ETV Bharat / bharat

অগ্নিগৰ্ভা বাংলাদেশ: মমতাৰ বিপৰীত স্থিতিত টিএমচি নেতা - Bangladesh anti quota protests

TMC on Bangladesh Kota Protest Issue: বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ টিএমচিৰ নেতা সুদীপ বন্দ্যোপাধ্যায়ৰ ৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে কথা পাতিবলৈও দলটো ইচ্ছুক বুলি জনায় নেতাগৰাকীয়ে ৷

author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 12:34 PM IST

Bangladesh anti-quota protest
টিএমচি নেতা সুদীপ বন্দ্যোপাধ্যায় (ANI)

নেশ্যনেল ডেস্ক, 22 জুলাই: সংৰক্ষণৰ প্ৰসংগক লৈ ছাত্ৰ বিক্ষোভত অগ্নিগৰ্ভা হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ ৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে চুবুৰীয়া দেশখনৰ কোটা প্ৰতিবাদ প্ৰসংগত বিশেষ একো নকওঁ বুলি কোৱাৰ এদিন পিছতে তৃণমূলৰ এগৰাকী সংসদ সদস্যই বিষয়টো সন্দৰ্ভত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে কথা পাতিবলৈ দলটো ইচ্ছুক বুলি প্ৰকাশ কৰে ।

টিএমচিৰ নেতা সুদীপ বন্দ্যোপাধ্যায়ে বিষয়টোত হস্তক্ষেপ কৰি কয়, "পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰয়োজন হ’লে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে কথা পাতিব পাৰে ৷ কাৰণ তেওঁলোকৰ মাজত ভাল সম্পৰ্ক আছে ।"

অসামৰিক সেৱাৰ চাকৰিৰ বাবে দেশখনৰ কোটা ব্যৱস্থাৰ সংস্কাৰৰ দাবীক লৈ বাংলাদেশত উত্তাল প্ৰতিবাদৰ সৃষ্টি হোৱাৰ সময়তে এই মন্তব্য আগবঢ়ায় টিএমচিৰ নেতাগৰাকীয়ে । টিএমচিৰ নেতাগৰাকীয়ে কয়, "বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে মমতা দিদিৰ ভাল সম্পৰ্ক আছে । প্ৰয়োজন হ’লে পৰস্পৰে পৰস্পৰৰ সৈতে কথা পাতিব পাৰে ।"

ইফালে, চুবুৰীয়া দেশখনত চলি থকা প্ৰতিবাদৰ মাজতে দেওবাৰে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কয় যে তেওঁৰ চৰকাৰে বাংলাদেশৰ পৰা আশ্ৰয় বিচৰা ব্যক্তিসকলক আশ্ৰয় প্ৰদান কৰিব ।

কলিকতাত টিএমচিৰ শ্বহীদ দিৱসৰ সমাৱেশত ভাষণ দি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে দেওবাৰে কয়, "আপোনাৰ পৰিয়ালৰ কোনো সদস্য বা আত্মীয়ই যদি কাম বা পঢ়া-শুনাৰ বাবে বাংলাদেশত আছে তেন্তে চিন্তা নকৰিব । আমি তেওঁলোকক প্ৰয়োজনত সহায় কৰিবলৈ সাজু ৷ যিহেতু বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰ গতিকে ভাৰত চৰকাৰে এই বিষয়টোত হস্তক্ষেপ কৰিব ৷ কিন্তু যদি কোনো অসহায় ব্যক্তিয়ে বংগৰ দুৱাৰত টোকৰ মাৰে কাৰণ ৰাষ্ট্ৰসংঘৰ এটা প্ৰস্তাৱত চুবুৰীয়া অঞ্চলসমূহে বিপদত পৰাসকলক সহায় কৰিবলৈ অনুমতি দিয়ে ।

স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ বাবে চৰকাৰী চাকৰি সংৰক্ষণ নতুন নীতিৰ বিৰোধিতা কৰাৰ পিছতে অশান্তি তীব্ৰতৰ হৈ পৰে বাংলাদেশত ৷ যাৰ ফলত ঢাকাৰ ৰাজ্যিক টেলিভিছনৰ মুখ্য কাৰ্যালয় আৰু আৰক্ষীৰ বুথত আক্ৰমণকে ধৰি হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় ।

এই পৰিস্থিতিৰ বাবে সান্ধ্য আইন, বিদ্যালয় বন্ধ, দেশজুৰি মোবাইল আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় । 100 জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ পিছত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি যুদ্ধৰ প্ৰবীণ সৈনিকৰ আত্মীয়ৰ বাবে সংৰক্ষিত কোটা 30 শতাংশৰ পৰা 5 শতাংশলৈ হ্ৰাস কৰাৰ বিপৰীতে 93 শতাংশ মেৰিট আৰু বাকী 2 শতাংশ সংখ্যালঘু জনগোষ্ঠী, তৃতীয় লিংগৰ ব্যক্তি আৰু প্ৰতিবন্ধীসকলৰ বাবে সংৰক্ষিত কৰাৰ সিদ্বান্ত গ্ৰহণ কৰিছে বুলি দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ ।

লগতে পঢ়ক: প্ৰতিবাদত জ্বলিছে বাংলাদেশ, দেশজুৰি কাৰ্ফিউ জাৰি : ডাউকিৰে মেঘালয়ত প্ৰৱেশ আৰু ৩৬০ লোক - Bangladesh violence

শিক্ষাৰ্থীৰ প্ৰতিবাদত জ্বলিছে বাংলাদেশ - Bangladesh violence

অগ্নিগৰ্ভা বাংলাদেশ: অব্যাহত ভাৰতীয় শিক্ষাৰ্থীৰ প্ৰত্যাৱৰ্তন - Bangladesh violence

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.