অসম

assam

ETV Bharat / videos

অসম-মিজোৰামৰ সীমা বিবাদ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ

By

Published : Jul 28, 2021, 10:25 PM IST

স্বাধীনতাৰ পাছৰ পৰাই প্ৰতিখন কেন্দ্ৰীয় চৰকাৰে সীমা সমস্যা সমাধান কৰাৰ কথা কেৱল কৈহে আহিছিল ৷ বাস্তৱক্ষেত্ৰত কিন্তু আজিও অসমৰ সীমা সমস্যা সমাধান নহ'ল । ফলত সোমবাৰে অসম-মিজোৰাম (assam- mizoram inter state border conflict)সীমান্তত ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হ'ল অশান্ত পৰিস্থিতি । এই পৰিস্থিতিৰ মাজত মিজো আৰক্ষীৰ গুলীত ৬ গৰাকীকৈ অসম আৰক্ষীৰ (assam police) জোৱান শ্বহীদ হয় । এই ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰে (centeral government) সীমা সমস্যাক লৈ কি ভূমিকা পালন কৰে সেয়াহে লক্ষণীয় হ'ব । এই ঘটনাৰ পাছতে মৰাণৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈয়ে (chakradhar gogoi) অসম-মিজোৰামৰ সীমাৰ বিবাদ সমাধান কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (himnta biswa sarma) আহ্বান জনায় ।‌ বিধায়কজনে কয়, পুনৰ যাতে সীমা সমস্যাক লৈ এনে ঘটনা সংঘটিত নহয়, তাৰ বাবে মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মাধ্যমেৰে এই সমস্যা সমাধানৰ ব্যৱস্থা কৰিব লাগে । মিজো আৰক্ষীৰ গুলীত শ্বহীদ হোৱা আৰক্ষীসকলৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে আঘাতপ্ৰাপ্তসকলৰ আৰোগ্য কামনা কৰিছে বিধায়কজনে ।‌ লগতে বিধায়কজনে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ সীমা সমস্যা সমাধান হ'ব বুলিও আশা প্ৰকাশ কৰে ।

ABOUT THE AUTHOR

...view details