অসম

assam

ETV Bharat / videos

পানীখাইতিত ব্ৰহ্মপুত্ৰত সন্ধানহীন যুৱক

By

Published : Jun 22, 2022, 1:21 PM IST

গুৱাহাটীৰ পানীখাইতিত সংঘটিত হৈছে এক অঘটন ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত সন্ধানহীন হ'ল এজন যুৱক(One youth missing in Brahmaputra river in Guwahati)৷ সন্ধানহীন যুৱকজনৰ নাম চন্দ্ৰ নমঃশূদ্ৰ বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, পানীখাইতিৰ তিনিটুকুৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত দুই ভাতৃয়ে একেলগে মাছ মাৰিবলৈ গৈছিল । ৰাজাবাৰীৰ বাসিন্দা চন্দ্ৰ নমঃশূদ্ৰই ভাতৃৰ সৈতে পুৱা ৩/৪ মান বজাত মাছ মাৰিবলৈ যাওতে হঠাৎ নাৱৰ পৰা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি নিখোঁজ হয় (Missing youth in Brahmaputra river)। বৰ্তমান SDRF বাহিনীয়ে ব্ৰহ্মপুত্ৰত যুৱকজনৰ সন্ধান অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details