নিউজ ডেস্ক, 24 মে’: দেশৰ প্ৰায়সমূহ স্থানতে এতিয়া অসহিষ্ণু উষ্ণতা ৷ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্নজনে লৈছে বিভিন্ন পন্থা ৷ ঘৰৰ পৰাই ওলাব পৰা নাই বহু লোক ৷ গৰমত মৃত্যুৰ সংখ্যাও পাইছে বৃদ্ধি ৷
কিন্তু তাৰ মাজতো দেশখনক সুৰক্ষা প্ৰদান কৰি থকা জোৱানসকলৰ কথা ভাবিছেনে ? সামৰিক পোচাকত গধুৰ বন্দুক ডাঙি মৰুভূমিসমূহতো এই মুহূৰ্তত নিষ্ঠাৰে কৰ্তব্য পালন কৰি আছে সৈনিকসকলে ৷ হয়তো নক’লেও হ’ব, এই সময়ত থৰ মৰুভূমিৰ অৱস্থাৰ বিষয়ে ৷ সদৃশ নহয়, প্ৰায় অগ্নিকুণ্ডত পৰিণত হোৱা ৰাজস্থানৰ থৰ মৰুভূমিৰ সীমান্তৱৰ্তী অঞ্চলত কৰ্তব্যৰত জোৱানসকল এতিয়া চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে ৷
উল্লেখ্য যে ৰাজস্থানৰ জৈসলমেৰৰ ভাৰত-পাকিস্তান সীমান্তত তীব্ৰতা বাঢ়িছে গৰমৰ ৷ সীমান্ত সুৰক্ষা বাহিনীয়ে দায়িত্ব পালন কৰি থকা অঞ্চলসমূহত তাপমাত্ৰাই 50 ডিগ্ৰী চেলছিয়াছৰ অভিলেখ সৃষ্টি কৰিছে ৷ তথ্য অনুসৰি, বি এছ এফৰ ওচৰত উপলব্ধ তাপমাত্ৰা জোখা সঁজুলিসমূহত কেৱল 50 ডিগ্ৰীলৈকে তাপমাত্ৰা দেখুৱায় ৷ তাপমাত্ৰা 50 ডিগ্ৰীতকৈ অধিক হ’লে সঁজুলিসমূহ ক'লা হৈ পৰে ।
বি এছ এফ বিষয়াসকলৰ মতে, বৰ্তমান সীমান্তৰ বহুত অঞ্চলত তাপমাত্ৰা জোখা সঁজুলিসমূহ ক’লা হৈ পৰিছে । এনে পৰিস্থিতিত অনুমান কৰিব পাৰি যে সীমান্তৰ তাপমাত্ৰা 50 ৰ পৰা 53 ডিগ্ৰী চেলছিয়াছৰ মাজত আছে ৷ এনে পৰিস্থিতিত জোৱানসকল যাতে হিট ষ্ট্ৰোকৰ সন্মুখীন হ’বলগীয়া নহয়, সেই ক্ষেত্ৰত প্ৰশাসন সজাগ হৈছে ৷ সৈনিকসকলৰ বাবে বহুতো নিৰ্দেশনা জাৰি কৰা হৈছে ৷
সৈনিকসকলক গৰমৰ পৰা সুৰক্ষিত কৰিবলৈ বিশেষ চশমা আৰু টুপী আদি দিয়া হৈছে । ইয়াৰোপৰি তেওঁলোকৰ বাবে পৰ্যাপ্ত খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে । কৰ্তব্যৰ সময়ত দিনত 3-4 বাৰকৈ নেমুপানীৰ যোগান ধৰা হৈছে ৷ সীমান্তৰ চকীসমূহত সৈনিকৰ বেৰেকত কুলাৰৰ ঠাইত ডাক্ট কুলিং চিষ্টেমৰো ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক: উৎকট গৰমে ২৪ ঘণ্টাত প্ৰাণ কাঢ়িলে ৫ গৰাকীৰ : ৰাজস্থানত ভয়াবহ পৰিস্থিতি