ETV Bharat / bharat

বিধানসভা নিৰ্বাচন 2024 : চলি আছে অৰুণাচল প্ৰদেশ, ছিকিমৰ ভোট গণনা - Assembly Election Results 2024

author img

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 7:14 AM IST

Assembly Election Results 2024: অৰুণাচল প্ৰদেশ আৰু ছিকিমৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ । 19 এপ্ৰিলত অৰুণাচল প্ৰদেশৰ 60 খন আৰু ছিকিমৰ 32 খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ৷

Assembly Election Results 2024:
বিধানসভা নিৰ্বাচন 2024 (Etv Bharat)

তেজপুৰ, 2 জুন : আৰম্ভ হৈছে অৰুণাচল আৰু ছিকিম ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ পুৱা 6 বজাৰ পৰা উঃপূবৰ ৰাজ্য দুখনত আৰম্ভ হৈছে সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ বাবে ভোটগণনা । 19 এপ্ৰিলত 60 খন আসনৰ বাবে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অৰুণাচল প্ৰদেশত অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন ।

25 খন জিলাত 48 টা গণনা হলত মুঠ 28 জন নিৰীক্ষকে নিৰীক্ষণ কৰিছে এই ভোট গণনা । ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰাপত্তাৰ বাবে তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে । বিশেষকৈ অৰুণাচল প্ৰদেশৰ পূব দিশত উগ্ৰপন্থী সমস্যা থকা টিৰাপ, চাংলাং আৰু লংডিং জিলাত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে । দেওবাৰৰ পুৱাৰ ভাগত পোষ্টেল বেলটত ভোটগণনা কৰা হয় আৰু ইয়াৰৰ পাছত আৰম্ভ হয় ইভিএমসমূহৰ গণনা আৰম্ভ কৰে ।

অৰুণাচল প্ৰদেশৰ 60 টা বিধানসভা সমষ্টিৰ আজি 50 টা সমষ্টিৰ ভোট গণনা হ’ব ৷ এই সমষ্টিবোৰৰ ভিতৰত অন্যতম অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সমষ্টিটো । খাণ্ডুয়ে টাৱাং জিলাৰ 3 নং মক্তো (ST) বিধানসভা সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভৰে ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীৰ অগ্ৰগতি পৰিলক্ষিত হয় । আনহাতে, উপ মুখ্যমন্ত্ৰী চৌনা মেন 46 নং চৌখাম সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী সাব্যস্ত হয় ।

ইফালে, আন এক উল্লেখযোগ্য বিধানসভা সমষ্টি হায়ুলিয়াঙৰ পৰা মহিলা প্ৰাৰ্থী ডাচাঙলু পোলয়ে বিজয় সাব্যস্ত হয় । পোল হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী কালিক পোলৰ পত্নী । প্ৰাক্তন মুখ্যমন্ত্ৰী পোল 2016 চনৰ 9 আগষ্টত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত আত্মহত্যা কৰিছিল । ৰাজ্যখনৰ পাপুম পাৰেকে ধৰি ৰাজ্যখনৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাত বিৰোধী প্ৰাৰ্থী বিশেষভাৱে অনুপস্থিত থকাৰ ধাৰাটোৱে শাসকীয় দলৰ বিজয়ৰ পথ প্ৰশস্ত কৰিছে ।

উল্লেখযোগ্য যে, ছাগালিৰ ৰাটু টেচিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় নিশ্চিত হোৱা আন এজন প্ৰতিদ্বন্দ্বী হিচাপে আত্মপ্ৰকাশ কৰিছে । সময়সীমাৰ পূৰ্বে কোনো বিৰোধী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাত বিজেপিয়ে মক্তো, ছাগালীকে ধৰি মুঠ 10 টা সমষ্টিত জয়লাভ কৰে ।

ইয়াৰ উপৰিও নামনি সোৱণশিৰি জিলাৰ জিৰোৰ পৰা হাগে আপ্পাই কোনো বিৰোধিতাৰ সন্মুখীন হোৱা নাই । মুঠ 10 জন প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে, য’ত আছে 20-তালিৰ পৰা জিকে টাকো, 23-তালহাৰ পৰা ন্যাটো ডুকম, 15- ছাগালীৰ পৰা ৰাতু টেচি, 43- ৰয়িং বিধানসভা সমষ্টিৰ পৰা মুটচু মিথি,17- জিৰো হাফলি হেগে অপপা, 13 ইটনাগাৰ টেচি কাসু, 7-বমডিলাৰ ডাংৰো ছিংজু আৰু 45 হায়ুলিয়াং দাচাঙলু পোল য়ে বিনা প্ৰতিদ্বন্দীৰে বিজয় সাব্যস্ত কৰে ।

মনকৰিবলগীয়া যে অৰুণাচল প্ৰদেশৰ নিৰ্বাচনৰ ইতিহাসত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা এয়াই প্ৰথম নহয় । আনহাতে ছাগালীৰ পৰা বিগত 30 বছৰ বিধায়ক হিচাবে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিয়ে এইবাৰ সংসদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে, তেওঁ আলোৰ পৰা বৰ্তমানৰ বিজেপিৰ সাংসদ তাপীৰ গাঁৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । অৰুণাচল প্ৰদেশৰ 2 টা লোকসভা সমষ্টিৰ পৰা মুঠ 14 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ৷ তেওঁলোকৰ ভাগ্য 4 জুনত নিৰ্ণয় হ’ব ।

ইতিমধ্যে শাসকীয় বিজেপিয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে 10 খন আসন লাভ কৰাৰ বাবে 50 খন আসনৰ বাবে ভোট গণনা অনুষ্ঠিত হৈছে । 32 খন আসনৰ বাবে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ছিকিমত ।

লগতে পঢ়ক: পেমা খাণ্ডুৰ নেতৃত্বত অৰুণাচলত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব ! - ARUNACHAL ASSEMBLY POLL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.