ETV Bharat / bharat

দেশৰ সবাতোকৈ উচ্চাকাংক্ষী ৰেল প্ৰকল্প; ২০ ফেব্ৰুৱাৰীৰ পৰা সেৱা আৰম্ভ হ'ব শ্ৰীনগৰত - Indian Railways

USBRL project : ৰে'লৱেৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংগালদানৰ পৰা এখন ৰে'লৰ ফ্লেগ অফ কৰি এই শাখাটো উদ্বোধন কৰাৰ সম্ভাৱনা আছে । অৱশ্যে এই সন্দৰ্ভত এক আনুষ্ঠানিক নিশ্চিতিৰ বাবে অপেক্ষা কৰা হৈছে ।

দেশৰ সবাতোকৈ উচ্চাকাংক্ষী ৰেল প্ৰকল্প
দেশৰ সবাতোকৈ উচ্চাকাংক্ষী ৰেল প্ৰকল্প
author img

By PTI

Published : Feb 17, 2024, 10:13 AM IST

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : ভাৰতীয় ৰে'লৱেয়ে ২০ ফেব্ৰুৱাৰীত দেশৰ সবাতোকৈ উচ্চাকাংক্ষী উধমপুৰ-শ্ৰীনগৰ-বাৰামুলা ৰে'ল লিংক (ইউএছবিআৰএল) প্ৰকল্পৰ ৪৮.১ কিলোমিটাৰ দীঘল গুৰুত্বপূৰ্ণ অংশ বানিহাল-খাৰী-চুম্বাৰ-চাংগালদান শাখাত ৰে'ল সেৱা আৰম্ভ কৰিব ।

ৰে'লৱেৰ এটা সূত্ৰই পিটিআইক জনোৱা মতে, "শ্ৰীনগৰক কন্যাকুমাৰীৰ সৈতে সংযোগ কৰাৰ আমাৰ সপোন পূৰণ কৰিবলৈ আমি আৰু এখোজ ওচৰ চাপিছোঁ ।"

তেওঁ লগতে কয়, "উধমপুৰ-শ্ৰীনগৰ-বাৰামুলা ৰে'ল লিংক (ইউএছবিআৰএল) প্ৰকল্পটো স্বাধীনতাৰ পিছত হিমালয়ৰ আটাইতকৈ উচ্চাকাংক্ষী ৰে'ল প্ৰকল্পসমূহৰ ভিতৰত এটা ।"

ৰে'লৱেৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাংগালদানৰ পৰা এখন ৰে'লৰ ফ্লেগ অফ কৰি এই শাখাটো উদ্বোধন কৰাৰ সম্ভাৱনা আছে । অৱশ্যে এই সন্দৰ্ভত এক আনুষ্ঠানিক নিশ্চিতিৰ বাবে অপেক্ষা কৰা হৈছে ।

প্ৰকল্পটোৰ বিষয়ে বৰ্ণনা কৰি এগৰাকী জ্যেষ্ঠ ৰে'ল বিষয়াই কয়, "পীৰ পাঞ্জাল পৰিসৰৰ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত বিস্তৃত হৈ থকা ইউএছবিআৰএলৰ লক্ষ্য হৈছে এক সকলো বতৰৰ, আৰামদায়ক আৰু অৰ্থনৈতিকভাৱে সম্ভৱ পৰিবহণ নেটৱৰ্ক স্থাপন কৰা, দূৰৱৰ্তী হিমালয় অঞ্চলসমূহক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা ।"

ইউএছবিআৰএল প্ৰকল্পটোৱে কাশ্মীৰ উপত্যকাক জম্মু অঞ্চল আৰু ৰাষ্ট্ৰীয় ৰে'ল নেটৱৰ্কৰ সৈতে একত্ৰিত কৰিব বিচাৰিছে । এই প্ৰকল্প মুঠ 272 কিলোমিটাৰ দৈৰ্ঘ্যৰ । ইয়াৰে ভিতৰত 161 কিলোমিটাৰৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে ।

ৰে'লৱেৰ মতে, ১৫,৮৬৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা বানিহাল-খাৰী-চুম্বাৰ-চাংগালদান শাখাটো পৰিচালনাৰ বাবে সাজু আৰু বাৰামুলাৰ পৰা বানিহাললৈ বৰ্তমানৰ ৰে'ল সেৱা এতিয়া ৰামবানৰ জিলা সদৰৰ ওচৰৰ চহৰ চাংগালদানলৈ সম্প্ৰসাৰিত কৰা হ'ব ।

"ইয়াত ১৬ খন দলং আছে । ইয়াৰে ভিতৰত ১১ খন মুখ্য দলং, চাৰিখন সৰু দলং আৰু এখন পথৰ ওপৰৰ উৰণ সেতু । এই শাখাৰ ৯০ শতাংশতকৈও অধিক সুৰংগত আছে । দেশৰ আটাইতকৈ দীঘল পৰিবহণ সুৰংগ টি-৫০কে ধৰি মুঠ ১১ টা সুৰংগই ৪৩.৩৭ কিলোমিটাৰ আৱৰি আছে । ই খাৰী-চুম্বাৰ শাখাত ১২.৭৭ কিলোমিটাৰ বিস্তৃত ।" প্ৰকল্পটোৰ সৈতে জড়িত এগৰাকী জ্যেষ্ঠ বিষয়াই কয় ।

"সুৰক্ষা আৰু উদ্ধাৰৰ বাবে 30.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনিটা প্ৰস্থান সুৰংগ আছে । ইয়াৰ উপৰি শাখাটোত 23.72 কিলোমিটাৰ বিস্তৃত 30 টা কাৰ্ভ অন্তৰ্ভুক্ত আছে । যাত্ৰীৰ সুৰক্ষা আৰু আৰাম অধিক বৃদ্ধি কৰাৰ বাবে কেইবাটাও উন্নত সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে । যেনে বেলাষ্টলেছ ট্ৰেক আৰু কেণ্টেড টাৰ্ণআউট (ভাৰতীয় ৰে'লৰ বাবে প্ৰথম) ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :শম্ভু সীমান্তত নিয়োজিত হাৰিয়ানা আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.