ETV Bharat / bharat

নিৰ্বাচনী বিধি উলংঘা কৰি ত্ৰিপুৰাত নিলম্বিত 26 জন নিৰ্বাচনী বিষয়া, 1700 ভোটাৰৰ ভোট বৰ্জন - Lok sabha election 2024

East Tripura parliamentary constituency: শান্তিপূৰ্ণভাবে পূব ত্ৰিপুৰা সংসদীয় সমষ্টিত ভোটগ্ৰহণ সমাপ্ত ৷ 1664 টা ভোটকেন্দ্ৰত অনুষ্ঠিত হয় ভোটগ্ৰহণ ৷ আজি ই ভি এমসমূহ নিৰীক্ষণ কৰা হ’ব ৷ প্ৰায় 1700 ভোটাৰে বৰ্জন কৰে ভোট ৷

author img

By ANI

Published : Apr 27, 2024, 8:02 AM IST

26 officials suspended, around 1,700 voters boycott polling in East Tripura: Chief Election Officer

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল: শুকুৰবাৰে পূব ত্ৰিপুৰা সংসদীয় সমষ্টিতো ভোটগ্ৰহণ অনুষ্ঠিত হয় ৷ ইয়াত চূড়ান্ত ভোটদানৰ হাৰ 79.66 শতাংশ । সমগ্ৰ পূৱ ত্ৰিপুৰা সংসদীয় সমষ্টিৰ 1664 টা ভোটকেন্দ্ৰত নিশা 8 বজালৈ নিৰ্বাচন অনুষ্ঠিত হয় ।

মুখ্য নিৰ্বাচনী বিষয়া পুনীত আগৰৱালে জনোৱা মতে, শনিবাৰে ই ভি এমসমূহৰ নিৰীক্ষণ কৰা হ’ব যিয়ে নিৰ্বাচন কৰ্তৃপক্ষক চূড়ান্ত ভোটদানৰ হাৰ নিৰ্ণয় কৰাত সহায় কৰিব যিটো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

নিৰ্বাচন বৰ্জনৰ আহ্বান সন্দৰ্ভত সোধাত আগৰৱালাই কয়, "দুটা ভোটকেন্দ্ৰত মানুহে নিজৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচন বৰ্জন কৰিছিল । পথৰ জৰাজীৰ্ণ অৱস্থা আৰু নিজৰ অঞ্চলৰ উন্নয়নৰ সমস্যাৰ বাবে তেওঁলোক চিন্তিত ৷ যাৰবাবে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিছিল ।"

লগতে, পূব ত্ৰিপুৰাত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হোৱা বুলি উল্লেখ কৰি ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ অহা ভোটাৰসকললৈ কৃতজ্ঞতা জনায় আগৰৱালাই ।

ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়াই কয়, "শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ হৈছিল ৷ নিশা 8 বজালৈকে চূড়ান্ত ভোটদানৰ হাৰ 80.32 শতাংশ আছিল পূৱ ত্ৰিপুৰা সংসদীয় সমষ্টিত ৷ মই ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিবলৈ অহা সকলো ভোটাৰক ধন্যবাদ জনাইছো ৷" সমগ্ৰ পূব ত্ৰিপুৰা সংসদীয় সমষ্টিৰ 1664 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ অনুষ্ঠিত হয় ।"

নিৰ্দিষ্ট ভোটকেন্দ্ৰসমূহত ভোটদান নকৰা মুঠ ভোটাৰৰ সংখ্যাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "41/3 নাটংলাল পাৰা জে বি স্কুল আৰু 44/5 সন্দৈমোহন পাৰা জে বি স্কুল হিচাপে পঞ্জীয়নভুক্ত দুটা ভোটকেন্দ্ৰ আছে । সেই ভোটকেন্দ্ৰসমূহৰ বাবে মুঠ যোগ্য ভোটাৰৰ সংখ্যা ক্ৰমে 649 আৰু 1059 জন বুলি তথ্য লাভ কৰা হৈছিল । 41/3 টা ভোটকেন্দ্ৰত দুটা ভোটৰ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে আনটোত মাত্ৰ 12 জন লোকেহে ভোটাধিকাৰ সাব্যস্ত কৰে ৷

অভিযোগ নিৰাময়ৰ সন্দৰ্ভত জ্যেষ্ঠ নিৰ্বাচন বিষয়াগৰাকীয়ে কয় যে, "মুঠ 92 টা অভিযোগ লাভ কৰা হৈছে আৰু সকলোবোৰ নিষ্পত্তি কৰা হৈছে । এই প্ৰক্ৰিয়াত 26 জন নিৰ্বাচনী বিষয়াক আচৰণৰ নিয়ম উলংঘা কৰাৰ বাবে নিলম্বন কৰা হৈছে ।"

ইয়াৰ পূৰ্বে পুৱা পূব ত্ৰিপুৰা সংসদীয় সমষ্টিৰ ৰিটাৰ্নিং অফিচাৰ ৱাহিদে কয়, "ভোটাৰসকলে যাতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে তাৰ বাবে সকলো সম্ভৱপৰ প্ৰচেষ্টা হাতত লোৱা হৈছে । ইয়াৰ উপৰিও কিছুমান বিশেষ অঞ্চলত যিবোৰ অঞ্চলত নিৰৱচ্ছিন্ন সংযোগৰ বাবে বেতাঁৰ যোগাযোগ চেনেল ব্যৱহাৰ কৰা হৈছে ।"

লগতে পঢ়ক:বিৰোধীৰ হাতত নাই গুৰুত্বপূৰ্ণ ইচ্ছ্যু : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা - Lok Sabha elections 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.