ETV Bharat / bharat

বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল টাৱাং মাৰাথানৰ - 2ND TAWANG MARATHON

Tawang Marathon Closing Ceremony : টাৱাং মাৰাথন উপলক্ষে ভাৰতীয় সেনা আৰু টাৱাং জিলা প্ৰশাসনৰ যৌথ উদ্যোগত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান ।

Tawang Marathon Closing Ceremony
বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল টাৱাং মাৰাথানৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 25, 2024, 2:00 PM IST

টাৱাং, অৰুণাচল প্ৰদেশ : বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল দ্বিতীয় টাৱাং মাৰাথন । এই উপলক্ষে ভাৰতীয় সেনা আৰু টাৱাং জিলা প্ৰশাসনে যৌথভাৱে বৃহস্পতিবাৰে নিশা আয়োজন কৰা হয় এক সাংস্কৃতিক অনুষ্ঠানৰ ।

টাৱাং ষ্টেডিয়ামৰ সমীপৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এই সাংস্কৃতিক অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ চহকী পৰম্পৰা আৰু সংস্কৃতি উদ্ভাসিত হৈ উঠে । অৰুণাচলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলক মোহিত কৰাৰ লগতে এই চহকী সংস্কৃতিৰ সৈতে চিনাকি হয় ।

সাগৰ পৃষ্ঠাৰ পৰা ১০,০০০ ফুট উচ্চতাত অনুষ্ঠিত এই সংস্কৃতিক অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মনপা জনগোষ্ঠীৰ লোকনৃত্য, ঐতিহাসিক য়াক নৃত্য প্ৰদৰ্শন অতি মনোগ্ৰাহী আছিল । এই অনুষ্ঠানে দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলক আকৰ্ষিত কৰে ।

বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল টাৱাং মাৰাথানৰ (ETV Bharat Assam)

ইফালে মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজীৰ নামেৰে নৃত্য প্ৰদৰ্শন কৰে সেনাবাহিনীৰ মাৰাঠা ৰেজিমেণ্টৰ দলে । এই দলটোৱে ভাৰত-চীন সীমান্তৱৰ্তী এলেকাত এনেদৰে নিজৰ ৰাজ্যৰ সংস্কৃতিৰ বিষয়ে জনাবলৈ পাই অতি আনন্দিত বুলি জানিবলৈ দিয়ে । আনহাতে, পঞ্জাবৰ শিখ ৰেজিমেণ্টৰ দলে প্ৰদৰ্শন কৰা ভাংৰা নৃত্যই অৰুণাচল প্ৰদেশৰ লোকসকলৰ লগতে সীমান্তত নিয়োজিত সেনা জোৱানসকলক উৎফুল্লিত কৰে ।

অৰুণাচল প্ৰদেশৰ য়াক নৃত্য আৰু স্থানীয় কৃষিভিত্তিক নৃত্যই পাহাৰীয়া ৰাজ্যখনৰ চহকী লোককৃষ্টিক সুন্দৰভাৱে দাঙি ধৰে । লগতে অৰুণাচল প্ৰদেশৰ টাৱাঙত থকা সৈনিক স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰা দেশপ্ৰেমমূলক অনুষ্ঠান সকলোতকৈ আকৰ্ষণীয় আছিল । অনুষ্ঠানত ভাৰতীয় সেনাৰ বল অব ফায়াৰ ডিভিজনৰ জি অ’ চি মেজৰ জেনেৰেল কে এছ গ্ৰেৱাল, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আদি উপস্থিত থাকে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে আৰম্ভ হোৱা টাৱাং মাৰাথনত ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে কেনিয়া, ইথুওপিয়া আদি দেশৰ আন্তঃৰাষ্ট্ৰীয় দৌৰবিদেও পাহাৰীয়া আৰু প্ৰায় ৫ ডিগ্ৰী ছেলচিয়াছ উষ্ণতাত ৫, ১০, ২১ আৰু ৪০ কিলোমিটাৰ শাখাত অংশগ্ৰহণ কৰে । ৫ কিলোমিটাৰ শাখাত মুঠ ৩,০০০ গৰাকী দৌৰবিদে অংশগ্ৰহণ কৰে । এই মাৰাথনৰ বিশেষ আকৰ্ষণ হৈছে মহিলা দৌৰবিদসকল । কিয়নো প্ৰতিযোগিতাখনত প্ৰায় ১,১৯০ গৰাকী মহিলা দৌৰবিদে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথানত কাৰ্গিল যোদ্ধা
লগতে পঢ়ক :টাৱাং মাৰাথনত ৮০ বছৰীয়া চিৰতৰুণ, ইথিওপিয়াৰ দৌৰবিদৰ প্ৰিয় বলিউডৰ তাৰকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.