অসম

assam

By

Published : Jul 9, 2022, 2:04 PM IST

Updated : Jul 9, 2022, 2:11 PM IST

ETV Bharat / videos

বলিয়া কপিলীৰ পাৰত এতিয়া খহনীয়াৰ তাণ্ডৱ

দুটাকৈ বানে জুৰুলা কৰাৰ পাছত এতিয়া দুৰ্যোগে যেন লগ নেৰাই হৈছে কামপুৰৰ বানাক্ৰান্ত ৰাইজক ৷ কামপুৰৰ বকুলগুৰিত সম্প্ৰতি খহনীয়াই কাল ৰূপ ধাৰণ কৰিছে (Erosion at Kampur) ৷ তিনিকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জিঅ' বেগৰ মথাউৰি খহাই নিলে কপিলীয়ে (Kopili River River Erosion at Kampur) ৷ খহনীয়াই তাণ্ডৱ চলোৱাত শংকিত হৈ পৰিছে বহু লোক ৷ কিয়নো যিকোনো মূহুৰ্ততে কপিলীৰ বুকুত জাহ যাব পাৰে অঞ্চলটোৰ ২৫ খনকৈ গাঁও ৷ ইতিমধ্যে খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত ৰাইজে বন্ধ কৰি দিছে কামপুৰৰ পৰা তৰাডুবি সংযোগী পথটো ৷ লগতে ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক এইক্ষেত্ৰত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।
Last Updated : Jul 9, 2022, 2:11 PM IST

ABOUT THE AUTHOR

...view details