অসম

assam

ETV Bharat / videos

বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথাৰে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে : লুৰিণ

By

Published : Mar 25, 2021, 9:49 AM IST

Updated : Mar 25, 2021, 11:03 AM IST

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ নেতাজনক লৈ দুয়োটা সমষ্টিতে ৰাইজৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ বুধবাৰে দুলীয়াজানৰ এক নিৰ্বাচনী সভাত অংশ লৈ বিজেপি দলে চৰকাৰ পুনৰ গঠন কৰিলে অসমত 'কা' আইন ৰূপায়ণ কৰা হ'ব বুলি মন্তব্য কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিণ জ্যোতি গগৈয়ে কয়, "অসম জাতীয় পৰিষদৰ চৰকাৰ গঠন হ'লে কেতিয়াও 'কা' অসমত বলৱৎ হ'বলৈ নিদিওঁ । অসমে পাব লগা সাংবিধানিক ৰক্ষা কৱচ পাব লাগিব ‌ । বিজেপিয়ে তৰল সাম্প্ৰদায়িক কথা কৈ ৰাইজৰ মাজত বিভ্ৰান্তিকৰ পৰিবেশ সৃষ্টি কৰিছে ৷ প্ৰতিখন নিৰ্বাচনী সভাতে সাম্প্ৰদায়িক কথা কৈছে ৷ কিন্তু অসমৰ ৰাইজক এই বিলাক কথাই কেতিয়াও বিচলিত কৰিব নোৱাৰে ৷" পাতল কথা কৈ বিজেপি আৰু কংগ্ৰেছে তেওঁৰ সম্পৰ্কত অপপ্ৰচাৰ চলোৱা বুলিও লুৰিণ জ্যোতি গগৈয়ে মন্তব্য কৰে ৷ লগতে তেওঁ কয় যে, ইতিমধ্যে ৰাইজে ঠিক কৰি ৰাখিছে এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ গঠন কৰিব ৷
Last Updated : Mar 25, 2021, 11:03 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details