বন্যহস্তীৰ উপদ্ৰৱত খেতিয়কে কেঁচাই কাটিবলগীয়া হৈছে ধান
বিহালীত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ । বিহালীৰ ৰাংছালী, ডেকেৰা পথাৰ, নাচবৰ, আৰিভংগা, কুৰুৱাবস্তি, বৰীজুলী, বুৰৈঘাটকে আদি কৰি কুৰিৰো অধিক গাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ । দিনত চাহ বাগিচাত আৰু নিশা হ’লেই ধাননি পথাৰত অৱস্থান কৰা প্ৰায় শতাধিক বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে খেতিয়কৰ । বন্যহস্তীৰ তাণ্ডৱৰ বাবে ওৰে নিশা ৰাইজে বিনিদ্ৰ ৰজনী কটোৱাৰ বিপৰীতে কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন হৈ থকাৰ অভিযোগ উঠিছে বৰগাঙৰ বন বিভাগৰ লোকৰ বিৰুদ্ধে । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে কপালৰ ঘাম মাটি কৰি কৰা ধানসমূহ কেঁচাই কেঁচাই কাটিবলগীয়া হৈছে ।