অসম

assam

ETV Bharat / videos

ঐতিহাসিক ফুলপানীছিগাৰ ঢোলশিল্প এতিয়া সংকটৰ গৰাহত

By

Published : Apr 5, 2021, 11:45 AM IST

শিৱসাগৰ জিলাৰ ঐতিহাসিক ফুলপানীছিগাৰ ঢোলশিল্প এতিয়া সংকটৰ গৰাহত ৷ আহোম স্বৰ্গদেও ৰুদ্ৰসিংহৰ ৰাজত্বকালত গঢ় লৈ উঠা এই ঢোলশিল্পই বহন কৰি আহিছে পূৰ্বৰ ঐতিহ্য ৷ ৰুদ্ৰসিংহৰ ৰাজসভাত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ঢোলশিল্প আছিল অন্যতম ৷ ৰাজসভালৈ ফুলপানীছিগাৰ পৰাই যোগান ধৰা হৈছিল ভিন্ন ধৰণৰ ঢোল ৷ সেইসময়ত গাঁওখনৰ প্ৰায়বোৰ পৰিয়াল ঢোলশিল্পৰ লগত জড়িত আছিল যদিও পৰৱৰ্তী সময়ত আন কৰ্মত মনোনিৱেশ কৰে পৰিয়াল সমূহে ৷ বৰ্তমানেও সমগ্ৰ গাঁওখনৰ ভিতৰতে প্ৰয়াত গিলাচী শইকীয়াৰ পৰিয়ালটোৱেহে অব্যাহত ৰাখিছে পূৰ্বৰ পৰম্পৰা ৷ পৰিয়ালটোৰ দুই ভাতৃ অমৃত আৰু উজ্জ্বল শইকীয়াই ধৰি ৰাখিছে এই শিল্প উদ্যোগটো ৷ সমগ্ৰ অসমৰ লগতে আমেৰিকাকে ধৰি বিভিন্ন দেশত দুই ভাতৃৰ এই শিল্পই লাভ কৰিছে সমাদৰ ৷

ABOUT THE AUTHOR

...view details