পাঁচ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - পাঁচ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
কা' আন্দোলনত নিহত হোৱা পাঁচ শ্বহীদ ক্ৰমে দীপাঞ্জল দাস, আব্দুল আলিম, ঈশ্বৰ নায়ক, দ্বিজেন্দ্ৰ পাংগিং আৰু ছেম ষ্টেফৰ্ডক শনিবাৰে ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধেমাজি তিনিআলিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ এই কাৰ্যসূচীত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি যুগল গগৈ আৰু সম্পাদক মণ্টু কাৰ্ডং আৰু সদৰ অঞ্চলিকৰ সভাপতি ৰুবুল বৰগোঁহাই, কাৰ্যকৰী সভাপতি কমল পায়েং আদি উপস্থিত থাকে ৷ জিলা সমিতিৰ সভাপতি যুগল গগৈয়ে কা' আইন বলৱৎ কৰাৰ পৰা অসমক ৰেহাই নিদিয়া পৰ্যন্ত অসমৰ গাঁৱে চহৰে এই আন্দোলন অব্যাহত থাকিব বুলি সকিয়নী প্ৰদান কৰে ৷