লংকা ফুলতলি ক’ভিড কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি
হোজাই জিলা লংকা ফুলতলি ক’ভিড কেয়াৰ হাস্পতালত উত্তপ্ত পৰিস্থিতি । উত্তেজিত লোকে ভাঙি লণ্ড ভণ্ড কৰিলে ক’ভিড কেয়াৰ হাস্পতালত । গিয়াছ উদ্দিন নামৰ লোকজনৰ ক’ভিড ৰোগত মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । চিকিৎসকক গুৰুলা গুৰুলকৈ প্ৰহাৰ একাংশৰ । ক’ভিড ৰোগীক চিকিৎসাত অবহেলা কৰাত লোক এজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলি দুস্কৃতিকাৰীয়ে ভাঙি লণ্ড ভণ্ড কৰিলে ফুলতলী কভিড কেয়াৰ হাস্পতালত ৷ মহিলা চিকিৎসা কৰ্মী এগৰাকীৰ অৱস্থা অতি সংকটজনক । লগতে গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুই চিকিৎসাকৰ্মী ।