অসম

assam

By

Published : Jul 23, 2022, 12:14 PM IST

ETV Bharat / videos

Four youths died in Arunachal: চাৰি যুৱকৰ আত্মাৰ সদগতি কামনাৰে শ্রদ্ধাঞ্জলি অনুষ্ঠান

অৰুণাচলৰ চেছাৰ পৰা ডিৰাঙৰ পথেৰে এখন ভক্সৱাগন গাড়ীৰে গৈ থকা অৱস্থাত জিৰ’ পইণ্টৰ পৰা প্ৰায় ২০০ ফুট তলত পৰি কৰুণ মৃত্যুক আকোঁৱালি লোৱা চাৰি বাইক ৰাইডাৰ্ছ ক্ৰমে বেদান্ত বহেলা, নয়ন বসুমতাৰী, সঞ্জীৱ দাস আৰু হীৰক বড়োৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ কৰা হয়(Missing Assam Bikers Found Dead In Arunachal Pradesh) । যুৱক চাৰিজনৰ মৃত্যুত বৰ্তমান শোকস্তব্ধ সমগ্ৰ ৰাজ্য ৷ বাইক ৰাইডাৰ্ছ কেইজনৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শুকুৰবাৰে জোনাইত ৰয়েল ৰাইডাৰ্ছ জোনাই মটৰ চাইকেল ক্লাৱ আৰু জোনাই ৰাইডাৰ্ছৰ সহযোগত জোনাই দৈনিক বজাৰৰ আশা হোটেলৰ প্ৰাংগনত মম প্ৰজ্বলন কৰি এক মিনিট মৌন প্ৰার্থনা কৰা হয় ।

ABOUT THE AUTHOR

...view details