ETV Bharat / bharat

দিল্লীৰ সাপ্তাহিক বজাৰত অনিয়ন্ত্ৰিত বাহনে মহটিয়ালে কেইবাজনক: নিহত ১

author img

By ETV Bharat Assamese Team

Published : Mar 14, 2024, 8:57 AM IST

Updated : Mar 14, 2024, 9:55 AM IST

Delhi Car Accident : বুধবাৰে নিশা দিল্লীত নিয়ন্ত্ৰণহীন গাড়ীৰ তাণ্ডৱ । ময়ূৰ বিহাৰ ফেজ-3-ৰ বজাৰত বজাৰ কৰি থকা লোকসকলক এখন দ্ৰুতবেগী গাড়ীয়ে মহটিয়াই লৈ যায় । এই ঘটনাত এগৰাকী মহিলাৰ কৰুণ মৃত্যু হয় । আনহাতে, আন বহুতো লোক বেয়াকৈ আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

দিল্লীত দ্ৰুতবেগী গাড়ীয়ে মহটিয়ালে কেইবাজনো লোকক

নিউজ ডেস্ক, ১৪ মাৰ্চ : পূব দিল্লীৰ ময়ূৰ বিহাৰ ফেজ-৩ অঞ্চলৰ এখন সাপ্তাহিক বজাৰত এখন দ্ৰুতবেগী গাড়ীয়ে কেইবাজনো লোকক মহটিয়ায় । এই দুৰ্ঘটনাত ১০ জন লোক আহত হয় । তেওঁলোকক ততাতৈয়াকৈ লালবাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । তাতেই 22 বছৰীয়া এগৰাকী মহিলাক চিকিৎসকে মৃত ঘোষণা কৰে । দুৰ্ঘটনাটোত গাড়ীখনৰ চালকজনো আঘাতপ্ৰাপ্ত হয় । তেওঁক আৰক্ষীয়ে আটক কৰি চিকিৎসালয়ত ভৰ্তি কৰায় । দুৰ্ঘটনাটোৰ চিচিটিভি ফুটেজো পোহৰলৈ আহিছে । তাত দেখা গৈছে যে এখন দ্ৰুতবেগী গাড়ীয়ে মানুহক মহটিয়াই লৈ গৈছে । মৃত ব্যক্তিগৰাকী ২২ বছৰীয়া সীতা দেৱী বুলি চিনাক্ত কৰা হৈছে । তেওঁ দিল্লীৰ কাষৰ গাজিয়াবাদৰ বাসিন্দা আছিল ।

ঘটনা সন্দৰ্ভত ডিচিপি (পূব) অপূৰ্ব গুপ্তাই জনাইছে যে বুধবাৰে নিশা প্ৰায় ৯.৩০ বজাত ময়ূৰ বিহাৰ ফেজ-৩ অঞ্চলৰ বুধ বজাৰত এখন দ্ৰুতবেগী গাড়ীয়ে কেইবাজনো লোকক খুন্দা মাৰে । যাৰ ফলত ১০ জন লোক আহত হয় । ইয়াৰে ভিতৰত বেছিভাগ মহিলাই আহত হয় । তেওঁলোক সকলোকে ততাতৈয়াকৈ ওচৰৰ লালবাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ লৈ যোৱা হয় । তাত ভুক্তভোগীসকল চিকিৎসাধীন হৈ আছে । সকলোৰে অৱস্থা বিপদৰ পৰা বাহিৰত বুলিও কোৱা হৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

গাড়ীখনৰ চালকজনো দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত হয় আৰু তেওঁক আটক কৰি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি ডিচিপিয়ে কয় । অভিযুক্তজনৰ গাড়ীখনো ক্ষতিগ্ৰস্ত হৈছে । গাড়ীখন জব্দ কৰা হৈছে আৰু পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয় ।

ইফালে স্থানীয় বিধায়ক তথা পূব দিল্লীৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী কুলদীপ কুমাৰে আহতসকলৰ অৱস্থা জানিবলৈ লালবাহাদুৰ শাস্ত্ৰী চিকিৎসালয়ত উপস্থিত হয় । এই সময়তে তেওঁ কয় যে দিল্লীত তীব্ৰ গতিৰ গাড়ীয়ে বিধ্বংসী ৰূপ লৈ নিৰন্তৰভাৱে মানুহক হত্যা কৰি আহিছে । এনে পৰিস্থিতিত ইয়াক প্ৰতিৰোধ কৰিবলৈ দৃঢ় ব্যৱস্থা গ্ৰহণ কৰা উচিত ।

লগতে পঢ়ক :হাৰিয়ানা বিধানসভাত আস্থা ভোটত জয়ী নায়ব সিং সাইনি চৰকাৰ

Last Updated : Mar 14, 2024, 9:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.