূলীয়াকৈ বালি দিব বুলি কোৱা হৈছিল । আপোনালোকে বিনামূলীয়াকৈ বালি পাইছে নেকি ? সকলোৱে কৈছিল যে ১ কেজি বালিও বিনামূলীয়াকৈ পোৱা নাই । তাত থকা গাঁওবাসীয়ে জনোৱা মতে, প্ৰতি চিএফটি বালিৰ দাম ৫৫০০ টকাৰ পৰা ৬০০০ টকালৈ বৃদ্ধি পাইছে । ইয়াৰ পৰা স্পষ্ট যে ৰাইজক দিয়াৰ পৰিৱৰ্তে চৰকাৰে তেওঁলোকৰ পৰা ধন উলিয়াইছে ।

অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, মুখ্যমন্ত্ৰীয়ে বালি বিনামূলীয়াকৈ দিম বুলি কয় কিন্তু মাফিয়াই নিদিওঁ বুলি কয় । এক প্ৰকাৰে চৰকাৰে ডকাইতি কৰিছে । বালিৰ টকা কাৰ পকেটত গৈ আছে বুলি তেওঁ সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে। ঝাৰখণ্ড মুক্তি মৰ্চাৰ কৰ্মকৰ্তাসকলে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ভূমিৰ বাস্তৱতা জনাব লাগে । তেওঁ কয় যে যেতিয়া মই ঝাৰখণ্ডত অনুপ্ৰৱেশকাৰীৰ বিষয়টো উত্থাপন কৰিছিলো তেতিয়া তেওঁ ভাল পোৱা নাছিল যদিও এতিয়া আল কায়দা সংযোগৰ গোচৰত ৰাঞ্চিত চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী শৰ্মাৰ লাভ-লেণ্ড জেহাদ ইছ্যুৱে ঝাৰখণ্ডকো প্ৰভাৱাম্বিত কৰিব নেকি ? - Himanta Biswa Sarma

যুৱক-যুৱতীসকলে যেতিয়া নিজৰ অধিকাৰৰ দাবীত প্ৰতিবাদী সমদল উলিয়ায়, তেতিয়া তেওঁলোকক বিনিময়ত কন্দুৱা গেছ আৰু লাঠিৰে আদৰণি জনোৱা হয় । মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে নিজকে ভগৱান বুলি গণ্য কৰিছে । তেওঁৰ সন্মুখত কেৱল প্ৰাৰ্থনা কৰিব পাৰিব । ঝাৰখণ্ড বিজেপিৰ নিৰ্বাচনী সহ-প্ৰভাৰী তথা অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই অভিযোগ উত্থাপন কৰে যে মইয়া সন্মান যোজনাৰ নামত ব্যয় কৰা ধনতকৈ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ ফটো প্ৰকাশ আৰু ওলমোৱাত অধিক ধন ব্যয় কৰা হৈছে ।

Last Updated : Aug 26, 2024, 8:20 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.