ETV Bharat / bharat

মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত - MANIPUR VIOLENCE

মণিপুৰৰ প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজতে কেন্দ্ৰই ৫ হাজাৰোধিক নিৰাপত্তাৰক্ষীৰে গঠিত কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অতিৰিক্ত ৫০ টা কোম্পানী প্ৰেৰণ কৰিব ।

Manipur Violence
মণিপুৰলৈ ৰাওনা হ'ব ৫০ টা অতিৰিক্ত CAPF কোম্পানী (ANI/PTI)
author img

By PTI

Published : Nov 18, 2024, 4:50 PM IST

নতুন দিল্লী : হিংসাৰ দাবানলত দগ্ধ মণিপুৰ । এটা বছৰতকৈ অধিক সময় ধৰি নৰমেধ যজ্ঞ চলি আহিছে মণিপুৰত । বিশেষকৈ দুটা জনজাতীয় সম্প্ৰদায়ৰ মাজত গা কৰি উঠা বিবাদৰ পৰণতিত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনত সৃষ্টি হয় চৰম পৰিস্থিতিৰ । কেইবা শ লোকে প্ৰাণ হেৰুওৱাৰ লগতে হাজাৰ হাজাৰ লোক আহত হৈছে । লাখ লাখ লোক গৃহহীন হৈছে ।

মাজতে অৱশ্যে কিছুদিন হিংসাত্মক ঘটনাই শাম কাটে । বিক্ষিপ্ত দুই-এটা ঘটনাৰ বাহিৰে মণিপুৰে স্বাভাৱিক অৱস্থালৈ উভতি অহাৰ পথত আগবাঢ়ে । বিভিন্ন পক্ষৰ হস্তক্ষেপত পৰিস্থিতি শান্ত হোৱাৰ দিশে আগবঢ়াৰ সময়তে শেহতীয়াভাৱে নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা পুনৰ উত্তপ্ত হৈ উঠিছে মণিপুৰৰ পৰিস্থিতি । প্ৰায় ২০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাগৰাকীও লোক আহত হৈছে আৰু কেইবাজনো নিৰুদ্দেশ হৈ আছে ।

তাৰ মাজতে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ নিৰাপত্তা পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে । উত্তৰ-পূবৰ ৰাজ্যখনৰ অস্থিৰ পৰিস্থিতিৰ অৱসানৰ বাবে বিশেষ ৰণনীতি প্ৰস্তুত কৰা হয় বৈঠকত ।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহন আৰু চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক তপন ডেকাৰ উপৰি অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থকা বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । তাৰে ভিতৰত তাৎক্ষণিক সিদ্ধান্ত হিচাপে হিংসাজৰ্জৰ ৰাজ্যখনলৈ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ ৫,০০০তকৈ অধিক জোৱানৰ ৫০ টা অতিৰিক্ত কোম্পানী ৰাজ্যখনলৈ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য যে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেওবাৰে মহাৰাষ্ট্ৰত তেওঁৰ নিৰ্বাচনী ৰেলী বাতিল কৰি মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় আৰু ততাতৈয়াকৈ এই বৈঠকৰ আহ্বান জনায় ।

যোৱা বছৰ মে' মাহৰ পৰা জাতিগত সংঘৰ্ষৰ ফল ভুগি থকা মণিপুৰৰ পৰিস্থিতি শেহতীয়াকৈ পাঁচগৰাকীকৈ মহিলা আৰু শিশুৰ মৃতদেহ উদ্ধাৰৰ পিচত অধিক উত্তপ্ত হৈ পৰিছে আৰু ইয়াৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ আৰু হিংসাৰ পিছত ৰাজ্যখন পুনৰ অস্থিৰ হৈ পৰিছে ।

শ্বাহে সোমবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব আৰু মণিপুৰৰ পৰিস্থিতি পৰ্যালোচনা কৰিব। তেওঁ ৰাজ্যখনৰ বৰ্তমানৰ "অস্থিৰ" পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিৰ্দেশনা দিয়াৰ সম্ভাৱনা আছে, সূত্ৰটোৱে কয়।

উল্লেখ্য যে শনিবাৰে নিশা নিৰাপত্তাৰক্ষীয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পৈতৃক বাসগৃহত আক্ৰমণ কৰাৰ প্ৰতিবাকাৰীৰ প্ৰচেষ্টা বিফল কৰে । কিন্তু ইম্ফল উপত্যকাৰ বিভিন্ন জিলাৰ এজন জ্যেষ্ঠ মন্ত্ৰীসহ তিনিজন বিজেপি বিধায়ক আৰু এজন কংগ্ৰেছ বিধায়কৰ বাসগৃহত ক্ৰোধিত জনতাই অগ্নিসংযোগ কৰে ।

জিৰিবাম জিলাত উগ্ৰপন্থীয়ে তিনিগৰাকী মহিলা আৰু তিনিটা শিশুক হত্যা কৰাৰ ফলত উত্তেজিত হৈ শনিবাৰে তিনিজন ৰাজ্যিক মন্ত্ৰী আৰু ছয়জন বিধায়কৰ বাসগৃহত আক্ৰমণ কৰাৰ পিছত অনিৰ্দিষ্টকালৰ বাবে অঞ্চলটোত সান্ধ্য আইন জাৰি কৰাৰ পিছতো এই ঘটনাকেইটা সংঘটিত হয় ।

ক্ষুব্ধ ৰাইজে নিংথৌখঙত পি ডব্লিউ ডি মন্ত্ৰী গোবিন্দস কন্থৌজাম, লংমেইডং বজাৰত হিয়াংলামৰ বিজেপি বিধায়ক ৱাই ৰাধেশ্যাম, থৌবাল জিলাৰ ৱাংজিং দোনাৰ বিজেপি বিধায়ক পাওনম ব্ৰজেন আৰু ইম্ফল পূব জিলাৰ খুন্দ্ৰাকপামৰ কংগ্ৰেছ বিধায়ক থ লোকেশ্বৰৰ ঘৰ জ্বলাই দিয়ে ।

অৱশ্যে এই আক্ৰমণৰ সময়ত বিধায়ককেইগৰাকী তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল ঘৰত উপস্থিত নাছিল । আনহাতে, ক্ৰোধিত জনতাই তেওঁলোকৰ আৱাসিক চৌহদত তাণ্ডৱ সৃষ্টি কৰে, সম্পত্তি ভাঙি চূড়মাৰ কৰে আৰু ঘৰত অগ্নিসংযোগ কৰে ।

লগতে পঢ়ক :জিৰিবামত আৰক্ষীৰ গুলীত নিহত মেইটেই প্ৰতিবাদকাৰী: বিধায়কৰ ঘৰত জুই
লগতে পঢ়ক :বিজেপি শাসিত মণিপুৰৰ চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ এন পি পিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.